মৰিয়নীত নিমখৰ পেকেটত শিশুৰ ব্যৱহাৰ কৰা পেন্ট উদ্ধাৰ

 | by NNO Correspondent  |  0
Printer-friendly version

মৰিয়নীঃ ক্ৰমাৎ বজাৰত উপলব্ধ পেকেটত থকা সামগ্ৰীৰ প্ৰতি ৰাইজৰ যেন আশা ভৰষা হেৰাবলৈ ধৰিছে৷ ৰাজ্যৰ বজাৰত সঘনাই দেখিবলৈ পোৱা গৈছে পানী বটল,শীতল পানীয় বটলত,মিঠাইত বিভিন্ন সময়ত পোক ধৰা পোৱাৰ পাছত আজি মৰিয়নীত Everyday নামৰ  নিমখৰ ১ কেজি পেকেটৰ ভিতৰত শিশুৰ ব্যৱহাৰ কৰা পেন্ট ওলোৱাক লৈ সমগ্ৰ মৰিয়নীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

প্ৰকৃততে Everyday দৰে বহু নামীদামী কোম্পানী বোৰে নিজৰ নিজৰ কোম্পানীত তৈয়াৰ কৰা সামগ্ৰী সমূহ গ্ৰাহকৰ বাবে বজাত মুকলি কৰাৰ আগত এবাৰলৈ হলেও পুনৰোক্ষন নকৰে নেকি৷ সাধাৰণ জনসাধাৰণৰ জীৱনক লৈ কিয় আৰু কাৰ আৰ্শীবাদত হেতালি খেলিছে? ISI ৰ্মাকা ব্যৱহাৰ কৰা কোম্পানীটোৱে কি পৰিৱেশত আৰু কি পদ্ধতিত গ্ৰাহকৰ বাবে খোৱা সামগ্ৰী সমূহ বজাৰত মুকলি কৰি দিছে সেয়া এতিয়া সন্দেহৰ প্ৰশ্ন হৈ উঠিছে৷ ভুক্তভোগী গ্ৰাহক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে তেওঁ অভিযোগ উথাপন কৰা কোম্পানীটোৰ বিৰুদ্ধে আইনৰ ওচৰ চাপিব৷