Home ৰাজনীতিনৱগঠিত ইউটিচিৰ দ্বাৰা প্ৰস্তাবিত বড়োলেণ্ডৰ বিৰোধিতা

নৱগঠিত ইউটিচিৰ দ্বাৰা প্ৰস্তাবিত বড়োলেণ্ডৰ বিৰোধিতা

by News Desk
70 views
A+A-
Reset

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ ভোগপুৰস্থিত আজান পীৰ ভৱনত ১ ডিচেম্বৰত ইউটিচি গঠন,  প্ৰস্তাবিত বড়োলেণ্ডৰ নামত অসম বিভাজনৰ চৰকাৰী কুচকাৱাজৰ বিৰোধিতা তথা বিটিচি চুক্তি পুনৰীক্ষন দাবীত এবিএমছু , আক্ৰাছু , কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আছা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এখন সৰ্বদলীয় সভা অনুষ্ঠিত হৈ যায়।  

এবিএমছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক মোজাম্মিল হকৰ  সভাপতিত্বত অনুষ্ঠিত সভাই ইউটিচি নামৰ এক যৌথ মঞ্চ গঠণ কৰে আৰু পৃথক বড়োলেণ্ড গঠনৰ চৰকাৰী কুচকাৱাজৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে বিটিচি চুক্তি পুনৰীক্ষণৰ দাবী তুলে সৰ্বদলীয় সভাই।  সভাত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি টাইছন হুছেইনে বিটিএডি এলেকাত হাগ্ৰামা মহিলাৰীয়ে ৰাজতন্ত্ৰ চলোৱা বুলি অভিযোগ কৰে। কলিতা জনগোষ্ঠীৰ কেন্দ্ৰীয় সম্পাদক ভাস্কৰ কলিতাই শক্তিশালী যৌথ সংগ্ৰামৰ দ্বাৰা চৰকাৰী ষড়যন্ত্ৰ উফৰাই পেলাব বুলি হুংকাৰ দিয়ে। আছাৰ বাগসা জিলা সভাপতি ৰঞ্জিত ওৰাঙে বিটিচি হোৱাৰ পৰা বিটিএডিৰ অন্যান্য জাতি জনগোষ্ঠীৰ লোক সকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে বুলি মত পোষণ কৰে। আক্ৰাছুৰ কামৰূপ জিলাৰ সভাপতি নয়ন তালুকদাৰে ঐতিহাসিক কমতাপুৰ অঞ্চলত কোনোপধ্যেই পৃথক বড়োলেণ্ড ৰাজ্য মানি  লোৱা নহ’ব বুলি সকীয়াই দিয়ে। যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি ৱাহিদুৰ ৰহমানে কয় যে যুৱ ছাত্ৰ পৰিষদে ইউটিচিৰ বিৰোধিতা কৰি যাবলৈ দৃঢ় প্ৰতিজ্ঞ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0