আহমেদাবাদঃ দেশৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্বোত্তম উন্নয়নৰ আৰ্হি হিচাপে উপস্থাপন কৰিব বিচৰা ‘গুজৰাট মডেল’ৰ আন এক শোচনীয় অৱস্থাই আজি কঁপাই তুলিলে সমগ্ৰ দেশ। মোদী-শ্বাহৰ গুজৰাটৰ উন্নয়ন বনাম দুৰাৱস্থাৰ প্ৰকৃত স্বৰূপে পুনৰ এবাৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
বুধবাৰে পুৱা বদোদৰা জিলাৰ গম্ভীৰা দলং ভাঙি পৰাৰ পিছত যেন দেশবাসীৰ সন্মুখত উন্মোচিত হৈ পৰিল ‘গুজৰাট মডেল’ৰ ভেকোঁভাওনা। প্ৰায় ৪০ বছৰীয়া দলংখনৰ এটা স্পেন ভাঙি পৰাত এখন এখনকৈ তলৰ মহীসাগৰ নদীত বাগৰি পৰে ট্ৰাক, ভ্যান আৰু গাড়ী। এই ভয়ংকৰ দুৰ্ঘটনাত কমেও ১০ জন লোক নিহত হোৱাৰ বিপৰীতে এতিয়াও নৈৰ বুকুত সন্ধানহীন হৈ আছে আন কেইবাজনো।
উল্লেখ্য যে, বদোদৰা চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ মুজাফ্ফৰপুৰ আৰু গম্ভীৰা সংযোগী মহীসাগৰ নদীৰ দলঙত পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই ঘটনা। স্থানীয় বাসিন্দাসকলৰ অভিযোগ যে বিগত ছয়-সাত বছৰে দলংখনৰ দুৰ্বল অৱস্থাৰ কথা বাৰে বাৰে প্ৰকাশ পাই অহাৰ পিছতো কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা কৰা নাছিল চৰকাৰ কিম্বা স্থানীয় প্ৰশাসনে। যাৰ পৰিণাম আজি ভুগিবলগীয়া হয় সাধাৰণ জনতাই।
ইফালে, দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰে প্ৰশাসন আৰু দুৰ্যোগ সঁহাৰি দলে। স্থানীয় বাসিন্দাসকলেও এই অনুসন্ধানত সহযোগ আগবঢ়ায়। সন্ধিয়া পৰ্যন্ত নদীখনৰ পৰা উদ্ধাৰ কৰা হয় ৯টা মৃতদেহ। কেইবাজনো লোকৰ সন্ধানত অভিযান অব্যাহত আছে। বদোদৰাৰ কালেক্টৰ অনিল ধামেলিয়াই কয় যে প্ৰাথমিক গুৰুত্ব প্ৰাণ ৰক্ষাৰ ওপৰত। পিছত নদীত পৰি যোৱা গাড়ীবোৰো ওপৰলৈ উঠোৱা হ’ব।
আনহাতে, ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি তদন্তৰ নিৰ্দেশ প্ৰদান কৰে। কিন্তু স্থানীয় ৰাইজৰ প্ৰশ্ন, দুৰ্ঘটনাটোৰ পিছত তদন্ত কৰাৰ পৰিৱৰ্তে চৰকাৰে কিয় ইমান বছৰে চকু মুদি বহি আছিল? বহুবাৰ সতৰ্কবাণী দিয়াৰ পিছতো কিয় দলংখন মেৰামতি কৰা নহ’ল সেই প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।
লক্ষ্যণীয়ভাৱে এই ঘটনাই পুনৰ এবাৰ মনত পেলাই দিছে ২০২২ চনত গুজৰাটত সংঘটিত মৰবি ওলমা দলং দুৰ্ঘটনাৰ কথা। সেই ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ১৩৫ জনকৈ লোকে। প্ৰায় দুটা দুবছৰৰ পাছত পুনৰ গুজৰাটত আন্তঃগাঁথনিগত গাফিলতিৰ বলি হ’ল সাধাৰণ জনতা। যাৰ বাবে মোদী-শ্বাহৰ গুজৰাট মডেলক লৈ পুনৰ এবাৰ ঘনীভূত হৈছে মানুহৰ সন্দেহ।
