ডিজিটেল ডেস্কঃ কানাডাৰ টৰন্ট’ত এখন চাৰিচকীয়া বাহনে পথচাৰীক মহতিয়াই নি মৃত্যুমুখত পেলোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে৷ তীব্ৰ বেগত আহি থকা এখন চলন্ত ভানে আহি পথচাৰীক খুন্দিওৱাত ১০ জন লোকৰ থিতাতে মৃত্যু হয়৷ আনহাতে অন্য ১৫ জন লোক আহত হয়৷ ঘটনাস্থলীৰ সমীপৰ দোকানত থকা এগৰাকী মহিলাই ঘটনাৰ চাক্ষুস বৰ্ণনা দিয়ে আৰক্ষীৰ আগত৷ সোমবাৰে ইয়ংগো ষ্ট্ৰীট আৰু ফিন্স এভিনিউৰ স্থানীয় সময় দিনৰ ডেৰ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভৰ তদন্তৰত দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব বুলি কয়৷ বৰ্তমান ঘটনাস্থলিৰ পথটো আৰক্ষীয়ে পথচাৰীৰ বাবে নিষিদ্ধ কৰি ৰাখিছে৷