newsnextone.com ।। টীয়কঃ যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানা সমিতিৰ সৌজন্যত আৰু টীয়ক সোণাৰী গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় হৰিনাৰায়ন বৰুৱাৰ ৪৯ তম্ স্মৃতি দিৱস  বৃহস্পতিবাৰে  টীয়ক  সোণাৰী গাঁৱৰ ৰেণু বৰা প্ৰেক্ষাগৃহত  অনুষ্ঠিত  হৈ  যায়।

এই উপলক্ষ্যত পুৱা পতাকা উত্তোলন কৰে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত বৰাই । টীয়ক আৰক্ষী থানা সমিতিৰ সভাপতি ৰত্নেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে মৰিয়নী চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱে ।

কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অশোক বৰা, বিশিষ্ট চিকিৎসক ডাঃ ভক্তিময় ভট্টাচাৰ্য, টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠক, জিলা উপ আৰক্ষী অধীক্ষক ইন্দ্ৰকান্ত চেতিয়া, যোৰহাট সদৰ আৰক্ষী বিষয়া হেমেন দাসকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে মুকলি সভাত টীয়ক আৰক্ষী থানা সমিতিৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীৰ বিষয়ববীয়াৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে ।