ডিজিটেল ৰিপ'ৰ্টঃ মহানগৰীৰ শিক্ষাৰ্থীক ম্লান পেলাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলি উঠিল গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থী। পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত, যোগাযোগ তথা অন্যান্য ক্ষেত্ৰত অৱহেলিত গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীসকলে কলা আৰু বিজ্ঞান এই দুয়োটা শাখাতে আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে।
ইয়াৰ বিপৰীতে মেধাৱী শিক্ষাৰ্থীৰে ভৰি থকা ৰাজ্যৰ আগশাৰীৰ কটন মহাবিদ্যালয়ৰ মাত্ৰ দুগৰাকী শিক্ষাৰ্থীয়েহে স্থান লাভ কৰিবলৈ সমৰ্থ হয়। সততে বিতৰ্কত থকা মহাবিদ্যালয়খনৰ মান যে অৱনমিত হৈছে সেয়া আজিৰ ফলাফলে পুনৰ প্ৰতিপন্ন কৰা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।
ইফালে আজি ঘোষিত ফলাফলত নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ ৭গৰাকী আৰু ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ ১৩গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। মফচলীয় চহৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীয়েও ৩টা স্থানেৰে নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে।
একেদৰে দৰং আৰু ওদালগুৰি জিলাৰ ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ্থীয়েও স্থান লাভ কৰি নিজ নিজ শিক্ষানুষ্ঠানসমূহলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। ধুবুৰী জিলাৰ শিক্ষাৰ্থীয়েও তালিকাত স্থান লাভ কৰিছে। তালিকাত স্থান লাভ কৰিছে যোৰহাট, বঙাইগাঁও, লখিমপুৰ, বৰপেটাৰো কেবাগৰাকী শিক্ষাৰ্থীয়ে।
উল্লখ্য যে বিগত তিনিবছৰ ধাৰাবাহিকভাৱে স্থান দখল কৰা মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত অসম জাতীয় বিদ্যালয়ৰ এগৰাকীও শিক্ষাৰ্থীয়ে এইবাৰ স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।
গ্ৰামাঞ্চল আৰু মফচলীয় চহৰসমূহৰ এনে সফলতাৰ বিপৰীতে বাণিজ্য শাখাত মহানগৰীৰ একমাত্ৰ কে চি দাস কমাৰ্চ কলেজেহে উন্নত প্ৰদৰ্শন দাঙি ধৰে। মহাবিদ্যালয়খনৰ মুঠ ৮গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰে। আশ্চৰ্যজনকভাৱে এইবাৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ে এটিও স্থান দখল কৰিবলৈ সমৰ্থ নহ’ল। মহাবিদ্যালয়খনৰ সামগ্ৰিক ফলাফলো আশাব্যঞ্জক নহয় বুলি জানিব পৰা গৈছে।