Home ৰাজ্যৰাহুল গান্ধী জগৰীয়া নেকি পাইকানৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে? উচ্ছেদক লৈ কংগ্ৰেছ-বিজেপিৰ প্ৰচণ্ড ৰাজনীতি

ৰাহুল গান্ধী জগৰীয়া নেকি পাইকানৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে? উচ্ছেদক লৈ কংগ্ৰেছ-বিজেপিৰ প্ৰচণ্ড ৰাজনীতি

by News Next One
A+A-
Reset

গুৱাহাটীঃ কালি অসমলৈ আহি গৈছিল ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। এদিনীয়া ভ্ৰমণৰ সময়ত গোৱালপাৰা, ধুবুৰীত চলি থকা উচ্ছেদক লৈ উদ্বেগ ব্যক্ত কৰিছিল দুয়োগৰাকী শীৰ্ষ নেতাই। প্ৰতিশ্ৰুতি দিছিল ক্ষমতালৈ আহিলেই সেই উচ্ছিদতসকলক নতুনকৈ ঘৰ-মাটি প্ৰদান প্ৰদান কৰিব কংগ্ৰেছে। কাকতালীয়ভাৱে তাৰ পিছতে গোৱালপাৰাৰ উচ্ছেদস্থলীত সংঘটিত এক অশান্ত ঘটনাই এতিয়া ৰাহুল-খাৰ্গেৰ গাত শেল বিন্ধাবলৈ সুযোগ দিলে বিজেপিক।

শান্তিপূৰ্ণভাৱে ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে গোৱালপাৰাত নামিল অশান্তিৰ বানাহ। আৰক্ষী-প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে হঠাৎ যেন চৰম পৰ্যায়ত উপনীত হয় উচ্ছেদিতৰ ক্ষোভ। চৰকাৰৰ এই উচ্ছেদ অ-সাংবিধানিক বুলি পূৰ্বৰে পৰাই বিভিন্নজনে কৰি অহা দাবী আৰু অভিযোগৰ মাজতে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে উচ্ছেদিত সংখ্যালঘু জনতা। স্বাভাৱিকভাৱেই পৰিণাম হ’ল ভয়াবহ। উচ্ছেদিতক ৰুধিবলৈ বন্দুক টোঁৱাই থিয় হয় আৰক্ষীৰ দল। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত গুলীচালনাও কৰে আৰক্ষীয়ে। যাৰ ফলত এজন উচ্ছেদিত যুৱকৰ থিতাতে মৃত্যু ঘটে। গুলীবিদ্ধ হৈছে আন বহুকেইজনো। একে সময়তে উচ্ছেদিত উন্মত্ত লোকৰ শিলাক্ৰমণ, ইটাক্ৰমণত আহত হয় ডজনৰো অধিক আৰক্ষী জোৱানো। মুখ্যমন্ত্ৰীৰ মতে, সেই আক্ৰমণত আহত হয় ২১ জন সাহসী আৰক্ষী জোৱান।

দৰাচলতে, শনিবাৰৰ পৰা গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে। এই অভিযানত ১৪০ হেক্টৰ বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ কৰা হয়। যোৱা ১০ জুলাইৰ ভিতৰত এই জাননী পোৱাৰ পিছতেই অধিকাংশ পৰিয়ালে স্বেচ্ছাই অঞ্চলটো এৰি থৈ যায়। কিন্তু বৃহস্পতিবাৰে পুৱা আৰক্ষী আৰু বন বিভাগৰ দলে কিছু বাকী থকা কাঠামো ভাঙি বনাঞ্চলত গছপুলি ৰোপণ আৰম্ভ কৰাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় সূত্ৰ আৰু আৰক্ষীয়ে জনোৱা মতে, তম্বু বা অস্থায়ী আশ্ৰয় শিবিৰত থকা স্থানচ্যুত বাসিন্দাসকলে যুটীয়া দলটোক লাঠি আৰু শিলেৰে আক্ৰমণ কৰে। এই আকস্মিক আক্ৰমণত তধবধ হেৰুওৱা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপায়ন্তৰ হৈ গুলীচালনা কৰিবলৈ বাধ্য হয়।

এই সংঘৰ্ষত গুলীৰ আঘাতত এজন লোকৰ মৃত্যু হয়। নিহত লোকজনৰ পৰিচয় শ্বাকোৱাত হুছেইন বুলি জানিবলৈ দিছে আৰক্ষীয়ে। তদুপৰি গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা আন দুজন লোকক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই সংঘৰ্ষত ২১ জন আৰক্ষী আৰু বনকৰ্মীও আহত হয়। আহত সকলৰ কেইবাজনো হাস্পতালত চিকিৎসাধীন হৈ আছে এই মুহূৰ্তত।

বন বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, “আজি পুৱা যৌথ দলটোৱে পাইকানলৈ গৈছিল কিছু বাকী থকা কাঠামো আঁতৰাবলৈ। কিন্তু যোৱা সপ্তাহত ঘৰ ভঙাৰ পিছত অস্থায়ী তম্বুত বাস কৰা উচ্ছেদিত লোকৰ ভিৰটোৱে আমাক লাঠি আৰু শিলেৰে আক্ৰমণ কৰে। প্ৰত্যুত্তৰ দি আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়।”

আজি পুৱাৰ উচ্ছেদ অভিযানৰ আৰম্ভণিয়েই হৈ পৰিছিল উত্তেজনাপূৰ্ণ। বন বিভাগ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে বুলড’জাৰ আৰু অন্যান্য সামগ্ৰীৰ ওপৰত আৰম্ভ হৈছিল শিলাক্ৰমণ। বন বিভাগে কয় যে তেওঁলোকৰ বৃহত্তৰ পৰিকল্পনা হৈছে উচ্ছেদ কৰা ভূমিত ব্যাপক গছপুলি ৰোপণৰ অভিযান আৰম্ভ কৰি বনাঞ্চলৰ ভূমি পুনৰুদ্ধাৰ কৰা। বন বিভাগৰ তথ্য অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলৰ ৭১০ হেক্টৰৰ ভিতৰত প্ৰায় ১৪০ হেক্টৰ মাটি বিগত ২৫ বছৰ ধৰি অবৈধভাৱে দখল কৰি আহিছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, মূলতঃ পূব পাকিস্তানী মূলৰ লোকসকলে পূৰ্বে বাস কৰিছিল নামনি অসমৰ দক্ষিণ শালমৰা, মানকাচৰ আৰু বৰপেটাৰ দৰে নদীৰ পাৰৰ চৰাঞ্চলত। কিন্তু লাহে লাহে তেওঁলোকে পাইকানৰ চৰকাৰী ভূমিত নিজৰ শিপা শক্তিশালী কৰিবলৈ আৰম্ভ কৰে।

উচ্ছেদিত পৰিয়ালসমূহৰ দাবী অনুসৰি, পাইকানত দশক দশক ধৰি বাস কৰি আহিছে তেওঁলোকে। যদিও তেওঁলোকৰ বসতিক্ষেত্ৰক ৰাজহ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা হোৱা নাই, তথাপিও কৰ্তৃপক্ষই পূৰ্বে বিদ্যালয় আৰু খোৱাপানী প্ৰকল্পৰ অনুমতি দিছিল। আনকি নিৰ্মাণ কৰা হৈছিল ৮টা মছজিদো। এতিয়া উচ্ছেদৰ সময়ত সেই মছজিদসমূহৰ লগতে ৯৪৫টা পকী আৰু ১৬২০টা কেঁচা ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে।

মন কৰিবলগীয়া কথাটো হ’ল- পাইকানৰ এই উত্তেজনাৰ মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে ‘ভূমিৰ অধিকাৰ’ক ’২৬ৰ ইছ্যু হিচাপে লৈ ছয়গাঁৱত সৰৱ হৈ পৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী। প্ৰতিশ্ৰুতি দিছিল দুয়োজনে যে কংগ্ৰেছ আহিলে এই উচ্ছেদিতসকলক মাটি আৰু ঘৰ বনাই দিয়া হ’ব। অসমৰ ৰাজনীতিয়েও বিগত সময় ধৰি চৰ্চাত ৰাখিছে এই উচ্ছেদ অভিযানক। কংগ্ৰেছৰ নেতা-বিধায়কে দিনে-নিশাই বিৰোধিতা কৰি আছে উচ্ছেদৰ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও উচ্ছেদিত মহিলাক সাৱট মাৰি, ‘দুৰ্ভগীয়া’ উচ্ছেদিতৰ ব্যাথাৰ গীত শুনি হুংকাৰ তুলিছে- ‘মাটি আমি ল’মেই’।

বিৰোধীৰ এই প্ৰতিবাদ আৰু অসন্তুষ্টিৰ আঁৰত আছে মাটি বেদখল মুক্ত কৰাৰ পিছৰ ৰহস্য। চৰ্চা অনুসৰি উচ্ছেদিত ভূমি আদানি-আম্বানিৰ দৰে পুঁজিপতিৰ প্ৰকল্পৰ বাবে আগবঢ়াবলৈ প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। দাবী অনুসৰি পাইকানৰ উচ্ছেদিত ভূমিত নিৰ্মাণ হ’ব আদানিৰ শক্তি প্ৰকল্প। থলুৱা, অসমৰ স্থায়ী বাসিন্দাক উচ্ছেদ কৰি পুঁজিপতিক বৰপীৰা পাৰি দিব খোজা চৰকাৰখনৰ বিৰুদ্ধে সেয়ে সোচ্চাৰ হৈ আছে বিৰোধী ৰাজনৈতিক দল আৰু আন আন সংগঠন।

অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে, খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই প্ৰয়োজনীয় এই ব্যাপক উচ্ছেদ অভিযান। ভূমি বেদখল কৰি বসবাস কৰি অহা এই সংখ্যালঘু লোকসকল মূলতে বাংলাদেশী বুলিও পাকে-প্ৰকাৰে প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰী আৰু বিজেপি দলে।

আজি পাইকানত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতি আৰু এজনৰ মৃত্যু প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। এই অপ্ৰীতিকৰ ঘটনাৰ বাবে মূলতেঃ তেওঁ জগৰীয়া কৰে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণক। ফেচবুকত তেওঁ লিখিছে, ”ৰাহুল গান্ধী কালি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ’ল। তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বলপূৰ্বক বেদখল কৰিবলৈ চেষ্টা চলাই থকা সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰি এচামে আমাৰ আৰক্ষী আৰু বনকৰ্মীসকলক আক্ৰমণ কৰে। কৰ্তব্যৰত অৱস্থাত ২১জন সাহসী আৰক্ষী বিষয়া আৰু বনৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বিকল্প ব্যৱস্থা নোহোৱাৰ হেতু আৰক্ষীয়ে পৰিস্থিতি পুনৰুদ্ধাৰ কৰিবলৈ গুলীচালনা কৰিব লগা হৈছিল, যাৰ ফলত এজন বেদখলকাৰীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিল। এয়া হৈছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম। তেওঁৰ দায়িত্বজ্ঞানহীন বক্তব্যই আমাৰ ৰাজ্যৰ সমাজ জীৱনক পোনপটীয়াকৈ ব্যাঘাত জন্মাইছে আৰু শান্তি বিঘ্নিত কৰিছে। অসমৰ ৰাইজে এই বিশ্বাসঘাতকতাক কাহানিও নাপাহৰে বা ক্ষমা নকৰে।’’

একেই স্থিতি গ্ৰহণ কৰি ৰাহুল গান্ধীৰ ওপৰতে সমগ্ৰ দোষ জাপি দিবলৈ চেষ্টা কৰিছে বিধায়ক মানৱ ডেকা, মন্ত্ৰী পীযুষ হাজৰিকা আদিয়েও। মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাইও পাইকান ঘটনা ৰাহুল গান্ধীৰ উচটনিৰ পৰিণাম বুলিয়েই দাবী কৰে। মুঠতে আজি সংঘটিত উচ্ছেদস্থলীৰ অশান্ত ঘটনাৰ দায় সাৰিবলৈ এটা অচিলা বিচাৰি লোৱা দেখা গৈছে বিজেপি আৰু সহযোগী মিত্ৰদলক।

উচ্ছেদক লৈ ৰাজনীতি ইতিমধ্যেই আৰম্ভ হৈছে ৰাজ্যত। লক্ষ্য ২০২৬ৰ বিধানসভা নিৰ্বাচন। উচ্ছেদৰ শ্ৰেয় মুখ্যমন্ত্ৰীক প্ৰদান কৰি জিলাই জিলাই বিজেপিয়ে বাহিৰ কৰিছে ‘ধন্যবাদ কাৰ্যসূচী’। দেশপ্ৰেম বনাম বাংলাদেশী সজাই সমগ্ৰ উচ্ছেদ অভিযানক ‘২৬ৰ হিন্দুত্ববাদী ভোট লাভৰ ‘চুম্বক’ হিচাপে উপস্থাপন কৰাত কোনো ধৰণৰ ক্ৰুটি ৰখা নাই বিজেপিয়ে।

পিছ পৰি ৰোৱা নাই বিৰোধীও। অখিল গগৈয়ে গোৱালপাৰা, ধুবুৰী ভ্ৰমণ কৰি উচ্ছেদিতৰ সুখ-দুখৰ বুজ লৈছে, বুকুৰ মাজত সাৱটি লৈ সমবেদনা জ্ঞাপন কৰিছে। উচ্ছেদিত সংখ্যালঘুসকলক পুনৰ সংস্থাপন আৰু মাটি ঘূৰাই দিয়াৰ দাবীও সজোৰে উত্থাপন কৰিছে। একেদৰে কংগ্ৰেছেও উচ্ছেদক নিৰ্বাচনী হাথিয়াৰ হিচাপে লৈ সাজু হৈছে বিধানসভা নিৰ্বাচনৰ যুঁজলৈ। ‘যুঁজ এখন হ’ব’ শ্লোগানেৰে গৌৰৱ গগৈৰ নেতৃত্বত এইবাৰ কংগ্ৰেছে সংখ্যালঘু সম্প্ৰদায়ৰ সহমৰ্মিতা আদায়ৰ পূৰ্ণ প্ৰয়াস চলাই গৈছে। কালি খাৰ্গে, ৰাহুল গান্ধীয়েও দি গ’ল তাৰেই ইংগিত।

পাইকানৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে আজি মৃত্যু ঘটা শ্বাকোৱাত হুছেইনৰ জানাজা সম্পন্ন হয় বিয়লি। এই জানাজাত ভাগ লয় কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনেও। উচ্ছেদিতৰ কাষত থিয় দিয়াৰ এয়াও এক নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0