জালুকবাৰীঃ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে জনমত (Vox Populi) নামৰ ফেচবুক গ্ৰুপটো। গ্ৰুপটোৰ জৰিয়তে সমাজত বিভেদ সৃষ্টি কৰিবলৈ একাংশ লোকে অহৰহ অপচেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে উচটনিমূলক পোষ্ট আপলোড কৰে দেৰগাঁৱৰ এজন যুৱকে।

ব্যাপক গণহত্যা সংঘটিত কৰাৰ ভাবুকি প্ৰদান কৰি নিজৰ টাইমলাইনৰ লগতে গ্ৰুপটোত আপলোড কৰা উক্ত পোষ্টটোত সাম্প্ৰদায়িক মন্তব্য দিছিল গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত দাধৰা গাঁৱৰ প্ৰণৱ বৰদলৈ নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে।

"অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে সমগ্ৰ অসমতেই হওঁক নেলী ৰ দৰে হত্যাকাণ্ড৷ বৰং পূৰ্বতকৈও অধিক ভয়াবহ ৰূপত৷"-৮ আগষ্টত এইদৰে পোষ্ট আপলোড কৰাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়।

ফেচবুকৰ জৰিয়তে গণহত্যা সংঘটিত কৰিবলৈ এনেদৰে মুকলিকৈ আহ্বান জনোৱা বিতৰ্কিত পোষ্টটো সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত ৯ আগষ্টত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মুক্ত সাংবাদিক আশ্ৰাফুল হুছেইনে।

উক্ত এজাহাৰৰ ভিত্তিত দেৰগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰণৱ বৰদলৈ নামৰ এজন যুৱকক। গ্ৰেপ্তাৰৰ পিছতে যুৱকজনক গুৱাহাটীলৈ আনি আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ নিৰ্দেশ মৰ্মে ১৪ দিনৰ ন্যায়িক জিম্মাত গুৱাহাটী কেন্দ্ৰীয় কৰাগাৰলৈ প্ৰেৰণ কৰা হয় অভিযুক্ত প্ৰণৱক। উল্লেখ্য যে ফেচবুকত বিতৰ্কিত পোষ্ট আপলোড কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেবাজনো লোকে ইতিমধ্যে জেলৰ ভাত খাবলগীয়াত পৰিছে।