জালুকবাৰীঃ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে জনমত (Vox Populi) নামৰ ফেচবুক গ্ৰুপটো। গ্ৰুপটোৰ জৰিয়তে সমাজত বিভেদ সৃষ্টি কৰিবলৈ একাংশ লোকে অহৰহ অপচেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে উচটনিমূলক পোষ্ট আপলোড কৰে দেৰগাঁৱৰ এজন যুৱকে।
ব্যাপক গণহত্যা সংঘটিত কৰাৰ ভাবুকি প্ৰদান কৰি নিজৰ টাইমলাইনৰ লগতে গ্ৰুপটোত আপলোড কৰা উক্ত পোষ্টটোত সাম্প্ৰদায়িক মন্তব্য দিছিল গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত দাধৰা গাঁৱৰ প্ৰণৱ বৰদলৈ নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে।