newsnextone.com | ডিজিটেল ডেস্কঃ ব্যক্তি স্বাধীনতা খৰ্ব, পাৰিবাৰিক অশান্তি আদিৰ দৰে কাৰণৰ বাবে বিবাহিত পুৰুষ মহিলাই বিবাহ বিচ্ছেদৰ দৰে পথ বাচি লয় আৰু বহু ক্ষেত্ৰত এই প্ৰক্ৰিয়াই আদালতৰ মজিয়া পায়গৈ৷ সাধাৰণতে আদালতে শুনানি গ্ৰহণ কৰাৰ পিছতে বিবাহ বিচ্ছেদ সংক্ৰান্তীয় সিদ্ধান্ত গ্ৰহণ কৰে৷

কিন্তু চীনৰ আদালতে বিবাহ বিচ্ছেদৰ শুনানি গ্ৰহণ কৰাৰ সমান্তৰালকৈ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা দম্পতিৰ এক পৰীক্ষাও অনুষ্ঠিত কৰিব৷ যদি আবেদনকাৰী পৰীক্ষাত উত্তীৰ্ণ হয়, তেন্তে হয়তো আদালতে বিবাহ বিচ্ছেদ কৰাৰ পৰিৱৰ্তে পতি-পত্নীক নতুনকৈ যুগ্ম জীৱনৰ আৰম্ভণিৰ বাবে উৎসাহিত কৰিব৷

শুনি আচৰিত যেন লাগিলেও এনে নীতি প্ৰৱৰ্তন কৰা হৈছে চীনত৷ ইতিমধ্যে ৰাষ্ট্ৰখনৰ কেইবাখনো আদালতে এই নীতি অৱলম্বন কৰিছে৷ চীনৰ কিছু কিছু অঞ্চলত বিবাহ বিচ্ছেদ কৰিব বিচৰা দম্পতিক স্থানীয় অধিকাৰীয়ে কেতবোৰ প্ৰশ্ন সোধাৰ বাবে অনুমতিও প্ৰদান কৰা হৈছে৷

চীনত ক্ৰমাগত ভাৱে বৃদ্ধি হৈ অহা বিবাহ বিচ্ছেদৰ ঘটনা প্ৰতিৰোধ কৰাৰ অৰ্থেই চীনৰ আদালতে এনে নতুন নীতি অৱলম্বন কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, বিবাহ বিচ্ছেদৰ পূৰ্বে দম্পতিয়ে অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ পদ্ধতি স্কুলীয়া পৰীক্ষাৰ পদ্ধতিৰ দৰেই হ’ব৷ প্ৰশ্নকাককত খালী ঠাই পূৰণ কৰা, লঘু প্ৰশ্ন আৰু দীঘল প্ৰশ্ন সোধা হ’ব৷

চীন অধিকাৰীয়ে জনোৱা মতে দম্পতিৰ বাবে যুগুত কৰা প্ৰশ্ন কাকতত মুঠ ১৫ টা প্ৰশ্নত ১০০ নম্বৰ থাকিব৷ যদি দম্পত্তিয়ে ১০০ৰ ভিতৰ ৬০ নম্বৰ লাভ কৰে, তেন্তে আদালতে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদন নামঞ্জুৰ কৰাৰ সম্ভাৱনা থাকিব৷ আদালতে তেনে দম্পতিক একেলগে থকাৰ পৰামৰ্শ প্ৰদান কৰিব৷

পৰীক্ষাত পতি-পত্নীৰ জন্ম দিন, প্ৰিয় খাদ্য আদিৰ সৈতে জড়িত প্ৰশ্ন সোধা হ’ব৷ দম্পত্তিয়ে যদি এনেবোৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে, তেন্তে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদন নাকচ হ’ব পাৰে আথৱা বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া দীৰ্ঘকালীন কৰি একেলগে থকাৰ পৰামৰ্শ প্ৰদান কৰা হ’ব৷

আনহাতে প্ৰশ্ন কাকতত কেতবোৰ সাংসাৰিক যেনে ‘আপোনাৰ বিবাহ বাৰ্ষিকী কেতিয়া’ আদিৰ দৰে প্ৰশ্ন সোধা হ’ব৷ তদুপৰি ‘আপুনি আপোনাৰ পৰিয়ালটোৰ সঠিক দায়িত্ব পালন কৰিছিল নে’ আদি ধৰণৰ পাৰিবাৰিক প্ৰশ্নও প্ৰশ্ন কাকতত অন্তৰ্ভূক্ত হ’ব৷

চীনৰ বিষয়-ববীয়াই কয় যে এনে পৰীক্ষাৰে পতি-পত্নীয়ে একেলগে পাৰ কৰা সুখৰ মূহুৰ্ত সমূহ ৰোমন্থন কৰিবলৈ সক্ষম হ’ব৷ ইয়ে তেওঁলোকৰ মনৰ পৰা বিবাহ বিচ্ছেদৰ ইচ্ছা মচি পেলাব৷

আনহাতে বিষয়-ববীয়াই কয় যে, এই পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ পিছতো যদি কোনো দম্পতিয়ে বিবাদ বিচ্ছেদ কৰিব বিচাৰে, তেন্তে তেওঁলোকক সন্মতি প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে, চীনৰ চৰকাৰে পূৰ্বেও নতুন নতুন নীতি প্ৰৱৰ্তন কৰি চীনৰ ধৰ্ম তথা গৰ্ভাৱস্থা সহ বহু সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছে৷

চীনৰ এক সংবাদ মাধ্যমে নাগৰিক মন্ত্ৰণালয়ৰ এক বিবৃতি উল্লেখ কৰি কয় যে ২০০৭ চনৰ প্ৰথম ৬ মাহত চীনত প্ৰায় ২০ লাখ বিবাহ বিচ্ছেদৰ ঘটনা সংঘটিত হৈছে৷ অৰ্থাৎ ২০১৬ চনতকৈ পিছৰ বৰ্ষত ১১ শতাংশ বেছি বিবাহ বিচ্ছেদ ঘটিছে৷

সংবাদ মাধ্যমৰ মতে বিগত বৰ্ষত দেশৰ ৩ শতাংশ বিবাহত পুৰুষ-মহিলাই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল৷ এই পৰিসংখ্যা ২০০২ চনত মাত্ৰ ১ শতাংশ আছিল৷