newsnextone.com | ডিজিটেল ডেস্কঃ ব্যক্তি স্বাধীনতা খৰ্ব, পাৰিবাৰিক অশান্তি আদিৰ দৰে কাৰণৰ বাবে বিবাহিত পুৰুষ মহিলাই বিবাহ বিচ্ছেদৰ দৰে পথ বাচি লয় আৰু বহু ক্ষেত্ৰত এই প্ৰক্ৰিয়াই আদালতৰ মজিয়া পায়গৈ৷ সাধাৰণতে আদালতে শুনানি গ্ৰহণ কৰাৰ পিছতে বিবাহ বিচ্ছেদ সংক্ৰান্তীয় সিদ্ধান্ত গ্ৰহণ কৰে৷
কিন্তু চীনৰ আদালতে বিবাহ বিচ্ছেদৰ শুনানি গ্ৰহণ কৰাৰ সমান্তৰালকৈ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা দম্পতিৰ এক পৰীক্ষাও অনুষ্ঠিত কৰিব৷ যদি আবেদনকাৰী পৰীক্ষাত উত্তীৰ্ণ হয়, তেন্তে হয়তো আদালতে বিবাহ বিচ্ছেদ কৰাৰ পৰিৱৰ্তে পতি-পত্নীক নতুনকৈ যুগ্ম জীৱনৰ আৰম্ভণিৰ বাবে উৎসাহিত কৰিব৷