ডিব্ৰুগড়ঃ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ৰেফাৰী হিচাপে নিৰ্বাচিত হৈছে ডিব্ৰুগড়ৰ এজন ক্ৰীড়াবিদ।ডিব্ৰুগড়ৰ ৱাজিৰ বিন কুটুব নামৰ এজন ব্যক্তিয়ে আনিছে এই সুখবৰ।
ডিব্ৰুগড় চহৰৰ গ্ৰেহাম বজাৰ অঞ্চলৰ বাসিন্দা ৱাজিৰ বিন কুটুৱে আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে।
কুটুবৰ লগতে মাৰ্ঘেৰিটাৰ পায়েল চুব্বা নামৰ এগৰাকী মহিলায়ো এই খেলৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।
উল্লেখ্য যে পায়েল চুব্বা আৰু ৱাজিৱ বিন কুটুৱেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা স্বীকৃতি লাভ কৰা বক্সিঙৰ প্ৰথম আন্তৰাষ্ট্ৰীয় ৰেফাৰী।