newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত ৰেল পথ অৱৰোধ কৰি অসমৰ বঙালীক অসমৰ পৰা বিতাৰণ নকৰিবলৈ দাবী জনায়। অসমৰ এনআৰচিৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ পিছতে মাতুয়া নামৰ সংগঠনটোৱে প্ৰতিবাদ জনায়। পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱাই বিভিন্ন ৰেল ষ্টেচনত ৰেল পথ অৱৰোধ কৰে মাতুয়া সংগঠনৰ নেতা-কৰ্মী আৰু সমৰ্থকে।
মেন লাইন, বনগাঁও, হাচানবাদত ৰেল পথ অৱৰোধ কৰাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী ৰেলৰ ভিতৰতে আবদ্ধ হৈ পৰে। বৰষুণ দি থকাৰ মাজতে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল শ্ল’গান প্ৰদান কৰে।