ডিজিটেল ডেক্সঃ ৰাম নৱমীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি পশ্চিমবংগৰ আছানছোলত সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত ৰাজনৈতিক দলসমূহে বোকা ছটিওৱা ৰাজনীতিত লিপ্ত হোৱা দেখা যায়৷ কেৱল ভোটৰ স্বাৰ্থত সমাজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰি পেলাই ৰাজনৈতিক দলৰ নেতাসকলে৷
যিটো সময়ত পশ্চিম বংগত একাংশ কট্টৰ সংগঠনে হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল সেই সময়ত এগৰাকী ইমামৰ সামাজিক দায়িত্ববোধে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
ইমামগৰাকীৰ পুত্ৰই কোৰাণ পঢ়ি থকা অৱস্থাত ৰাস্তাত হৈ হাল্লা হোৱাত ঘৰৰ পৰা দৌৰ মাৰি ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থাকে আৰু ২৪ ঘন্টা পিছত আছানছোলৰ জিলা চিকিৎসালয়ত পুত্ৰৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয়৷ আছানছোলৰ নুৰানী মছজিদৰ ইমামৰ ১৬ বছৰীয়া পুত্ৰ চবকাতুল্লাৰ মৃতদেহ অন্তিম যাত্ৰাৰ সময়ত কেইবা হাজাৰ লোক সমবেত হয়৷ সেই সময়ত একাংশ লোক উত্তেজিত হৈ পৰে আৰু হিংসাত লিপ্ত হোৱাৰ বাবে উদ্যত হয়৷
ইমামগৰাকীয়ে সেই সময়ত কাতৰ অনুৰোধ জনাই কয়, মোৰ পুত্ৰক মই হেৰুৱালো...। যদি তোমালোকে মোক ভাল পোৱা, তেন্তে সংযত হৈ থাকা। কাকো ক্ষতি নকৰিবা।
এইবাৰ মেট্ৰিক পৰীক্ষাত অবতীৰ্ণ হৈছিল ১৬ বছৰীয়া আছানছোলৰ মছজিদৰ ইমাম মৌলানা মহম্মদ ইমদাদুল ৰশ্বিদিৰ পুত্ৰই৷ পুত্ৰ মৃতদেহ জানাজাৰ বাবে উপস্থিত হোৱা হাজাৰ হাজাৰ লোকে হঠাৎ উত্তেজিত হৈ পৰে৷ তাৰ পাছতেই কবৰস্থানৰ পৰা সকলোকে সংযম আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় ইমামগৰাকীয়ে।
মৌলানা ৰশ্বিদিয়ে ৩০ বছৰ ধৰি ইমাম হিচাপে থকা মছজিদৰ চান্দমাৰি-ৰে’লপাৰ এলেকাটোত উত্তেজনা অব্যাহত থকাৰ সময়তে তেওৰ পুত্ৰক হত্যা কৰা হৈছিল৷ মঙলবাৰৰ বিয়লিৰে পৰা ১৬ বছৰীয়া কিশোৰজন সন্ধানহীন হৈ আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে আৰক্ষীক কোৱা মতে, পাৰ হৈ যোৱা ৰাম নৱমীৰ শুভাযাত্ৰাত হুলস্থূল দেখি কি হৈছে চাবলৈ যাওতে কিশোৰজনক দুৰ্বৃত্তই টানি লৈ যায়।
তেওঁৰ মৃতদেহ বুধবাৰে নিশা উদ্ধাৰ হয়৷ বৃহস্পতিবাৰে চিনাক্ত কৰা হয় মৃতদেহটো। কিশোৰজনৰ জানাজাৰ সময়ত কবৰস্থানত শ-শ মুছলমান সম্প্ৰদায়ৰ লোক সমৱেত হয়। তেওঁলোকৰ মজত দেখা দিয়া ক্ষোভ আৰু খঙৰ উমান পাই মৌলানা ৰশ্বিদিয়ে সকলোকে সংযত হ’বলৈ আহ্বান জনোৱাৰ ফলত বৃহৎ সংঘৰ্ষৰ পৰা ৰক্ষা কৰে অঞ্চলটো৷ ফলত সংবাদ শিৰোনাম দখল কৰে ইমামগৰাকীয়ে।