82
অকলেণ্ডঃ এক মৰ্মান্তিক দৃশ্য। স্থান নিউজীলেণ্ডৰ উপকূলীয় অঞ্চল৷ যোৱা শুকুৰবাৰৰ পুৱাৰেপৰা আৰম্ভ হোৱা অস্বাভাৱিক পৰিৱেশে হৃদয় কপাই তুলিছে দেশখনৰ হাজাৰজনৰ৷ প্ৰতিদিনে শ শ তিমি সাগৰৰ পানীৰপৰা উটি আহি আৱদ্ধ হৈ পৰিছে নিউজীলেণ্ডৰ উপকূলসমূহত৷
দ্বীপৰাষ্ট্ৰখনৰ চৰকাৰী সূত্ৰই সদৰী কৰা মতে, পুৱা ৪১৬ টা তিমি উপকূলৰ অগভীৰ পানীৰপৰা বামলৈ উঠি অহাতো প্ৰত্যক্ষ কৰা হৈছিল৷ লগে লগে আৰম্ভ হয় উদ্ধাৰকাৰ্য৷