গুৱাহাটীঃ অসম কংগ্ৰেছৰ ৰাজনৈতিক ‘মঞ্চ’ত সোমবাৰে পুৱাৰ ভাগত যি হাই-ভল্টেজ ড্ৰামা মঞ্চস্থ হ’ল, তাক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। বহুতেই মন্তব্য কৰিছে যে এয়া কেবল এজন ক্ষুব্ধ নেতাৰ আৱেগৰ বিস্ফোৰণ নহয়, বৰঞ্চ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী শিবিৰত অব্যাহত থকা এক গভীৰ খহনীয়াৰহে প্ৰতিচ্ছবি। পুৱা ৮ বজাত দিল্লীলৈ যোৱা ভূপেন বৰাৰ এটি ইমেইলে প্ৰমাণ কৰিলে যে কংগ্ৰেছৰ হাইকমাণ্ড আৰু তৃণমূল স্তৰৰ মাজৰ সংযোগ সূত্ৰডাল তেনেই থুনুকা হৈ পৰিছে। ৩২ বছৰে দলক সেৱা কৰা এজন নেতাই যেতিয়া নিজৰ পদত্যাগ পত্ৰত ‘অৱহেলা’ আৰু ‘উপযুক্ত মৰ্যাদাৰ অভাৱ’ৰ দৰে শব্দৰ প্ৰয়োগ কৰে, তেতিয়া বুজিবলৈ বাকী নাথাকে যে দলটোৰ ভিতৰচ’ৰাত দিল্লী-কেন্দ্ৰিক ৰাজনীতিৰ আধিপত্যই কেনেকৈ এগৰাকী সাংগঠনিক নেতাক উপেক্ষিত কৰি পেলাইছে।
পুৱা প্ৰায় ৮ বজাত সেই অকল্পনীয় সিদ্ধান্তটো গ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। আৰু তাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু হাইকমাণ্ডৰ মাজত হাহাকাৰ লাগে। এজন ‘অভিমানী’ নেতাক সৈমান কৰাবলৈ উঠিপৰি লাগে সকলো। ভূপেন বৰাৰ সিদ্ধান্ত সলনি কৰাটো যেন সমগ্ৰ কংগ্ৰেছৰ বাবেই এক অস্তিত্বৰক্ষাৰ যুঁজলৈ ৰূপান্তৰিত হয়।
ভূপেন বৰাৰ ঘৰৰ দুৱাৰমুখত সংসদীয় ৰাজনীতিত নিজৰ খোপনি বিচাৰি ফুৰা গৌৰৱ গগৈ, দিল্লীৰ প্ৰতিনিধি জিতেন্দ্ৰ সিং আৰু বিৰোধী ঐক্যৰ ধ্বজাবাহী অখিল গগৈৰ উপস্থিতিয়ে এটা কথা জলজল-পটলকৈ উদঙাই দিলে যে বৰ্তমানৰ কংগ্ৰেছত ভূপেন বৰা এতিয়াও এক এনে শক্তি, যাৰ অবিহনে দলটোৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো অসম্ভৱপ্ৰায়। বন্ধ দুৱাৰৰ সিপাৰে প্ৰায় চাৰি ঘণ্টা ধৰি চলা গোপন মন্থনে কেৱল পদত্যাগ পত্ৰখন কিছু সময়ৰ বাবেহে প্ৰত্যাহাৰ কৰালে, কিন্তু বৰাৰ মনত জমা হৈ থকা সেই তীব্ৰ নৈৰাশ্য আৰু ৰাজনৈতিক অনিশ্চয়তাৰ আস্বাদন কিমান দূৰ আঁতৰাবলৈ সক্ষম হ’ল, সেয়া এক ডাঙৰ প্ৰশ্ন।
সংবাদ মাধ্যমৰ সন্মুখত ভূপেন বৰাই কৰা মন্তব্যত তেওঁৰ মনৰ ক্ষোভ আৰু দৃঢ়তা দুয়োটাই প্ৰতিফলিত হয়। তেওঁ স্পষ্টকৈ কয়, “মই আঠ বজাত মোৰ পদত্যাগ পত্ৰ দলৰ হাই কমাণ্ডলৈ ইমেইল কৰি দিছোঁ। তাত মই কিয় পদত্যাগ কৰিছোঁ, তাৰ প্ৰতিটো কাৰণ মই বিতংভাৱে উল্লেখ কৰিছোঁ। মই ইয়াৰ বাহিৰে এতিয়াই বেছি কথা নকওঁ। মই উপযুক্ত সময়ত আপোনালোকক (সাংবাদিকসকলক) মাত দিম আৰু সকলোখিনি খুলি ক’ম। মই একো লুকুৱাই নাৰাখোঁ আৰু একো পদক্ষেপেই মই গোপনে গ্ৰহণ নকৰোঁ।” বৰাৰ এই শব্দবোৰে এটা কথা স্পষ্ট কৰি দিছিল যে তেওঁৰ এই বিদ্ৰোহ কেবল এটা আকস্মিক সিদ্ধান্ত নাছিল, বৰঞ্চ ই আছিল দিল্লীৰ নেতৃত্বলৈ প্ৰেৰণ কৰা এক চূড়ান্ত সকীয়নী।
আলোচনাৰ পৰা ওলাই অহাৰ পিছতো ভূপেন বৰাই এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধি জিতেন্দ্ৰ সিঙক কাষত বহুৱাই নিজৰ স্থিতি স্পষ্ট কৰি সংবাদ মাধ্যমক উদ্দেশ্যি কয়, “মই কোনো বিশেষ ব্যক্তি বা কোনো ব্যক্তিগত কাৰণত দলৰ পৰা পদত্যাগ কৰা নাই। মই ৩২ বছৰ ধৰি কংগ্ৰেছ দলটোক সেৱা কৰিছোঁ আৰু মই দলটোৰ ভৱিষ্যতক লৈহে চিন্তিত। মই হাই কমাণ্ডলৈ যি পদত্যাগ পত্ৰ পঠাইছিলোঁ, তাত মোৰ মনৰ সকলো কথা মই বিতংভাৱে লিখি জনাইছোঁ।” ভূপেন বৰাই এই কথাই বুজাব বিচাৰে যে দলটোৰ ভিতৰচৰাত যিধৰণৰ অচলাৱস্থাই দেখা দিছে, সেয়া কেৱল তেওঁৰ ব্যক্তিগত সমস্যা নহয়, বৰঞ্চ ই সমগ্ৰ দলটোৰ অস্তিত্বৰ সৈতে সংপৃক্ত হৈ পৰিছে।
ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, বৰাৰ এই পদক্ষেপ আছিল দিল্লীলৈ প্ৰেৰণ কৰা এক ৰাজনৈতিক বাৰ্তা। যিজন নেতাই ধাৰাবাহিক নিৰ্বাচনী পৰাজয়ৰ পিছত অসমৰ চুকে-কোণে ঘূৰি কংগ্ৰেছৰ থানবান হৈ পৰা ভেটিটো পুনৰ গঢ়িবলৈ চেষ্টা কৰিছিল, সেইজন নেতাৰ ঠাইত আন এজন ‘হাই-প্ৰফাইল’ নেতাক জাপি দিয়াৰ যি প্ৰচেষ্টা চলিছে, বৰাই আজি তাৰ বিৰুদ্ধেই এখন পদত্যাগ পত্ৰৰে জোৱাৰ তুলি নিজৰ শক্তিৰ পৰিচয় দিলে।
সোমবাৰৰ এই ৰাজনৈতিক নাটকে এটা কথা স্পষ্ট কৰি দিয়ে যে অসম কংগ্ৰেছত এতিয়া কোনো সুস্থিৰ চৰিত্ৰ নাই। বিৰোধীৰ ভিতৰচৰাত চলা এই দবাখেলত ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছত তেওঁৰ বাসগৃহত হোৱা সেই হাই-ভল্টেজ আলোচনাই বিৰোধী শিবিৰত এক অনিৰ্বচনীয় শংকাৰ বীজ ৰোপণ কৰি গ’ল।
ভূপেন বৰাৰ বাবে দুটা সমষ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
এই কথা অনস্বীকাৰ্য যে, অসমৰ ৰাজনৈতিক আকাশত যেতিয়াই ক’লা ডাৱৰে দেখা দিয়ে, তাৰ সুযোগ গ্ৰহণ কৰি এক নতুন আখ্যান তৈয়াৰ কৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাতকৈ নিপুণ ৰাজনীতিক বৰ্তমানৰ প্ৰেক্ষাপটত হয়তো দ্বিতীয় এজন নাই। সোমবাৰে ভূপেন বৰাৰ পদত্যাগৰ বাতৰি বিয়পি পৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে যি তীক্ষ্ণ ৰাজনৈতিক বাণ নিক্ষেপ কৰিলে, সি কেৱল কংগ্ৰেছৰ অন্তৰ্কন্দলক ৰাজপথলৈ উলিয়াই অনাই নহয়, বৰঞ্চ বিৰোধী শিবিৰক এক সাম্প্ৰদায়িক আৰু জাতীয়তাবাদী মেৰপাকত আৱদ্ধ কৰিবলৈ চেষ্টা চলায় মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰাক “অসম কংগ্ৰেছৰ শেষ হিন্দু নেতা” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰিলে- ২০২৯ৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈ আৰু ২০২৬ৰ নিৰ্বাচনৰ পিছত দেৱব্ৰত শইকীয়ায়ো ত্যাগ কৰিব কংগ্ৰেছ।
মুখ্যমন্ত্ৰীৰ এই আক্ৰমণাত্মক স্থিতি কেৱল এটা প্ৰতিক্ৰিয়াৰ মাজতে সীমাবদ্ধ নাছিল। তেওঁ অতি পৰিকল্পিতভাৱে পুৰণি ৰাজনৈতিক বন্ধুত্বৰ কথাৰে কয়, “তিনি বছৰ আগতেই আমি ভূপেন বৰাক আদৰণি জনাবলৈ সাজু আছিলোঁ আৰু তেওঁৰ বাবে এখন সুৰক্ষিত আসনৰ ব্যৱস্থাও কৰিছিলোঁ।” মুখ্যমন্ত্ৰীয়ে অতি কৌশলগতভাৱে আজি কংগ্ৰেছৰ অন্যান্য হিন্দু নেতাসকলৰ মাজতো সৃষ্টি কৰে সংশয়ৰ ভাৱ। ভূপেন বৰাৰ পদত্যাগৰ সুযোগ লৈ সুযোগসন্ধানী মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক এটা সংখ্যালঘু-কেন্দ্ৰিক দল হিচাপে প্ৰতিপন্ন কৰাৰ বাবে এক দুৰ্ভেদ্য জাল পেলোৱা আজি পৰিলক্ষিত হয়।
লক্ষ্যণীয়ভাৱে, এই ৰাজনৈতিক নাটকখনত মুখ্যমন্ত্ৰীয়ে যিধৰণে ধৰ্মীয় ধ্ৰুৱীয়কৰণৰ প্ৰসংগ টানি আনিছে, সেয়া কংগ্ৰেছৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি তেওঁ পুনৰ সেই বিস্ফোৰক অভিযোগ দোহাৰে, “যিদিনাৰ পৰা মই গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ কথা কৈছোঁ, সেইদিনাৰ পৰাই তৃণমূল পৰ্যায়ৰ হিন্দু কংগ্ৰেছ নেতাসকলৰ বিজেপিলৈ ঢাল খোৱাৰ এক ঢৌ আৰম্ভ হৈছে। কংগ্ৰেছৰ স্থিতি এতিয়া অতিশয় ভয়াৱহ। তিনিজনকৈ পৰ্যবেক্ষক প্ৰাৰ্থী বাছনিৰ বাবে আহিছে, কিন্তু তেওঁলোকক সংখ্যালঘু সম্প্ৰদায়ৰ এজন বিধায়কৰ অধীনত দিয়া হৈছে। সমগ্ৰ পৰিৱেশটোৱে এক গম্ভীৰ সংকটৰ ইংগিত দিছে।”
কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত অধিক আক্ৰমণাত্মক হৈ কয়, “অসমৰ কংগ্ৰেছৰ বহু জিলা কাৰ্যালয়ত এতিয়া সভা-সমিতি এক বিশেষ সম্প্ৰদায়ৰ ধৰ্মীয় প্ৰাৰ্থনাৰেহে আৰম্ভ হয়। কংগ্ৰেছ এতিয়া অতি দ্ৰুতগতিত সলনি হৈছে আৰু মানুহে এইবোৰ লক্ষ্য কৰিছে। ভূপেন বৰাৰ পদত্যাগে এক ছিম্বলিক মেছেজ বা প্ৰতীকী বাৰ্তা কঢ়িয়াই আনিছে যে কংগ্ৰেছে তেওঁলোকৰ শেষ হিন্দু নেতাজনকো হেৰুৱাই পেলাইছে।” মুখ্যমন্ত্ৰীয়ে কয়, তেওঁ কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব। ভূপেন বৰাই যদি বিজেপিত যোগদান কৰিব বিচাৰে, তেন্তে তেওঁক জয়ী হ’ব পৰা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। জানিব পৰা মতে, বিজেপিৰ তৰফৰ পৰা ভূপেন বৰাক ৰঙানদী সমষ্টিত টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে বিহপুৰীয়া সমষ্টিত ভূপেন বৰাই যাক টিকট দিবলৈ কয় সেইজনকে বিজেপি দলৰ পৰা টিকট দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কথা দিছে বুলিও এটি সূত্ৰৰ পৰা জানিব পৰা গৈছে।
ইফালে, ভৱিষ্যদ্বাণীৰ খেলখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এখোপ আগুৱাই গৈ কয় যে আগন্তুক ১৫ দিনৰ ভিতৰত কমেও পাঁচগৰাকী কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি বিজেপিৰ ফালে খোজ ল’ব। গুৰুত্বপূৰ্ণ কথাটো হ’ল- মুখ্যমন্ত্ৰীৰ এই ধৰণৰ মানসিক চাপ সৃষ্টি কৰাৰ কৌশল অতি ভয়ংকৰ। ইয়াৰ ফলত কংগ্ৰেছৰ বিধায়িনী দলৰ মাজত এতিয়া কোনে কাক বিশ্বাস কৰিব, সেই লৈ এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বিজেপিৰ এই ‘মাষ্টাৰষ্ট্ৰোক’ৰ ফলত এতিয়া কংগ্ৰেছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে নিজৰ ঘৰ সুৰক্ষিত ৰখাটোহে আটাইতকৈ ডাঙৰ কাম হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এই তীক্ষ্ণ বাণে কংগ্ৰেছক এনে এক পৰ্যায়লৈ ঠেলি দিলে, য’ত দিল্লীৰ মিত্ৰজোঁটে কিবা এটা ভাবি উঠাৰ আগতেই ৰাজ্যিক ৰাজনীতিৰ পাশাখেলখন সম্পূৰ্ণ সলনি হৈ গ’ল।
অখিল গগৈয়ে এৰি দিব সভাপতিৰ পদ!
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও ভূপেন বৰাক নিজাববীয়াকৈ অফাৰ দিয়া দেখা গৈছে। পদত্যাগৰ খবৰ পোৱাৰ পিছতে ভূপেন বৰাৰ বাসগৃহলৈকো আহে অখিল গগৈ। ভূপেন বৰাৰ সৈতে বহুসময় ধৰি আলোচনাত মিলিত হোৱাৰ অন্তত অখিল গগৈয়ে সাংবাদিকৰ আগত কয়, ”ভূপেন বৰাই কংগ্ৰেছ নেতৃত্বলৈ ২১ খন চিঠি দি উত্তৰ পোৱা নাই। তেওঁলোকৰ কিবা আভ্যন্তৰীণ সংঘাত হৈছে। মই ভাবো যে তেওঁ কংগ্ৰেছলৈ ঘূৰি যাব। নহ’লে দুটা প্ৰস্তাৱ দিম। প্ৰথমটো হৈছে বিৰোধী দলৰ ঐক্যমঞ্চৰ সৰ্বোচ্চ পদৰ দায়িত্ব দিয়া হওক। দ্বিতীয়টো হৈছে মই ৰাইজৰ দলৰ সভাপতিৰ পদ তেওঁক এৰি দিম।’’
ভূপেন বৰাক কোনো কাৰণতে বিজেপিত যোগদান কৰিবলৈ যাবলৈ দিব নোৱাৰি বুলি উল্লেখ কৰি গগৈয়ে আৰু কয়, ”ভূপেন দা আমাৰ লগত আছে, আমাৰ লগত থাকিব৷ আমি যাবলৈ নিদিও৷ কংগ্ৰেছত নাথাকিলেও বিজেপিলৈ যাবলৈ নিদিও৷ তেওঁ বিৰোধী পক্ষৰ এটা প্ৰধান খুঁটা৷’’
ভূপেন বৰাক ক্ষমা বিচাৰিলে গৌৰৱ গগৈয়ে
পদত্যাগ পত্ৰ প্ৰেৰণৰ পিছতে ততাতৈয়াকৈ ভূপেন বৰাৰ ঘোঁৰামাৰাস্থিত বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। সভাপতিৰ গগৈৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, প্ৰাক্তন সাংসদ আব্দুল খালেক, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰো বৰাৰ বাসগৃহত উপস্থিত হয়। কিছু সময়ত পিছতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা তত্ৱাৱধায়ক জিতেন্দ্ৰ সিং আৰু মনোজ চৌহানো ভূপেন বৰাৰ বাসগৃহলৈ আহে। আটায়ে বৰাৰ সৈতে প্ৰায় ৩.৫ ঘণ্টাধৰি এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত আটায়ে একেলগে বহি সাংবাদিকক সম্বোধন কৰে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, নিৰ্বাচনী কেম্পেইনিং কমিটিৰ অধ্যক্ষ ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় যে বৰা এজন জ্যেষ্ঠ আৰু দক্ষ কংগ্ৰেছ নেতা। সেইবাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তেখেতৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই। বৰাই ৰাহুল গান্ধী, কে চি বেণুগোপালকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শ গ্ৰহণ কৰা বুলিও জিতেন্দ্ৰ সিঙে উল্লেখ কৰে।
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ”প্ৰাক্তন সভাপতি হিচাপেই হওক অথবা দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে ভূপেন বৰাৰ প্ৰতি আমাৰ সকলোৰে সন্মান আছে।’’ সাংবাদিকৰ সমুখতে গৌৰৱ গগৈয়ে ভূপেন বৰাৰ ওচৰত ৰাজহুৱাকৈ ক্ষমাও বিচাৰে। গগৈয়ে কয়, ”দলীয় সিদ্ধান্তৰ ক্ষেত্ৰত কেতিয়াবা কিবা কাৰণত ভূপেন বৰাই যদি আঘাত পাইছে, তেন্তে কনিষ্ঠ ভাতৃ হিচাপে মই ভূপেন বৰাৰ ওচৰত ক্ষমা বিচাৰিছো।’’ কংগ্ৰেছেই নহয়, সমগ্ৰ বিৰোধী ভূপেন কুমাৰ বৰাক শক্তিস্তম্ভৰ দৰে লগত থাকিবলৈ অনুৰোধ জনাইছে বুলিও মন্তব্য কৰে সভাপতি গৌৰৱ গগৈয়ে।
ইফালে, প্ৰদেশ কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতা আজি ভূপেন বৰাৰ বাসগৃহলৈ আহে যদিও সাংসদ ৰকিবুল হুছেইনক এবাৰো দেখা নগ’ল। ভূপেন বৰাৰ বাসগৃহলৈ অহাৰ পৰিৱৰ্তে সাংসদ হুছেইনে নগাঁৱত আজি এখন সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত হুছেইনে ভূপেন বৰাক দলত ৰাখিবলৈ কংগ্ৰেছৰ সকলোৱে চেষ্টা কৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ভূপেন বৰাক লৈ বিজেপিয়ে এতিয়াও উৎফুল্লিত হ’বলগীয়া একো নাই বুলিও কয় হুছেইনে।
গৌৰৱ গগৈৰ উত্থান আৰু ভূপেন বৰাৰ অস্তিত্বৰ যুঁজ
মন কৰিবলগীয়া যে, অসম কংগ্ৰেছৰ বৰ্তমানৰ এই খহনীয়াৰ বীজ ৰোপণ কৰা হৈছিল প্ৰায় এবছৰ পূৰ্বেই, যেতিয়া দিল্লীৰ হাই কমাণ্ডে ৰাজ্যিক ৰাজনীতিৰ সমীকৰণ সলনি কৰি ৰাহুল গান্ধীৰ ঘনিষ্ঠ গৌৰৱ গগৈৰ হাতত দলৰ গুৰিবঠা অৰ্পণ কৰিছিল। দিল্লীৰ বিচাৰত হিমন্ত বিশ্ব শৰ্মাৰ দৰে এক শক্তিশালী ৰাজনৈতিক চৰিত্ৰৰ মুখামুখি হ’বলৈ গৌৰৱ গগৈৰ দৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰহণযোগ্যতা থকা ‘হাই-প্ৰফাইল’ নেতাৰ প্ৰয়োজন আছিল। কিন্তু এই বিশেষ ৰাজনৈতিক অংকটোৱে ভূপেন বৰাৰ দৰে এজন সাংগঠনিক নেতাক কিদৰে উপেক্ষিত কৰি পেলালে, তাৰেই পৰিণতি এতিয়া পদত্যাগ নাটকৰ জৰিয়তে ৰাজপথলৈ ওলাই আহিছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ভূপেন বৰাই দলটোক এক অতি কঠিন সময়ত পুনৰুজ্জীৱিত কৰাৰ দায়িত্ব লৈছিল। ধাৰাবাহিক নিৰ্বাচনী পৰাজয়ৰ পিছত যেতিয়া কংগ্ৰেছৰ কৰ্মীসকলৰ মনোবল একেবাৰে ভাগি পৰিছিল, তেতিয়া বৰাই তৃণমূল পৰ্যায়ত ঘূৰি ফুৰি দলটোক এক সাংগঠনিক ভিত্তি প্ৰদান কৰিছিল। কিন্তু গৌৰৱ গগৈৰ উত্থানৰ লগে লগে বৰাৰ সেই কঠোৰ পৰিশ্ৰমক হাই কমাণ্ডে একপ্ৰকাৰ গুৰুত্বহীন কৰা পৰিলক্ষিত হয়। দিল্লীৰ পচন্দই ৰাজ্যিক নেতৃত্বৰ ওপৰত এক প্ৰকাৰৰ অঘোষিত আধিপত্য বিস্তাৰ কৰাৰ ফলত বৰাই নিজকে ‘অৱহেলিত’ অনুভৱ কৰিবলৈ বাধ্য হ’ল।
এই সমগ্ৰ প্ৰক্ৰিয়াটোত দিল্লীৰ হাইকমাণ্ডে হয়তো এক কৌশলগত ভুল কৰিলে নেকি, সেই লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। কাৰণ এজন নেতাৰ ৰাষ্ট্ৰীয় পৰিচয় যিমানেই উচ্চ নহওক কিয়, ৰাজ্যিক ৰাজনীতিত তৃণমূলৰ সৈতে সংযোগ থকা এজন নেতাৰ প্ৰাসংগিকতা সদায় অধিক থাকে। বৰাই সংবাদ মাধ্যমৰ আগত কৰা সেই তাৎপৰ্যপূৰ্ণ মন্তব্য, “মই ৩২ বছৰ দলক সেৱা কৰি এতিয়া দলৰ ভৱিষ্যতক লৈহে চিন্তিত”- এয়া আচলতে গৌৰৱ গগৈৰ নেতৃত্বত চলা নতুন ৰাজনৈতিক শৈলীৰ প্ৰতিয়েই আছিল এক প্ৰচ্ছন্ন বিদ্ৰোহ। বৰাৰ বাবে এয়া কেৱল এক পদবীৰ যুঁজ নহয়, বৰঞ্চ নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰাৰ এক অন্তিম যুঁজ।
দিল্লীৰ এই পচন্দই এতিয়া ৰাজ্যিক কংগ্ৰেছত দুটা স্পষ্ট শিবিৰৰ জন্ম দিছে। এফালে গৌৰৱ গগৈৰ নেতৃত্বত দিল্লীৰ আশীৰ্বাদপুষ্ট এলিমেন্ট আৰু আনফালে ভূপেন বৰাৰ দৰে ভূমিপুত্ৰ নেতাৰ প্ৰতি থকা কৰ্মীসকলৰ আনুগত্য। এই আভ্যন্তৰীণ দ্বন্দৰ ফলত দলটোৰ নিৰ্বাচনী যন্ত্ৰটো এতিয়া স্থবিৰ হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন তীক্ষ্ণ ৰাজনীতিকৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে বিৰোধীৰ নিজৰ মাজতে চলা এই ক্ষমতাৰ যুঁজখনে কংগ্ৰেছক ৰাজনৈতিকভাৱে এক অত্যন্ত দুৰ্বল অৱস্থানলৈ লৈ গৈছে।
হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি নিশা ভূপেন বৰাৰ সংবাদমেল
দিনত জিতেন্দ্ৰ সিঙৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু আন নেতাসকলৰ বুজনিৰ পিছত সাংবাদিকসকলক উমৈহতীয়াভাৱে সম্বোধন কৰাৰ পিছত নিশাৰ ভাগত পুনৰ নিজাববীয়াকৈ এখন সংবাদমেল সম্বোধন কৰে ভূপেন বৰাই। এই সংবাদমেলত বৰাই কেবাটাও বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই বক্তব্য ৰখা পৰিলক্ষিত হয়। সংবাদমেলখনত বৰাই কংগ্ৰেছ দলৰ বৰ্তমানৰ নেতৃত্বই স্ক্ৰিণিং কমিটিৰ বৈঠককে ধৰি বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা একাধিক ভুল সিদ্ধান্তৰ বিষয়ে পদত্যাগ পত্ৰত উল্লেখ কৰা বুলি জানিবলৈ দিয়ে।
বৰাই কয়, ”বিজেপিয়ে কংগ্ৰেছৰ কোনবিলাক কথা কৈ শলঠেকত পেলাব বিচাৰে সেইয়া আমি সকলোৱে জানো। তাৰপিছত ডিব্ৰুগড়, তিনিুচুকীয়ালৈ পৰ্যবেক্ষক হিচাপে প্ৰেৰণ কৰা হৈছে ইমৰান মাছুদক। তেখেতৰ গাত ইয়াত দোষ নাই। অসমৰ নেতৃত্বই ক’ব লাগিছিল যে আপুনি ধুবুৰীলৈ যাওক। মই থাকোতে এই কথাবোৰ চালি-জাৰি চাইছিলো।’’ বৰাই কয় যে কংগ্ৰেছ দলে আগ্ৰাসী বিজেপিৰ বিৰুদ্ধে ল’বলগীয়া কৌশলসমূহ ভুল হোৱা বুলি হাইকমাণ্ডলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছে। ”মোৰ পত্ৰ লাভ কৰি হাইকমাণ্ডে পদত্যাগ পত্ৰ উঠাই ল’বলৈ কৈছে, কিন্তু অভিযোগবোৰৰ বিষয়ে কোনো উত্তৰ দিয়া নাই।’’-বৰাই কয়। একেদৰে বৰাই দিনদিয়েক পূৰ্বে সংখ্যালঘূৰ বাবে অসমত ৪৮ টা সমষ্টি সংৰক্ষণ কৰিব লাগে বুলি কোৱা নেতা এজনৰ নাম প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত সন্নিবিষ্ট হোৱা কাৰ্যতো আশ্চৰ্য প্ৰকাশ কৰে। তেনে এজন নেতাক টিকট নহয়, দলৰ পৰা আঁতৰাই ৰখাটোহে উচিত আছিল বুলিও কয় বৰাই।
সংবাদমেলখনত বৰাই আওপকীয়াকৈ ৰকিবুল হুছেইনকো আক্ৰমণ কৰে। ৰকিবুল হুছেইনৰ নাম নোলোৱাকৈ বৰাই কয়, ”যিদিনাখন আজমল চাহাবৰ সৈতে তৰুণ গগৈ ডাঙৰীয়াক হাত মিলাবলৈ এজন মানুহে ষড়যন্ত্ৰমূলকভাৱে বাধ্য কৰিলে সেইদিনটোৰ পৰা আজিলৈকে কংগ্ৰেছৰ উত্থান কেতিয়া হৈছে? গগৈ ছাৰৰ হাতত আজমলৰ হাতখন লগাই টেলিভিচনৰ আগত খোজকঢ়োৱা মানুহজন কোন আছিল?’’ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ পিছতো বিহালীৰ উপ-নিৰ্বাচনত জয়ন্ত বৰাই টিকট পোৱাৰ কথাটো বাতৰি কাকতত পঢ়িহে গম পাবলগীয়া হোৱা বুলিও ক্ষোভ উজাৰে বৰাই। কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে এই আসোঁৱাহসমূহ দূৰ কৰি ল’ব লাগিব বুলিও বৰাই পৰামৰ্শ আগবঢ়ায়।
”কংগ্ৰেছ দলটোৰ কাৰণে মাৰ খাইছো। ভোকে-পিয়াহে দলটোৰ কাৰণে কাম কৰিছো। তাৰ পিছতো যদি মৰ্যাদা হানি হয় তেতিয়াহ’লে দলত কেনেকৈ থাকিম?’’-বৰাই ক্ষোভেৰে কয়। সিদ্ধান্ত ল’বলৈ সময় লোৱা সন্দৰ্ভত তেওঁ কয়, ” ৩২ বছৰৰ মূৰত মই এই পত্ৰ লিখিছো। গতিকে মোক অলপ সময় লাগিব।’’ ৰাহুল গান্ধীৰ সৈতে কথা পতাৰ বিষয়ে উল্লেখ কৰি বৰাই কয় যে ৰাহুল গান্ধীয়ে কথাখিনি বুজি পাইছে। ৰাহুল গান্ধীয়ে তেওঁক ভালপায় বুলিও কয় বৰাই। কিন্তু যিখিনি মানুহে কথাবোৰ আগবঢ়াই নিব লাগিছিল সেই মানুহখিনিয়ে ইচ্ছা কৰা নাই বাবে বিষয়টো জটিল হৈ পৰিছে বুলি সদৰী কৰে ভূপেন বৰাই।
আনহাতে, সংবাদমেলত হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কৰা মন্তব্যয়ো যথেষ্ট তাৎপৰ্য বহন কৰিছে। কিছুদিন পূৰ্বে হিমন্ত বিশ্বৰ সকলো চৰিত্ৰ ভালকৈ জানো বুলি কোৱা বৰাই আজি কয় যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা যোৱা নাছিল, যাবলৈ বাধ্যহে কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ প্ৰতি পূৰ্বৰ খং-ৰাগ পৰিহাৰ কৰি ইতিবাচক দৃষ্টিভংগী প্ৰকাশ কৰি বিশেষ ইংগিত দি বৰাই কয়, ”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ ঘৰলৈ আহিম বুলি কৈছে। তেওঁ মোৰ ঘৰলৈ আহিলে মোৰ পৰিয়ালৰ কাৰণে গৌৰৱৰ ক্ষণ হ’ব। মুখ্যমন্ত্ৰী মোৰ ঘৰলৈ আহিবলৈ ইচ্ছা কৰিছে, যিহেতু আগতে আমি একেলগে আছিলো।’’ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক দীঘলীয়া আৰু ২০১৫ চনত ৰাজনৈতিক পটভূমিতহে সেই সম্পৰ্কৰ বিচ্ছেদ হৈছিল বুলিও কয় বৰাই। এই বিচ্ছেদ ব্যক্তিগত বিচ্ছেদ নাছিল বুলিও বৰাই ইংগিতপূৰ্ণ মন্তব্য কৰে। সংবাদমেলৰ শেষত বৰাই কয় যে তেওঁ কি সিদ্ধান্ত ল’ব সেয়া অসমবাসীয়ে কাইলৈ নিশাৰ ভিতৰত জানিব পাৰিব।
বিৰোধী ঐক্যৰ ভৱিষ্যত এতিয়া কাৰ হাতত?
৩২ বছৰীয়া এক সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমাৰ অন্তত ভূপেন কুমাৰ বৰাই আজি যি সন্ধিক্ষণত থিয় দিছে, সি কেবল এজন ব্যক্তিৰ নহয়, বৰঞ্চ সমগ্ৰ অসম কংগ্ৰেছৰ চৰিত্ৰৰ সংকটক প্ৰতিফলিত কৰিছে। এগৰাকী নিষ্ঠাবান কৰ্মীৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসন অলংকৃত কৰালৈকে বৰাৰ যি যাত্ৰা, তাত সদায় এক সাংগঠনিক দৃঢ়তা দেখা গৈছিল। কিন্তু দিল্লীৰ নেতৃত্বই যেতিয়া ‘লিডাৰশ্বিপ চেচুৰেচন’ বা নেতৃত্বৰ পৰিপূৰ্ণতাৰ দোহাই দি এজন অভিজ্ঞ নেতাক অৱজ্ঞা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তাৰ পৰিণতি কেনে ভয়াৱহ হ’ব পাৰে, সোমবাৰৰ নাটকীয় ঘটনাই তাৰ এক জলন্ত উদাহৰণ দাঙি ধৰিলে।
বহুতৰে মতে ভূপেন বৰাৰ পদত্যাগৰ সিদ্ধান্ত কোনো আৱেগ নাছিল, এয়া আছিল দলৰ ভিতৰচৰাত চলি থকা এক অৰাজক পৰিস্থিতিৰ বিৰুদ্ধে এক বিস্ফোৰক সতৰ্কবাণী। অভিজ্ঞ মহলে অনুভৱ কৰিছে যে যি সময়ত বিজেপিয়ে এক সুশৃংখল নিৰ্বাচনী যন্ত্ৰৰ দৰে কাম কৰি আছে, সেই সময়ত কংগ্ৰেছৰ ভিতৰত চলি থকা এই ‘ইগো’ বা অহংকাৰৰ যুঁজখনে বিৰোধী মিত্ৰজোঁটৰ ভেটিটোকেই দুৰ্বল কৰি পেলাইছে। বৰাৰ এই বিদ্ৰোহে প্ৰমাণ কৰিলে যে কেৱল দিল্লীৰ আশীৰ্বাদপুষ্ট নেতাক জাপি দি ৰাজ্যিক ৰাজনীতিৰ বৈতৰণী পাৰ হোৱাটো অসম্ভৱ।
বিৰোধী ঐক্যৰ ভৱিষ্যত এতিয়া কাৰ হাতত, সেই লৈও এক ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। অখিল গগৈৰ দৰে মিত্ৰদলৰ নেতাসকলে ভূপেন বৰাৰ ঘৰত কৰা উপস্থিতিয়ে এটা কথা স্পষ্ট কৰি দিলে যে কংগ্ৰেছৰ এই আভ্যন্তৰীণ খহনীয়াৰ প্ৰভাৱ সমগ্ৰ বিৰোধী ঐক্যৰ ওপৰত পৰিব। যদিহে এজন শক্তিশালী সাংগঠনিক নেতাই নিজকে দলত ‘উপেক্ষিত’ বুলি গণ্য কৰে, তেন্তে মিত্ৰজোঁটৰ বাকী দলসমূহৰ মাজতো এক অবিশ্বাসৰ পৰিৱেশ গঢ়ি উঠাটো স্বাভাবিক। ভূপেন বৰাই কাইলৈ নিশা সিদ্ধান্ত ঠিৰাং কৰাৰ পিছত সেই সিদ্ধান্তই আগন্তুক নিৰ্বাচনত বিৰোধীৰ সংগ্ৰামক কিদৰে প্ৰভাৱিত কৰে, সেয়া হ’ব লক্ষণীয়।