আজিৰ ডিজিটেল যুগত তাৰকা হোৱাটো তেনেই সাধাৰণ কথা। এখন ভাইৰেল ফটো বা এটা ভাইৰেল ভিডিঅ’… বচ, সেয়াই যথেষ্ট। ইয়াৰ দ্বাৰাই ৰাতিটোৰ ভিতৰতে গোটাব পাৰি লাখ লাখ ফল’ৱাৰ্ছ, হৈ উঠিব পাৰি সামাজিক মাধ্যমৰ তাৰকা বা তথাকথিত ‘ইনফ্লুৱেন্সাৰ’।
অৱশ্যে ডিজিটেল প্ৰযুক্তিৰ যুগত লাখ লাখ অনুগামী, ভাইৰেল ভিডিঅ’ আৰু নিত্য সলনি কৰা প্ৰফাইল পিকচাৰৰ জৰিয়তে লাভ কৰা খ্যাতিয়ে প্ৰায়ে সত্য আৰু মিছাৰ মাজৰ সেই সূক্ষ্ম ৰেখাডাল ম্লান কৰি পেলাইছে। সামাজিক মাধ্যমত আমি দেখি থকা কোনবোৰ ফটো বা ভিডিঅ’ সঁচা আৰু কোনবোৰ মিছা সেয়া চিহ্নিত কৰাটো আজিৰ সময়ত সবাতোকৈ কঠিন হৈ পৰিছে।
সঁচা-মিছাৰে দোদুল্যমান এনে এক ৰহস্যময় আৰু ৰোমাঞ্চকৰ ডিজিটেল উন্মাদনাই শেহতীয়াকৈ আলোড়নৰ সৃষ্টি কৰিছিল সমগ্ৰ ভাৰতত। এই চৰ্চা আছিল ‘বেবীডল আৰ্চি’ নামৰ এগৰাকী অনলাইন তাৰকাক কেন্দ্ৰ কৰি। কিন্তু হঠাৎ দেশজুৰি চৰ্চিত হৈ পৰা এই ছ’চিয়েল মিডিয়াৰ তাৰকাগৰাকীৰ আঁৰৰ ৰহস্যৰ বিষয়ে মানুহবোৰ আছিল অজ্ঞাত। আৰু যেতিয়াই ৰহস্য উন্মোচন হ’ল, তাৰ পিছতে চৰ্চালৈ আহিল ডিজিটেল প্ৰযুক্তিৰ সম্ভাৱ্য ভয়াৱহতাও।
‘বেবীডল আৰ্চি’ৰ উন্মেষ ঘটিছিল অসমৰ দৰে এখন তেনেই সাধাৰণ ৰাজ্যৰ পৰা। ‘বেবীডল আৰ্চি’ৰ সাহস আৰু তেওঁ পোষ্ট কৰা কন্টেন্ট দেখি বহুতে ভাবিছিল যে তেওঁ হয়তো অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক মনোৰঞ্জন উদ্যোগত প্ৰৱেশ কৰা প্ৰথমগৰাকী অসমীয়া। সুন্দৰ মুখাৱয়ব, আকৰ্ষণীয় গাৰ গঠনেৰে সামাজিক মাধ্যমত বল্ড ফটো আৰু ভিডিঅ’ পোষ্ট কৰা এই অখ্যাত ‘বেবীডল আৰ্চি’ক লৈ লাহে লাহে যুৱ প্ৰজন্মৰ মাজত বাঢ়িবলৈ আৰম্ভ কৰে উন্মাদনা। আৰু তাৰ পিছতে মাত্ৰ কেইদিনমানৰ ভিতৰতে ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছৰ সংখ্যা হৈ পৰে ১৪ লাখ।
এই ডিজিটেল ব্যক্তিত্বৰ উত্থান কেৱল অনুগামীৰ সংখ্যাত সীমাবদ্ধ নাছিল। ভাৰতত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে, য’ত তেওঁক ৰঙা শাৰী পিন্ধি ৰোমানিয়ান গীত “দিয়া উন গ্ৰ’ৰ”ৰ সুৰত কামুকভাৱে নাচি থকা দেখা যায়। আন এখন ফটোত তেওঁ আমেৰিকাৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে প’জ দি পৰিলক্ষিত হয়। এনে ভিডিঅ’ আৰু ফটোৱে হঠাৎ প্ৰভাৱ বৃদ্ধি কৰে ‘বেবীডল আৰ্চি’ৰ।
খুব কম সময়ৰ ভিতৰতে গুগলত তেওঁৰ নাম ট্ৰেণ্ডিং হ’বলৈ ধৰে আৰু ছ’চিয়েল মিডিয়াত অসংখ্য মিম আৰু ফেন পেজৰ সৃষ্টি হয়। মূলসুঁতিৰ সংবাদ মাধ্যমসমূহেও এই উন্মাদনাৰ বিষয়ে বাতৰি প্ৰকাশ কৰি ‘বেবীডল আৰ্চি’ক “এগৰাকী প্ৰভাৱশালী মহিলা” বুলি অভিহিত কৰা দেখা যায়। ‘বেবীডল আৰ্চি’ কোন?- গুগলৰ চাৰ্ছ বাৰত পৰিচয় বিচাৰি চলাথ লগায় লাখ লাখ অনুৰাগীয়ে।
কিন্তু প্ৰকৃত সত্যটো আছিল সম্পূৰ্ণ ভিন্ন। এই গ্লেমাৰাছ অনলাইন পৰিচয়ৰ আঁৰত লুকাই আছিল এক বৃহৎ ষড়যন্ত্ৰ! ‘বেবীডল আৰ্চি’ কোনো প্ৰকৃত মহিলা নাছিল। এআই প্ৰযুক্তিক অপপ্ৰয়োগেৰে সৃষ্টি কৰা এয়া আছিল মাথো এটা ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট। অৱশ্যে এআই জেনেৰেটেল সেই ডিপফেক ফটো আৰু ভিডিঅ’ত ব্যৱহাৰ কৰা হৈছিল সম্ভ্ৰান্ত ঘৰৰ এগৰাকী বোৱাৰীৰ প্ৰকৃত মুখমণ্ডল। ডিব্ৰুগড়ৰ সেই মহিলাগৰাকীৰ নাম অৰ্চিতা ফুকন।
অনলাইন খ্যাতিৰ আঁৰৰ এক ভয়ংকৰ সত্য
কোনেও কল্পনাও নকৰা এই চাঞ্চল্যকৰ সত্য পোহৰলৈ আহে অৰ্চিতাৰ ভাতৃয়ে আৰক্ষী থানাত দাখিল কৰা এজাহাৰ পিছত। তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ মুখমণ্ডল ব্যৱহাৰ কৰি ভুৱা ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগ তুলি ভাতৃয়ে ডিব্ৰুগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীও তৎপৰ হৈ পৰে। অৱশ্যে এই ভয়ংকৰ ষড়যন্ত্ৰৰ আঁৰত কোন আছিল, সেই বিষয়ে অজ্ঞাত আছিল পৰিয়ালটোও। কিন্তু আৰক্ষীৰ ক্ষীপ্ৰ তদন্তত সত্য উন্মোচন হ’বলৈ বেছি সময় নালাগিল।
‘বেবীডল আৰ্চি’ নামটো আৰক্ষীৰ বাবে সম্পূৰ্ণ অচিনাকি নাছিল। ইয়াৰ পূৰ্বেও তদন্তকাৰী দলটোৱে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি আৰু অনলাইন মন্তব্য দেখিছিল, য’ত এইটো এআইৰ সৃষ্টি কৰা চৰিত্ৰ হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু তেতিয়ালৈকে তেওঁলোকে গম পোৱা নাছিল যে এই কৃত্ৰিম ব্যক্তিত্বৰ আঁৰত প্ৰকৃত মানুহৰ মুখ এখন ব্যৱহাৰ কৰা হৈছে। কিন্তু আটাইতকৈ চাঞ্চল্যকৰ কথাটো আছিল যে ব্যক্তিগত শত্ৰুতা আৰু ঘৃণাৰ বাবেই প্ৰযুক্তিৰ অপপ্ৰয়োগেৰে বদনামী কৰিব বিচৰা হৈছিল সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী অৰ্চিতাক।
আৰক্ষীয়ে গোচৰৰ তদন্ত চলাই সত্য উদঘাটনৰ বাবে ইনষ্টাগ্ৰাম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। ভুৱা একাউণ্ট সৃষ্টি কৰা ব্যক্তিজনৰ সম্পূৰ্ণ তথ্য বিচাৰি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হয় ইনষ্টাগ্ৰামলৈ। প্ৰযুক্তিৰ সহায়ত সেই অদৃশ্য প্ৰফাইলৰ আঁৰৰ ব্যক্তিজনৰ পৰিচয় উন্মোচন কৰাৰ চেষ্টা আৰম্ভ হ’ল। সেই তথ্যৰ ভিত্তিতে মূল সন্দেহযুক্ত লোকজনক চিনাক্ত কৰিবলৈ সক্ষম হয় তদন্তকাৰীয়ে।
ইনষ্টাগ্ৰামৰ পৰা নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে অৰ্চিতা ফুকনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে কোনো প্ৰতীম বৰাক চিনি পায় নেকি সেই বিষয়ে সোধে। পৰিয়ালে যেতিয়া চিনি পোৱা বুলি অৱগত কৰে তাৰ পিছতে আৰক্ষীয়ে আৰক্ষীয়ে আৰম্ভ কৰে ত্বৰিৎ পদক্ষেপ। ইয়াৰ পিছতে ১২ জুলাইৰ সন্ধিয়া তিনিচুকীয়াত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল খলনায়ক প্ৰতীম বৰাক। আৰু লগে লগে উন্মোচিত হয় ভাইৰেল ‘বেবীডল আৰ্চি’ৰ আঁৰৰ সকলো ৰহস্য। একে সময়তে পোহৰলৈ আহে ডিজিটেল অপৰাধৰ এক ভয়ংকৰ স্বৰূপ।
প্ৰতিশোধৰ জুইৰ পৰা জন্ম লভা ডিজিটেল দানৱ
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এই ভয়ংকৰ কাণ্ডৰ আঁৰত প্ৰতিশোধ প্ৰৱণতা উন্মোচিত হয়। জ্যেষ্ঠ আৰক্ষী বিষয়া সিজল আগৰৱালাই জনোৱা মতে, পূর্বে অৰ্চিতা আৰু প্রতীম বৰাৰ মাজত আছিল ভালপোৱাৰ সম্পৰ্ক। কিন্তু পৰৱৰ্তী সময়ত সেই সম্পৰ্কত যতি পেলাই অন্য এজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অৰ্চিতা। তাৰ পিছতে প্ৰতীম বৰাই প্ৰযুক্তিৰ সহায়ত প্ৰতিশোধৰ বাটত নামি পৰে। আৰু এই প্ৰতিশোধৰ জুইৰ পৰাই জন্ম লাভ কৰে ‘বেবীডল আৰ্চি’ নামৰ ডিজিটেল দানৱে।
পেছাত এজন মেকানিকেল ইঞ্জিনিয়াৰ প্ৰতীম বৰাই কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) সম্পৰ্কে জ্ঞান আহৰণ কৰিছিল। তেওঁ অৰ্চিতাৰ ব্যক্তিগত ফটো ব্যৱহাৰ কৰি সম্পূৰ্ণ ভুৱা ইনষ্টাগ্ৰাম প্ৰফাইল তৈয়াৰ কৰিছিল। এই একাউণ্টটো ২০২০ চনত খোলা হৈছিল যদিও প্ৰথমবাৰৰ বাবে ২০২১ চনৰ মে’ মাহত পোষ্ট কৰা হৈছিল। প্ৰথম অৱস্থাত অভিযুক্তই অৰ্চিতাৰ অৰিজিনেলৰ মৰ্ফড ফটো পোষ্ট কৰিছিল।
সময়ৰ লগে লগে প্ৰতীম বৰাই নিজৰ কাৰিকৰী জ্ঞান আৰু অধিক বৃদ্ধি কৰে। তেওঁ চেট জিপিটি আৰু ডিজাইনৰ দৰে উন্নত এআই সঁজুলি ব্যৱহাৰ কৰি অৰ্চিতাৰ মুখৰ সম্পূৰ্ণ ডিজিটেল সংস্কৰণ তৈয়াৰ কৰে। তাৰ পিছত, তেওঁ সেই ইনষ্টাগ্ৰাম হেণ্ডেলত এই এআই-জেনেৰেটেড ডিপফেক ফটো আৰু ভিডিঅ’বোৰ পোষ্ট কৰিবলৈ আৰম্ভ কৰে। লক্ষ্যণীয়ভাৱে, এই ডিপফেক কন্টেন্টসমূহ ইমানেও বাস্তৱিক আছিল যে লক্ষ লক্ষ মানুহে এয়া এআই প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা বুলি এবাৰলৈও কল্পনা কৰিব পৰা নাছিল।
প্ৰায় ৫ বছৰ পূৰ্বেই ইনষ্টাগ্ৰামত প্ৰতীম বৰাই এই ভুৱা একাউণ্ট খুলিছিল যদিও যোৱা বছৰৰ পৰাহে একাউণ্টত লাইক লাভ কৰিবলৈ আৰম্ভ কৰে। কিন্তু চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অবিশ্বাস্য হাৰত বৃদ্ধি পায় ইয়াৰ জনপ্ৰিয়তা। অৰ্চিতা নিজে ছ’চিয়েল মিডিয়াত সক্ৰিয় নাছিল, সেয়ে তেওঁ জনা নাছিল তেওঁৰ নামত চলি থকা এই ভয়ংকৰ ষড়যন্ত্ৰৰ কথা। আনহাতে পৰিয়ালৰ লোকেও যাতে এই ভুৱা একাউণ্টৰ বিষয়ে জানিব নোৱাৰে, তাৰ বাবে পৰিয়ালৰ সদস্যসকলক ব্লক কৰি ৰাখিছিল প্ৰতীম বৰাই। কিন্তু ‘বেবীডল আৰ্চি’ৰ কাহিনী ভাইৰেল হোৱাত পৰিয়ালটোৱে এই ভয়ংকৰ সত্য গম পাই তাৎক্ষণিকভাৱে আৰক্ষীক এজাহাৰ দাখিল কৰে।
মিডিয়াৰ খবৰ অনুসৰি, ‘বেবীডল আৰ্চি’ নামেৰে এই ভুৱা একাউণ্ট চলাই বিগত এটা বছৰত প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰিছে প্ৰতীম বৰাই।
প্ৰযুক্তিৰ অপব্যৱহাৰ বনাম আইনৰ বিৰুদ্ধে যুঁজ
আৰক্ষী বিষয়া সিজল আগৰৱালাই স্বীকাৰ কৰে যে এনে ঘটনা সম্পূৰ্ণৰূপে বন্ধ কৰাটো প্ৰায় অসম্ভৱ। তেওঁৰ মতে এই ইনষ্টাগ্ৰাম হেণ্ডেলটো সৃষ্টিৰ আৰম্ভণিতে যদি ব্যৱস্থা গ্ৰহণ কৰা হ’লহেঁতেন তেন্তে ইমান জনপ্ৰিয়তা লাভ নকৰিলেহেঁতেন আৰু ক্ষতিও কম হ’লহেঁতেন। এই ঘটনাই ডিজিটেল প্লেটফৰ্মৰ দায়িত্ব আৰু এআই প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰাৰ ক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইনষ্টাগ্ৰামৰ মূল কোম্পানী মেটাই এই বিষয়ত কোনো প্ৰতিক্ৰিয়া এতিয়াও ব্যক্ত কৰা নাই যদিও সাধাৰণতে তেওঁলোকে নগ্নতা বা যৌন বিষয়বস্তু থকা পোষ্টৰ অনুমতি নিদিয়ে।
এই ঘটনাৰ পিছতে মেটাৰ নিজৰ কাণ্ডকো সমালোচনা কৰা হৈছে। যোৱা মাহত চিবিএছে প্ৰকাশ কৰা অনুসৰি মেটাই বহুতো বিজ্ঞাপন আঁতৰাই পেলাইছে যিবোৰে প্ৰকৃত মানুহৰ ছবিৰ পৰা যৌন ইংগিতদায়ক ডিপফেক সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা এআই সঁজুলিৰ প্ৰচাৰ কৰিছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে এআইৰ দ্বাৰা সৃষ্টি কৰা আপত্তিজনক বিষয়বস্তু এটা ক্ৰমবৰ্ধমান সমস্যা হৈ পৰিছে, যিটোৰ সৈতে প্লেটফৰ্মসমূহেও মোকাবিলা কৰিবলগীয়া হৈছে। বৰ্তমান ‘বেবীডল আৰ্চি’ একাউণ্টৰ ২৮২টা পোষ্ট জনসাধাৰণৰ বাবে উপলব্ধ নহয় যদিও ইয়াৰ ফটো আৰু ভিডিঅ’ এতিয়াও অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত হৈ আছে।
এআইৰ বিশেষজ্ঞ তথা অধিবক্তা মেঘনা বলে কয় যে অৰ্চিতাৰ লগত যিটো ঘটিল সেয়া “ভয়ংকৰ, কিন্তু ইয়াক বন্ধ কৰাটো প্ৰায় অসম্ভৱ”। ‘পাহৰি যোৱাৰ অধিকাৰ’ৰ ধাৰণাটোৰ কথা উল্লেখ কৰি তেওঁ কয় যে যদিও আদালতে ইয়াৰ নিৰ্দেশ দিব পাৰে, তথাপিও ইণ্টাৰনেটৰ পৰা প্ৰতিটো লেখ-জোখ সম্পূৰ্ণৰূপে মচি পেলোৱাটো অত্যন্ত কঠিন। মেঘনা বলৰ মতে, মহিলাৰ বিৰুদ্ধে প্ৰতিশোধমূলক ছবি আৰু ভিডিঅ’ বিয়পোৱাৰ পুৰণি সমস্যাৰ নতুন ৰূপ, যিটো এতিয়া এআইৰ কৃপাত সহজ হৈ পৰিছে। তেওঁ লগতে কয় যে তিৰস্কাৰ বা এনে প্ৰৱঞ্চনাৰ বিষয়ে ভুক্তভোগী অজ্ঞাত হোৱাৰ বাবে এনে কাণ্ডৰ বিষয়ে পায়ে কম অভিযোগ কৰা হয়।
ইফালে, অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতীম বৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতন, অশ্লীল সামগ্ৰী প্ৰচাৰ, মানহানি, ভুৱা নথি-পত্ৰ সৃষ্টি কৰি ভাবমূৰ্তি কলংকিত কৰা, পৰিচয় লুকুৱাই প্ৰৱঞ্চনা, চাইবাৰ অপৰাধ আদি গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। যদি দোষী সাব্যস্ত কৰা হয় তেন্তে সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে প্ৰতীম বৰা। আজি অৰ্চিতাৰ সৈতে ঘটা এই ঘটনা কাইলৈ আন কোনোবা এজনীৰ সৈতে নঘটিব বুলি কি গেৰেণ্টী আছে? এনে কাৰণতে এনে ঘটনা প্ৰতিৰোধৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী তুলিছে বিভিন্নজনে।
কিন্তু মেঘনা বলৰ মতে এনে গোচৰৰ মোকাবিলা কৰিবলৈ বৰ্তমানৰ আইন যথেষ্ট। তেওঁ জেনেৰেটিভ এআই কোম্পানীসমূহৰ বাবে নতুন আইন প্ৰণয়নৰ প্ৰয়োজনীয়তাক লৈ হোৱা বিতৰ্কৰ কথা উল্লেখ কৰি সকীয়াই দিয়ে যে আইন সৃষ্টি কৰাৰ সময়ত অতি সাৱধান হ’ব লাগিব, কিয়নো ইয়াৰ সহায়ত মানুহৰ মত প্ৰকাশৰ স্বাধীনতা দমন কৰিব পৰা যাব।