বেংগালুৰুঃ কম্পিউটাৰত হোৱাটচ এপ ব্যৱহাৰ কৰাসকল সতৰ্ক হওক। কেৱল এখন ফটোৰেই আপোনাৰ হোৱাটচ এপৰ সকলো কণ্টেক্ট, ফটো, ভিডিঅ’, কথোপকথন আদি হেক হ’ব পাৰে।

ইয়াৰ বাবে প্ৰয়োজন নহয় কোনো হাইটেক কৌশল। কেৱল এখন এনক্ৰিপ্টেড ফটোৰেই হেকাৰে আপোনাৰ অজ্ঞাতে সকলো ব্যক্তিগত তথ্য লৈ যাব পাৰে। এই তথ্য প্ৰকাশ কৰিছে ইজৰাইলস্থিত এটা চফটৱেৰ প্ৰতিস্থানৰ নীৰিক্ষকৰ দল এটাই। 

চেক পইণ্ট চফটৱেৰ টেকনলজিচ নামৰ প্ৰতিস্থানটোৱে প্ৰকাশ কৰা মতে এনে হোৱাটচ এপত এনে এটা সুৰক্ষাজনিত সুৰুঙা ৰৈ গৈছে যাৰ ফলত লক্ষাধিক ইউজাৰৰ একাউণ্ট যিকোনো মুহূৰ্ততে চাইবাৰ জগতৰ কুচক্ৰৰ হাতত পৰিব পাৰে।

এই গুৰুতৰ আঁসোৱাহ থাকি যোৱাৰ ফলত হেকাৰে ইউজাৰৰ কথোপকথন, ফটো, ভিডিঅ’ আদি সহজেই চাব পাৰিব বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। এই একেটা বাগিং সমস্যা টেলিগ্ৰাম নামৰ এপটোৰ ক্ষেত্ৰটো থকা বুলি প্ৰকাশ কৰিছে চেকপইণ্টে।

অৱশ্যে এতিয়ালৈকে হোৱাটচ এপৰ কৰ্তৃপক্ষৰপৰা কোনোধৰণৰ মতামত অহা নাই। আনহাতে চেকপইণ্টৰ তথ্য ভ্ৰান্তিকৰ বুলি অভিযোগ উত্থাপন কৰিছে টেলিগ্ৰাম নামৰ এপৰ প্ৰতিষ্ঠানটোৱে।