ডিজিটেল ডেস্কঃ মঞ্চৰ বিহু বুলিলেই পাপন-জুবিনৰ মন জুৰোৱা গীতবোৰ মনলৈ আহে। জুবিন বাৰু গুৱাহাটীতে আছে, কিন্তু পাপন ক’ত? ৰিয়েলিটি শ্ব’ ভইচ ইণ্ডিয়া কিডচৰ প্ৰাৰ্থীক মৰমতে চুমা খাই বিতৰ্কৰ মাজত সোমাই পৰা পাপনক গুৱাহাটীৰ মঞ্চৰ বিহুত আদৰি ল’ব নে নাই তাকে লৈ বহুদিনৰে পৰা গুণাগঁথা চলি আছিল। আজি বিহুৰ দ্বিতীয়টো দিন, অৰ্থা গোসাঁই বিহু। কিন্তু পাপনক দেখা নাই গুৱাহাটী অথবা অসমৰ কোনো এখন বিহুমঞ্চত। 'সোঁৱৰণি কুঁৱলী ফাঁকেৰে’ গাই সকলোকে এই বিহুৰ বতৰত আৱেগ বিহ্ৱল কৰি তোলা অসমৰ সুযোগ্য সন্তানজন অসমভূমিত সম্প্ৰতি নাই বুলি জানিব পৰা গৈছে। 

>

অনুৰাগীয়ে ক’লে পাপন নাথাকিলে বিহু বিহু নালাগে গাত

পাপন অনুৰাগীৰ মাজত এতিয়া শূন্যতা বিৰাজ কৰিছে। কিয়নো প্ৰতিবছৰে পাপনে বিহুগীতেৰে অসমৰ প্ৰান্তে প্ৰান্তে বিহুমঞ্চত অনুৰাগীক সন্মোহিত কৰি অহাৰ পিছত এইবাৰ পাপনবিহীন বিহু একেবাৰে ভাল লগা নাই। চৰাই হোৱা হ’লে উৰি গ’লোহেঁতেন, অ’ নবৌ গামোছা ব’ব জানানে’- আদি গীতৰ উল্লেখ কৰি অনুৰাগীয়ে পাপন নথকাত দুখ প্ৰকাশ কৰিছে।  

ৰবীনাই মাৰিলে ওলোটা খঁৰ

ৰিয়েলিটি শ্ব’ত পাপনে প্ৰাৰ্থী এগৰাকীক চুমা খোৱাৰ ভিডিঅ’ ফেচবুকত আপলোড হোৱাৰ পিছতে কুকুৰে কাইঁট নোখোৱাকৈ গালি দিয়া বলিউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে এতিয়া সুৰ সলাইছে। সেই ঘটনাক 'ঘৃণনীয়, লজ্জাজনক’ আখ্যা দি পাপনৰ কঠোৰতম শাস্তিৰ দাবী জনোৱা ৰবীনাই এতিয়া কৈছে- পাপনৰ 'ৰেকৰ্ড ক্লিন’। গতিকে তেওঁক লৈ হোৱা বিতৰ্কই শিল্পীজনক আগুৱাইহে নিব বুলি মনে ধৰে।