newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল একপ্ৰকাৰ ঘোষণা হৈছে৷ কোনো দলেই নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে৷ যাৰ ফলত কংগ্ৰেছে জনতা দল চেকুলাৰ সমৰ্থনত চৰকাৰ গঠনৰ বিষয়ে আলাপ-আলোচনা কৰাও পৰিলক্ষিত হৈছে৷
আনহাতে ৰাজ্যখনত যেতিয়া কেনো দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়া ৰাজ্যপালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰে৷ তেনে প্ৰৰিপ্ৰেক্ষিতত কৰ্ণাটকৰ ৰাজ্যপাল বজুভাই বালাৰ ওপৰতে ৰাজ্যখনৰ চৰকাৰ কোন দলে গঠন কৰিব সেয়া নিৰ্ভৰ কৰা পৰিলক্ষিত হৈছে৷