newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে অন্ত পৰে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন৷ ইয়াৰ পিছতে কংগ্ৰেছ-বিজেপিৰ মাজত আৰম্ভ হয় নতুন অংক৷ সেয়া হৈছে নিৰ্বাচনত কোনে কিমান আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ বিজেপিয়ে কৰ্ণাটকত এইবাৰ সংখ্যা গৰিষ্ঠ আসনেৰে শাসনাধিষ্ঠিত হ’ব পাৰিব বুলি দাবী কৰে৷ কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যখনৰ শাসনাধিষ্ঠিত কংগ্ৰেছেও পুনৰ ৰাজ্যখনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰিছে৷
সম্পন্ন হৈ যোৱা ৰাজ্যখনৰ নিৰ্বাচনত বিজেপিৰ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ মন্তব্য খাৰিজ কৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে এক টুইট যোগে বিজেপিৰ ক্ষমতা লাভ কৰাৰ সপোন খৰিজ কৰি কয় যে এইবাৰো কৰ্ণাটকত কেৱল কংগ্ৰেছেই ক্ষমতা দখল কৰিব৷ তেওঁ টুইট যোগে দলীয় কৰ্মীসকলক দেওবাৰটো আনন্দ স্ফুৰ্তিৰে পাৰ কৰিবলৈ আহ্বান জনায়৷