প্ৰতিকী ফটো
প্ৰতিকী ফটো

হোজাইঃ হোজাইৰ ৰামপুৰ বস্তিত আজি বিয়লিৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অঞ্চলটোৰ একাংশ মহিলাই হাতে হাতে হাতুৰী, কোৰ, খন্তি আদি লৈ লণ্ড ভণ্ড কৰে এছ এছ ৱাইন বাৰ নামৰ সুৰাৰ বিপনীখন৷

উক্ত সুৰাৰ বিপনীখনৰ বাবে অঞ্চলটোৰ পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগকৰি আহিছিল স্থানীয় মহিলাসকলে৷ ৰাইজে কেবাবাৰো এই সন্দৰ্ভত অভিযোগ দিয়াৰ পাছতো প্ৰশাসনে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আজি অঞ্চলটোৰ মহিলা সমাজে আইন হাতত তুলি সুৰাৰ বিপণীখন এনেদৰে লণ্ডভণ্ড কৰে।

ইফালে বিপনীখনৰ কাষতে বহু পুৰণি এটি শীতলা মন্দিৰ থকাৰ পাছতো আবকাৰী বিভাগে কেনেদৰেঅনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে উক্ত বিপণীখনত বিগত দহদিন পূৰ্বে বিদ্যুৎ বিসংগতিৰ ফলত সংঘটিত হৈছিল এক অগ্নিকাণ্ড। সেই অগ্নিকাণ্ডত  জাহ যায় কেইবালক্ষাধিক টকাৰ বিলাতী সুৰা। ইয়াৰ পাছত বিপণীখন পুনৰ  আৰম্ভ কৰাৰ চেষ্টা চলাওঁতেই মহিলাসকলে  এনেদৰে ভাঙি লণ্ড ভণ্ড কৰে।

কোনো কাৰনতে সুৰাৰ দোকান আৰম্ভ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে মহিলাসকলে। সঞ্জয় চৰকাৰ নামৰ লোকজনে আবকাৰী বিভাগৰ লোকক মেনেজ কৰি এনেদৰে মন্দিৰৰ কাষতে বিপণীখন চলাই আহিছিল বুলিও অভিযোগ কৰে ক্ষুব্ধ মহিলাসকলে।