newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ চিৰিংহোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত কুৱৰী পথাৰ গাঁৱত আজিও নাই বিদ্যুতৰ সংযোগ৷ যি সময়ত পৰিৱৰ্তন কামী চৰকাৰ খনে ২৪ ঘণ্টা বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ বিজেপি চৰকাৰে সকলো গাঁৱতে বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰিছে তেনে সময়তে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ এটা এলেকাত নাই বিদ্যুতৰ সংযোগ৷ যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্রুতি ফুটুকাৰ ফেন হৈ পৰিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ ফলত পোহৰ দেখিবলৈ পোৱা নাই লাহোৱালৰ কুৱৰী পথাৰ গাঁৱৰ ৰাইজে৷ 

স্বাধীনতা ৭০ বছৰৰ পাছত গাঁও খনত পৰিছিল মাত্র কেইটামান বিদ্যুতৰ খুঁটা৷ কিন্তু খুঁটা বোৰ আজিও পৰিয়ে থাকিল৷ কুৱৰী পথাৰ গাঁৱৰ ছাত্র-ছাত্রীসকলে অাজিও চাকিৰ পোহৰতে অধ্যয়ন কৰিব লগা হৈছে৷ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ-বিজেপি সকলোৱে প্ৰতিশ্রুতি দিয়ে কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত গাঁও খনত বিদ্যুতৰ সংযোগ দিবৰ বাবে পাহৰি যায় নেতাকসকলে৷ 

বৰ্তমানৰ চৰকাৰখনে গাঁও খনত কেইটা মান বৈদ্যুতৰ খুঁটা পেলোৱাত আশা কৰা হৈছিল যে গাঁও খনত বিদ্যুতৰ পোহৰ আহিব৷ কিন্তু যেন সকলো মিছা  ৷ কাৰ্যক্ষেত্রত খুঁটা কেইটা পেলাই দায়িত্ব সামৰিলে বিভাগে৷ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক বহু বাৰ ৰাইজে অনুৰোধ জনাইছিল যদিও বিধায়কজনে গুৰুত্ব প্ৰদান নকৰিলে৷

একাংশ লোকে আমি আমাৰ লৰা-ছোৱালীক প্ৰযুক্তি বিদ্যাৰ যুগত বিদ্যুতৰ পোহৰত পঢ়াব নোৱাৰিলো সেইটো আমাৰ দুৰ্ভাগ্য বুলি কয়৷ newsnextone.comৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সন্মুখত এগৰাকী বৃদ্ধই চকুলো টুকি কয় যে আমাৰ ওচৰৰ মুখ্যমন্ত্ৰী, চাৰিও ফালে একে দলৰ বিধায়ক তথাপিও আমাক পোহৰ দিব নোৱাৰিলে৷ বৰ দুখ পাও বোপা৷ আমি মোবাইল চাৰ্জ দিবলৈ আনৰ ঘৰত যাব লাগে৷ সন্তানে আমাক লাজ দিয়ে অ’ বোপা, লাজ দিয়ে বুলি কয় লোকগৰাকীয়ে৷

একাংশ লোকে সকলোৱে আমাক ঠগায় বুলি কয়৷ প্ৰত্যেক মাক-দেউতাকে নিজৰ সন্তানক পঢ়াই শুনাই শিক্ষিত কৰিব বিচাৰে৷ কিন্তু আমাৰ সন্তানে নিশা পঢ়িব নোৱাৰে৷ কৰ পৰা পাম কেৰাচিন৷ দিছপুৰ পালে সকলোৱে পাহৰে আমাক বুলি কৈ ক্ষোভ জাহিৰ কৰে৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া তথ্য মতে মণিপুৰৰ লিচাং গাঁও খনত বিদ্যুতৰ সংযোগ দিয়াৰ লগে লগে দেশৰ প্ৰতি খন গাঁৱতে বিদ্যুৎ সংযোগ সম্পূৰ্ণ হৈছে৷ চৰকাৰী তথ্য মতে হয়তো লিচাং গাঁও খনক সদায় নমত ৰাখিব লাগিব৷ দেশৰ চৰকাৰে দিল্লীৰ পৰা আৰম্ভ কৰা দিন দয়াল আঁচনিৰ জৰিয়তে অন্তিম খন গাঁৱে বিদ্যুতৰ পোহৰ লাভ কৰাৰ লগে লগে চৰকাৰে আঁচনি সফল হোৱা বুলি দাবী কৰে৷ কিন্তু এই দাবী কিমান সঁচা?