• ৰংদাইচুকৰ শতাধিক মহিলা ওলাই আহি ঘেৰাও কৰিলে এখন সুৰাৰ বিপনী
  • দীৰ্ঘদিন ধৰি সত্ৰ,নামঘৰ,বিদ্যালয়ৰ সমীপত বিপনীখনে যোগান ধৰি আছিল দেশী-বিদেশী সুৰা 
  • জিলা প্ৰশাসনৰ নিলিপ্ততাক লৈ ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে
  • শীঘ্ৰেই ব্যৱস্থা গ্ৰহনৰ দাবী,আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ।

নগাঁওঃ নগাঁৱৰ পুৰণিগুদামত সুৰাৰ বিৰুদ্ধে মহিলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। পুৰণিগুদাম ৰংদাইচুকৰ শতাধিক মহিলা ওলাই আহি ঘেৰাও কৰিলে গাওঁ খনতে থকা এখন সুৰাৰ বিপনী। দীৰ্ঘদিন ধৰি সত্ৰ-নামঘৰ, বিদ্যালয়ৰ সমীপতে বিপনীখন স্থাপন কৰি এজন স্থানীয় যুৱকে যোগান ধৰি আহিছিল দেশী-বিদেশী সুৰা। 

এই সুৰা পান কৰিয়ে বহু গৃহস্থিৰ ঘৰুৱা পৰিবেশৰ লগতে সামাজিক পৰিৱেশো বিনষ্ট হোৱাৰ অভিযোগ তুলি পুৰণিগুদাম ৰংদাইচুকৰ মহিলাই ঘেৰাও কৰিলে সুৰাৰ দোকানখন।প্ৰতিবাদস্থলীত মহিলাসকলে জিলা প্ৰশাসনে গ্ৰহন কৰা নিলিপ্ত ভূমিকাৰ বাবে উজাৰিলে তীব্ৰ ক্ষোভ। ইফালে বিজেপি চৰকাৰেও গাঁৱৰ যুৱকৰ সংস্থাপনৰ নামত প্ৰদান কৰা সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ সন্দৰ্ভতো ক্ষুব্ধ মহিলা সকলে তীৰ্য্যক সমালোচনা কৰে শাসনাধিষ্টিত চৰকাৰ খনক। 

পাছত মহিলাসকল আৰু স্থানীয় ৰাইজে এক প্ৰতিবাদী সমদল কৰি পুৰণিগুদাম আৰক্ষী চকীলৈ গৈ বিশেষ সুৰাৰ বিপনী খনৰ লগতে স্বত্বাধিকাৰ জনৰ সন্দৰ্ভতো আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে অতি শীঘ্ৰে আৰক্ষীক ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায়।