newsnextone.com | ডিজিটেল ডেস্কঃ হলিউডৰ দুই তাৰকাক অপহৰণ কৰি নি উলংগ কৰি শাস্তি প্ৰদান কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ ডেইজী মেক্ৰাকণ আৰু জোচেফ ক্যাপনক অপহৰণ কৰি নি তিনিদন ধৰি বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ টুইটাৰত পোষ্টা কৰা এটা ভিডিঅ’ৰ জৰিয়তে অপৰাধীক ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে লছ এঞ্জেল আৰক্ষীয়ে৷ বিগত ৩ মে’ত লছ এঞ্জেলৰ ডেইজীৰ বাসভৱনৰ পৰা দুয়োকে দুৰ্বৃত্তই পিষ্টল দেখুৱাই অপহৰণ কৰি নিছিল কিছ আন্দ্ৰে ষ্টুৱাৰ্ড, জণ্টি জোন্স আৰু আম্বাৰ নীল নামৰ তিনিগৰাকী লোকে৷ ইয়াৰে আম্বাৰ নীল নামৰ মহিলাগৰাকী ধৰা পৰাৰ পিছতহে ঘটনাৰ কথা পোহৰলৈ আহে৷