পথ দূৰ্ঘটনাত আহত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং তেৰাংপী  সহ কংগ্ৰেছ কৰ্মী

ডিজিটেল ডেক্স,ডিফুঃ যোৱা শনিবাৰে ডিমা হাছাও জিলাৰ মাইবঙৰ ওচৰত এক পথ দূৰ্ঘটনাত আহত হয় পূব কাৰবি আংলং জিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং তেৰাংপী সহ কংগ্ৰেছ কৰ্মী হানৰিক তেৰাংপী ৷ 
পৰিয়ালৰ সূত্ৰে জানিব পৰী মতে সভানেত্ৰী গৰাকীয়ে সহ-কৰ্মী সহ ডিমা হাছাও জিলাৰ হাফলঙৰ পৰা কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ সামৰি  ডিফু অভিমুখে আহি থকা অৱস্থাত মাইবঙৰ পৰা প্ৰায়  ১৭ কিল'মিটাৰ নিলগত তেওঁলোক আহি ছুইফ্ট ডিজায়াৰ গাড়ীখনে সন্ধিয়া প্ৰায় ৬-৩০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰে ডিভাইডাৰত খুন্দা মৰাৰ ফলত সভানেত্ৰী কাছাং তেৰাংপী আৰু কৰ্মী হানৰিক তেৰাংপী গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হয়৷ 
স্থানীয়লোকৰ তৎপৰতাত ১০৮ সেৱা যোগে দুয়োকে মাইবং চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দুয়োকে অধিক উন্নত চিকিৎসাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ পিচত পৰিয়ালৰ লোকে অধিক উন্নত চিকিৎসাৰ বাবে দুয়োকে ডিমাপুৰলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে আৰু দুয়ো বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷
ছাইদুল ইছলাম,ডিফু