ধিংঃ বেটী বচাও-বেটী পঢ়াও শ্লগান এতিয়া অনৰ্থক হৈ পৰিছে ৰাজ্যৰ বিভিন্ন চৰাঞ্চলত। এনে বহু চৰাঞ্চলত অব্যাহত অাছে ভূ-মাফিয়াৰ গুণ্ডাৰাজ । অাইন-অাদালত একোৱেই ঢুকি নাপায় এই চৰসমূহক।
একাংশ ভূ-মাফিয়া অাৰু ধৰ্মীয় মুৰব্বীয়ে চলাই অাইন বিচাৰ । পুৰুষটো বাদেই মহিলাও সাৰি নাযায় এনে গুণ্ডবাহিনীৰ হাতত । প্ৰতিটো পৰিয়ালে মাহে মাহে দিব লাগে শস্য অাৰু কৰ-কাটল।
নগাওঁ জিলাৰ ধিঙৰ অতি দুৰ্গম অঞ্চল মুচলেম চৰ। ভূ-মাফিয়াক সময়মতে কৰ কাটল নিদিয়াত এগৰাকী মহিলাক আজি এই চৰত পাশৱিক অত্যাচাৰ চলায় একাংশ ধৰ্মীয় মুৰব্বী তথা ভূ-মাফিয়াই।
মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকাৰ সুযোগ লৈ ভূ-মাফিয়াই এনে তাণ্ডৱ চলায়। এনে ঘটনা প্ৰায়েই সংঘটিত হয় এই দুৰ্গম অঞ্ছলসমূহত। প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি পলায়ন কৰিছে বহু দৰিদ্ৰ লোকে।