newsnextone.com । যোৰহাটঃ গুৱাহাটী অভিমুখী ৰে'লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় । পুৱা ১৫৭১৮ নম্বৰৰ নামনিমুৱা এক্সপ্ৰেছখনৰ খুন্দাত প্ৰাণ গ'ল মহিলাগৰাকীৰ। যোৰহাট আতিলা গাঁৱৰ সমীপত সংঘটিত এই ঘটনা । মহিলাগৰাকী নাম পিংকী চৰকাৰ বুলি জানিব পৰা গৈছে। যোৰহাট লিচুৱাৰীৰ নিবাসী তথা বাতৰি কাকতৰ ব্যৱসায়ী গোপাল চৰকাৰৰ পত্নী পিংকী দুটা পুত্ৰ সন্তানৰ মাতৃ । স্থানীয় লোকে পিংকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে ।