তেজপুৰঃ চিটুৰ শোণিতপুৰ জিলা সমিতিয়ে আজি কেইবাশতাধিক মহিলা শ্ৰমিকৰ উপস্থিতিত বিশাল সমদল উলিয়াই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ জিলাখনৰ অংগনবাড়ী কৰ্মী-সহায়িকা, মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু আশা কৰ্মীসকলৰ সমস্যা সমাধানৰ দাবীত চিটুৱে চৰকাৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে মৰ্য্যদা দিয়া, অংগনবাড়ী কৰ্মী-সহায়িকা, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মীক দৰমহা দিয়াৰ ব্যৱস্থা কৰা, মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক গতাই দিয়াৰ সিন্ধান্ত বাতিল কৰা, ন্যুনতম ৫ হাজাৰ টকা মাননি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা শ্ৰমিকসকলে৷

চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তুলি সমস্যাসমূহ পুৰণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে৷ মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মী-সহায়িকাক দৰমহা দিয়াৰ লগতে পেন্সনৰ সময়ত এককালীন সাহাৰ্য্য দিয়াৰো দাবী জনায় চিটুৰ তেজপুৰ জিলা সমিতিয়ে ৷ তেজপুৰ চহৰৰে পাৰ হৈ সমদলকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা প্ৰদৰ্শন কৰে৷ পিছত তেজপুৰৰ উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।