গুৱাহাটীঃ সমগ্ৰ দেশতে নাৰী জনিত অপৰাধ দিনক দিনে বৃদ্ধি হৈছে। সামাজিক অপৰাধৰ সংখ্যাৰে বিশ্বৰ দেশ সমূহৰ ভিতৰত আমাৰ দেশৰ স্থান ১১২ সংখ্যক। নিৰ্ভয়া, উন্নাও, প্ৰিয়ংকা ৰেড্ডি, অৰ্ণমাই বৰাকে আদি কৰি আৰু বহু এনে হত্যাকাণ্ডই আমাৰ দেশক জোকাৰি গৈছে যদিও এইসমূহ অপৰাধ নিৰ্মূলৰ বাবে কোনো এখন চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই। কিছুদিন পূৰ্বে সংবাদ শিৰোনামৰ লগতে সমগ্ৰ দেশে হুমুনিয়াহ কঢ়া প্ৰিয়ংকা ৰেড্ডি আজি পাহৰণিৰ গৰ্ভত। নিৰ্ভয়া হত্যাকাণ্ডৰ গোচৰতো এতিয়া সোমাই পৰিছে ৰাজনৈতিক মেৰপেছ যাৰ বাবে আজিও ন্যায়ৰ আশাত উজাগৰী নিশা কটাবলৈ বাধ্য হৈ পৰিছে নিৰ্ভয়াৰ মাতৃ।
পুৰুষতান্ত্ৰিক মানসিকতাই শিপাই থকা আমাৰ দেশত প্ৰতি মুহূৰ্তেই সংঘটিত হৈ আহিছে এনে বহু সামাজিক অপৰাধ। যোৱাটো সপ্তাহত অসমত সংঘটিত হৈছে তিনিটাকৈ ধৰ্ষণজনিত হত্যাকাণ্ড। আশ্চৰ্যজনক কথা এয়ে যে এই অপৰাধৰ বাবে একাংশ লোকে অপৰাধীৰ পৰিৱৰ্তে চুটি কাপোৰকহে জগৰীয়া কৰা দেখা গৈছে।