Home ৰাজ্য৫ দিনত ৰে’ল ষ্টেচনত উদ্ধাৰ ২৭ গৰাকী কিশোৰী-যুৱতী

৫ দিনত ৰে’ল ষ্টেচনত উদ্ধাৰ ২৭ গৰাকী কিশোৰী-যুৱতী

by News Next One
A+A-
Reset

গুৱাহাটীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। সংস্থাপন দিয়াৰ প্ৰলোভনেৰে এটা বৃহৎ চক্ৰই বহিঃৰাজ্যলৈ বিশেষকৈ গ্ৰামাঞ্চলৰ দুখীয়া জীয়াৰী-বোৱাৰীক সৰবৰাহ কৰি আহিছে। এনে সময়তে উত্তৰ-পূব ৰে’ল আৰক্ষীৰ অবিৰত নিৰীক্ষণত মানৱ সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ হয় ২২ গৰাকী কিশোৰীসহ মুঠ ২৭ গৰাকী মহিলা।

২৫ জুনৰ পৰা ২৯ জুনলৈ ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচন- কাটিহাৰ, কিষাণগঞ্জ, কামাখ্যা, নিউ বঙাইগাঁও আৰু নিউ কোচবিহাৰত চলোৱা অভিযানৰ সময়ত উদ্ধাৰ হয় কিশোৰী-যুৱতী কেইগৰাকী।

এই পাঁচ দিনত ৰে’ল আৰক্ষীয়ে সৰবৰাহৰ চিকাৰ হোৱা, ঘৰৰ পৰা পলায়ন কৰা বা সন্দেহজনকভাৱে ঘূৰি ফুৰা যাত্ৰীক চিনাক্ত কৰি উদ্ধাৰ কৰে। তাৰ পিছত তেওঁলোকৰ সম্পূৰ্ণ পৰীক্ষণৰ পিছত সুকলমে চাইল্ডলাইন, এনজিঅ’, স্থানীয় আৰক্ষী থানা আৰু পৰিয়ালক চমজাই দিয়া হয়। ৰে’ল আৰক্ষীয়ে সদৰী কৰা মতে, ২৫ আৰু ২৬ জুনত কাটিহাৰ, কিষাণগঞ্জ আৰু ছামছিত চলোৱা যৌথ অভিযানত পাঁচগৰাকী কিশোৰীক উদ্ধাৰ কৰা হয়।

২৭ জুনত কামাখ্যা ষ্টেচনৰ পৰা পলায়ন কৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰি পিছত চাইল্ডলাইনক গতাই দিয়া হয়। একেদৰে ২৮ জুনত নিউ বঙাইগাঁৱত এক বৃহৎ অভিযানত এজন লোকৰ পৰা পাঁচগৰাকী নাবালিকাক উদ্ধাৰ কৰে আৰপিএফে। আৰক্ষীয়ে অভিযুক্তক জেৰা কৰি সৰবৰাহ চক্ৰটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক আছে নে নাই সেই তদন্ত অব্যাহত ৰাখিছে। ২৯ জুনতো আৰপিএফে নিউ কোচবিহাৰ ষ্টেচনত নিৰুদ্দেশ হোৱা এগৰাকী যুৱতীক উদ্ধাৰ কৰে।

তেওঁৰ পৰিচয় নিশ্চিত কৰি পৰিয়ালক গতাই দিয়ে। তদুপৰি মহিলা যাত্ৰীৰ সুৰক্ষাৰ বাবে আৰপিএফৰ সৰ্বমহিলা দলটোৱে ‘মেৰী চেহেলী’ আঁচনিৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে। নিয়মীয়াকৈ ৰে’ল আৰু ষ্টেচনত টহল দি নিৰাপদ যাত্ৰা নিশ্চিত কৰা হৈছে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0