ডিজিটেল ডেস্ক | নলবাৰীঃ স্বেচ্ছাসেৱী সংগঠন "সঁহাৰি" য়ে স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি শাৰদীয়া দূৰ্গা পূজা উপলক্ষে নলবাৰী চহৰৰ মাজমজিয়াৰ ৫ খন দূৰ্গাপূজাৰ মন্দপত ৪/৫ টাকৈ "সঁহাৰি" ৰ সদস্য সকলে নিজ হাতে বনোৱা বাঁহৰ ডাষ্টবিন প্ৰদান কৰে। 

নলবাৰী চহৰত থকা হৰি মন্দিৰ বাৰোৱাৰী দূৰ্গা পূজা, কলেজ চ'ক দূৰ্গা পূজা, গোপাল বজাৰ দূৰ্গা পূজা অাৰু চ'ক বজাৰৰ দূৰ্গা পূজাত বিতৰন কৰে বাঁহৰ ডাষ্টবিন। এইক্ষেত্ৰত বাঁহৰ ব্যৱহাৰ বৃদ্ধি হলে থলুৱা ব্যবসায়ী সকলো বিশেষ ভাৱে উপকৃত হ'ব বুলি "সঁহাৰি" ৰ সভাপতি প্ৰকাশ দাসে জানিবলৈ দিয়ে লগতে প্লাষ্টিক বৰ্জন কৰিবলৈ সমাজক আহ্বান জনায় "সঁহাৰি"ৰ সম্পাদক দীপ মেধিয়ে।