80
ডিজিটেল ডেস্কঃ তিনি বাৰৰ বিশ্ব চেম্পিয়ন। জয়ৰ লক্ষ্য লৈয়েই ভাগ লয় টুৰ্ণামেণ্টত। অৱশেষত আশা অনুসৰিয়েই অৰ্জন কৰে শ্ৰেষ্ঠত্ব। এই জয়ৰ লক্ষ্যৰেই আৰু এখন প্ৰতিযোগিতাত ভাগ ল’বলৈ গাড়ীৰে উত্তৰ আৰ্জেণ্টিনালৈ যাত্ৰা কৰিছিল তেওঁ।
কিন্তু বিধিৰ বিপাক। মাজপথতে সংঘটিত হ’ল দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত দাউদাউকৈ জ্বলি উঠে গাড়ীখন। ফলত গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যু মুখত পৰে মহিলা বডিবিল্ডাৰ আলেজেন্দ্ৰা ৰুবিঅ’।