ডিজিটেল ডেস্কঃ তিনি বাৰৰ বিশ্ব চেম্পিয়ন। জয়ৰ লক্ষ্য লৈয়েই ভাগ লয় টুৰ্ণামেণ্টত। অৱশেষত আশা অনুসৰিয়েই অৰ্জন কৰে শ্ৰেষ্ঠত্ব। এই জয়ৰ লক্ষ্যৰেই আৰু এখন প্ৰতিযোগিতাত ভাগ ল’বলৈ গাড়ীৰে উত্তৰ আৰ্জেণ্টিনালৈ যাত্ৰা কৰিছিল তেওঁ।

কিন্তু বিধিৰ বিপাক। মাজপথতে সংঘটিত হ’ল দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত দাউদাউকৈ জ্বলি উঠে গাড়ীখন। ফলত গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যু মুখত পৰে মহিলা বডিবিল্ডাৰ আলেজেন্দ্ৰা ৰুবিঅ’।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, এই দুৰ্ঘটনাত সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ পৰে বডি বিল্ডাৰগৰাকীৰ সুঠাম শৰীৰ। দুৰ্ঘটানটোত আলেজেন্দ্ৰাৰ সৈতে নিহত হৈছে আৰু ৪ গৰাকী বডিবিল্ডাৰ। কেউগৰাকীয়ে টুৰ্ণামেণ্টত ভাগ ল’বলৈকে গাড়ীখনেৰে যাত্ৰা আৰম্ভ কৰিছিল।

ঘটনাটোত গুৰুতৰভাৱে আহত হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। দুয়োজনকে সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে এই খবৰ বিয়পি পৰাৰ লগে লগে আৰ্জেণ্টিনাৰ লগতে সমগ্ৰ বিশ্বৰ অনুৰাগী তথা দেহশ্ৰীৰ সৈতে জড়িতসকলে গভীৰ শোক প্ৰকাশ কৰিছে।