লণ্ডনঃ বৃটিছ সংসদৰ ওপৰত হোৱা আক্ৰমণক সমগ্ৰ বিশ্বই একমুখে নিন্দা কৰিছে। এই আক্ৰমণক গ্ৰেট বৃটেইনৰ সংসদীয় প্ৰমূল্যবোধৰ ওপৰত হোৱা আক্ৰমণ আখ্যা দিছে দেশখনৰ প্ৰধানমন্ত্ৰী থেৰেছাই মেয়ে।

লণ্ডনৰ এই আক্ৰমণত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংহত পদক্ষেপ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে সন্ত্ৰাসবাদ দমন কৰিবপৰা যাব বুলি টুইটাৰযোগে এই প্ৰসংগত ব্ৰিটেইনৰ হৈ মাত মাতিছে ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে।

উল্লেখ্য যে, বুধবাৰে ভাৰতীয় সময় অনুসৰি ৮ বাজি ১০ মিনিটত বৃটিছ সংসদ ভৱনৰ ৱেষ্টমিনিষ্টাৰ ব্ৰীজৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৫ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে অতিকমেও ৪০ জন লোক আহত হৈছিল।

ঘটনা সন্দৰ্ভত বৃটেইন আৰক্ষীয়ে বাৰ্মিংহামৰ আশে-পাশে ভালেমান স্থানত ওৰেনিশা চলোৱা অভিযানত ধৰা পৰিছে ৭ জনকৈ লোক।  

আক্ৰমণত কেৱল এজন লোক জড়িত আছিল বুলি বৃটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আক্ৰমণটোত ইছলামিক কট্টৰপন্থীৰ হাত থাকিব পাৰে বুলি বৃটিছ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।