গৌৰীসাগৰঃ শিৱসাগৰ জিলাত উত্তৰ পূৱ গ্রাম্য আন্তঃ গাঁথনি বিকাশ বে-চৰকাৰী সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় বিশ্ব পৰিবেশ দিৱস। ৭ খনকৈ বীজ উৎপাদন সমিতি মিলিত হৈ বৃক্ষৰোপন কাৰ্য্যসূচীৰ অংশগ্রহণ কৰা সকলো একত্রিত হৈ ঐতিহাসিক গজপুৰীয়া আলি, মগলৌ নামঘৰ, NERID ৰ স্থায়ী কাৰ্য্যালয়ৰ লগতে শংকৰ জ্যোতি বিষ্ণু জাতীয় বিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপন কৰে।
এগচি বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা কাৰ্য্যসূচীত গাঁৱৰ বয়োজেষ্ঠ ব্যক্তি সকলৰ লগতে উপস্থিত সমূহ সদস্যই উক্ত কাৰ্য্যসূচীত অংশগ্রহণ কৰে। কৃষিক্ষেত্রত এখন সমৃদ্ধিশালী অসম গঢ়াৰ প্রয়াস কৰা চিলাৰায়, সেউজ, আইমণি, মগলৌ, নৱসূৰুজ, দিখৌ, ৰূপহী বীজ উৎপাদন সমিতিৰ সদস্য সকলে এনেদৰে প্ৰয়াস গ্ৰহণ কৰিছে।
ইয়াৰ পিছত সদস্যসকল মিলিত হৈ গাঁও বুঢ়া চম্পক শইকীয়াক সভাপতি হিচাপে লৈ ২০১৭-২০১৮ শালি ধানৰ বীজ গাঁও আঁচনিয়ে সামৰি লোৱা শিৱসাগৰ জিলাৰ কোন কোন ঠাইত এই খেতি কৰিলে কৃষক সকল অধিক ফলপ্রসূ হ’ব তাৰ ওপৰত বিতং আলোচনা কৰে সদস্য সকলে।
সভাত উত্তৰ পূৱ গ্রাম্য আন্তঃগাথনি বিকাশ বে-চৰকাৰী সংস্থাৰ সাধাৰণ সম্পাদকে গ্রামাঞ্চলৰ উন্নয়ন আৰু চৰকাৰে কৃষিৰ ক্ষেত্রত লোৱা অভিনৱ পদক্ষেপৰ কথা উল্লেখ কৰে। কৃষক সকলক প্রকৃত অৰ্থত কৃষক হৈ দেশক আগুৱাই নিৱলৈ আহ্বান জনায় সংস্থাৰ সম্পাদকজনে।
ইয়াৰ পিছত সেউজ বীজ উৎপাদন সমিতিৰ বিষয়-ববীয়া পলাশ দহোতীয়াই সকলোকে একত্রিত হৈ কৃষিৰ ক্ষেত্রত বৈপ্লৱিক পৰিবৰ্তন আনিবলৈ আহ্বান জনায়। সভাত আইমণি বীজ উৎপাদন সমিতিৰ সাধাৰণ সম্পাদক ৰুবুল হাজৰিকাই কয় যে প্রতিখন গাঁৱৰ সকলো কৃষককে এই ক্ষেত্রত সজাগতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উপস্থিত সমিতি কেইখনৰ বিষয়ববীয়া সকলৰ বহুমূলীয়া মন্তব্যৰে আজি বিশ্ব পৰিবেশ দিৱসৰ সফল সমাপ্তি ঘটে।