জেনেভাঃ কেৱল বয়স্ক লোকসকলৰ বাবেই নহয়, মাৰাত্মক কৰ’না ভাইৰাছ ডেকা-গাভৰুৰ বাবেও হ’ব পাৰে বিপদৰ কাৰণ। এই সতৰ্কবাণী প্ৰদান কৰিছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মূৰব্বী টেডৰ’ছ এটানমে। মূলতঃ কৰ’না ভাইৰাছ শিশু আৰু জ্যেষ্ঠ লোকসকলৰ বাবেই অধিক বিপদজনক হিচাপে ধৰা হ’লেও এই ৰোগক পৰাভূত কৰাতো তৰুণ-তৰুণীসকৰ পক্ষেও যে ইমান সহজ নহয় সেয়া স্পষ্টকৈ জনাইছে WHOৰ প্ৰধানগৰাকীয়ে।
‘যদিও কৰ’না ভাইৰাছত মৃত্যু হোৱা লোসকসকলৰ ভিতৰত বয়স্ক লোকৰ সংখ্যাই সৰহ, তথাপি এই ভাইৰাছবিধক কোনেও অৱজ্ঞা কৰা উচিত নহয়। কৰ’না ভাইৰাছত ডেকা-গাভৰুসকলো গুৰুতৰভাৱে আক্ৰান্ত হ’ব পাৰে, আনকি মৃত্যুমুখতো পৰিবলগীয়া হ’ব পাৰে।’-জেনেভাত অনুষ্ঠিত এক ভাৰ্চুৱেল সংবাদমেলৰ জৰিয়তে এইদৰে কয় WHOৰ প্ৰধানগৰাকীয়ে।