Newsnextone | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদেয়ুৰপ্পাই শনিবাৰে প্ৰমাণ কৰিব লাগিব বিজেপিৰ সংখ্যাগৰিষ্ঠতা৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি শনিবাৰে সন্ধিয়া ৪ বজাৰ সদনৰ বৈঠকত বিজেপি মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পাই নিজ দলৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব লাগিব৷
আদালতৰ নিৰ্দেশ অনুসৰি সংখ্যগৰিষ্ঠতা প্ৰমাণৰ পূৰ্বে সদনৰ অধ্যক্ষৰ নিযুক্তি প্ৰদান কৰা হ’ব৷ প্ৰটেম অধ্যক্ষই প্ৰথমে ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলক শপত গ্ৰহণ কৰাব৷ তাৰ পিছতে বিজোপিয়ে চৰকাৰ গঠনৰ বাবে নিজৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব লাগিব৷