newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে মোগল শাসন ঔৰংগজেৱৰ বিৰুদ্ধে বিৰুপ মন্তব্য প্ৰকাশ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মোগল সম্ৰাট ঔৰংগজেৱৰ বিৰুদ্ধে অভিযোহ উত্থাপন কৰি কয় যে ঔৰংগজেৱে কাশ্মীৰি পণ্ডিত সকলক ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰাইছিল৷ 

বুধবাৰে লক্ষ্নৌৰ বানজাৰা সম্প্ৰদায়ৰ এখন জনসভা সম্বোধিত কৰি যোগী আদিত্যনাথে কয়, ঔৰংগজেৱে যেতিয়া কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল, ঔৰংগজেৱৰ পৰা মুক্তি পোৱাৰ আশাৰে কাশ্মীৰি পণ্ডিতৰ এটা দল দিল্লীৰ গুৰু তেগ বাহাদুৰৰ ওচৰলৈ আহে আৰু তেওঁলোকৰ কষ্টৰ বিষয়ে উল্লেখ কৰি কয় যে ঔৰংজেৱে জোৰ কৰি তেওঁলোকৰ ধৰ্ম সলনি কৰিবলৈ চেষ্টা কৰিছে৷ কাশ্মীৰি পণ্ডিত সকলক মোগল ৰজা ঔৰংজেৱে অপমান কৰা বুলিও কয় যোগীয়ে৷  

উল্লেখ্য যে, গুৰু তেগ বাহাদুৰ শিখসকলৰ ১০ গৰাকী গুৰুৰ ভিতৰত নৱম জন গুৰু আছিল৷ 

ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি আনুসৰি, গুৰু তেগ বাহাদুৰে কাশ্মীৰি পণ্ডিতসকলক আশ্বাস প্ৰদান কৰি ঔৰংগজেৱক লৈ ভীতিগ্ৰস্থ নহ’বলৈ কয়৷ যোগী আদিত্যনাথে কয়, গুৰু তেগ বাহাদুৰে কাশ্মীৰি পণ্ডিতসকলক ঔৰংগজেৱৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু কবলৈ দিয়ে যে তেওঁলোকৰ গুৰুৱে যদি ধৰ্ম সলনি কৰে তেন্তে তেওঁলোকেও ধৰ্ম সলনি কৰিবলৈ মান্তি হ’ব৷

মুখ্যমন্ত্ৰী যোগীৰ ভাষ্য অনুসৰি, ঔৰংগজেৱে এয়া অতি সহজ কাম বুলি ভাৱিছিল৷ তেওঁ গুৰু তেগ বাহাদুৰক আটক কৰি নি বিভিন্ন প্ৰকাৰৰ নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে কিন্তু গুৰু তেগ বাহাদুৰে নিজৰ মতত অটল হৈ থাকিল৷

মুখ্যমন্ত্ৰীয়ে কয়, সেই সময়ত বনজাৰা সম্প্ৰদায়ৰ লোকসকল গুৰু তেগ বাহাদুৰৰ সপক্ষে থিয় দিয়ে৷ গতিকে এই সম্প্ৰদায়ৰ লোক সকলে তেওঁলোকৰ পূৰ্বপুৰুষ সকলক লৈ গৌৰৱ কৰিব পাৰে যে তেওঁলোকে দেশ আৰু সমাজৰ বাবে অনেক কৰি গৈছে৷

উল্লেখ্য যে, ইতিহাসৰ এই বিকৃত বাখ্যা উপস্থাপনৰ পূৰ্বেও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেইবাৰো ইতিহাস নিজৰ ধৰণেৰে ব্যখা কৰি অহা পৰিলক্ষিত হৈছে৷ তেওঁ মোগল সম্ৰাট আকবৰক মহান সম্ৰাট হিচাপে আখ্যা দিবলৈ অস্বীকাৰ কৰি তাৰ পৰিৱৰ্তে মহাৰাণা প্ৰতাপক মহান সম্ৰাট হিচাপে স্বীকৃতি দিয়াৰ পোষকতা কৰিছিল৷