ডিজিটেল ৰিপ’ৰ্টঃ ছ’চিয়েল মিডিয়া ফেচবুকত পুনৰ পোহৰলৈ আহিছে বিজেপিৰ ফটো জালিয়াতিৰ আন এক কাণ্ড। শাসকীয় দলটোৰ এই নিকৃষ্ট কাণ্ডৰ সৈতে এইবাৰ সাঙোৰ খাই পৰিছে অসমৰ এগৰাকী যুৱতী। ছ’চিয়েল মিডিয়াযোগে বিৰোধী কংগ্ৰেছৰ বদনাম গাবলৈ গৈ এই ফটো জালিয়াতি সংঘটিত কৰিছে উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
সন্যাসী মুখ্যমন্ত্ৰীগৰাকীৰ ‘Yogi AdityaNath योगी’ শীৰ্ষক ফেচবুক পেজটোত যোৱা ১৩ জুনৰ সন্ধিয়া ৬.৪০ বজাত দুখন ফটোসহ আপলোড কৰা হৈছিল এটি পোষ্ট। কংগ্ৰেছ বিৰোধী উক্ত পোষ্টটোত আপলোড কৰা ফটো দুখনত স্পষ্টকৈ দেখা গৈছে যে এদল লোকে এগৰাকী অসহায় যুৱতীক বেয়াকৈ মাৰধৰ কৰিছে।