ডিজিটেল ৰিপ'ৰ্টঃ ছ’চিয়েল মিডিয়া ফেচবুকত পুনৰ পোহৰলৈ আহিছে বিজেপিৰ ফটো জালিয়াতিৰ আন এক কাণ্ড। শাসকীয় দলটোৰ এই নিকৃষ্ট কাণ্ডৰ সৈতে এইবাৰ সাঙোৰ খাই পৰিছে অসমৰ এগৰাকী যুৱতী। ছ’চিয়েল মিডিয়াযোগে বিৰোধী কংগ্ৰেছৰ বদনাম গাবলৈ গৈ এই ফটো জালিয়াতি সংঘটিত কৰিছে উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

সন্যাসী মুখ্যমন্ত্ৰীগৰাকীৰ 'Yogi AdityaNath योगी’ শীৰ্ষক ফেচবুক পেজটোত যোৱা ১৩ জুনৰ সন্ধিয়া ৬.৪০ বজাত দুখন ফটোসহ আপলোড কৰা হৈছিল এটি পোষ্ট। কংগ্ৰেছ বিৰোধী উক্ত পোষ্টটোত আপলোড কৰা ফটো দুখনত স্পষ্টকৈ দেখা গৈছে যে এদল লোকে এগৰাকী অসহায় যুৱতীক বেয়াকৈ মাৰধৰ কৰিছে।

পোষ্টটোত ফটো দুখন পশ্চিমবংগৰ বুলি উল্লেখ কৰিছে সন্যাসী মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ একাংশ কৰ্মীয়ে উক্ত হিন্দু মহিলাগৰাকীক মাৰধৰ কৰা বুলি অভিযোগ তোলা হৈছে পোষ্টটোত। কংগ্ৰেছৰ সভাত মোদী জিন্দাবাদ ধ্বনি দিয়া বাবেই মহিলাগৰাকীক কংগ্ৰেছীসকলে এনেদৰে নিৰ্লজ্জভাৱে নিৰ্যাতন চলাইছে বুলিও যোগীৰ পেজটোত অভিযোগ কৰা হৈছে। মহিলাক সন্মান দিব নজনা কংগ্ৰেছৰ এনে কু-কৰ্ম যাতে সমগ্ৰ বিশ্বই জানিব পাৰে তাৰ বাবে ভাৰত মাতাক ভালপোৱা প্ৰতিজনকে পোষ্টটো শ্বেয়াৰ কৰিবলৈকো পেজটোৰ তৰফৰ পৰা সকলোকে আহ্বান জনোৱা হৈছে।

সন্যাসী মুখ্যমন্ত্ৰীগৰাকীৰ নাম উল্লেখ থকা উক্ত পেজটোৰ আহ্বানলৈ সহাৰি জনাই এই বাতৰি যুগুতোৱা পৰলৈকে পোষ্টটো ৩৫, ৪০৮গৰাকী লোকে শ্বেয়াৰ কৰিছে। লাইক কৰিছে কেইবা সহস্ৰাধিক লোকে। কংগ্ৰেছৰ এনে কু-কৰ্মৰ বাবে অতি অশালীন ভাষাৰে কমেণ্ট কৰিছে ৬শতাধিক লোকে। পেজটোৰ সৰ্বমুঠ লাইকৰ সংখ্যা হৈছে প্ৰায় ৯৬,৪৭৫। দীৰ্ঘদিন ধৰি পেজটোত যোগীৰ সমৰ্থনত একাধিক পোষ্ট আপলোড হৈ অহালৈ চাই এয়া ভুৱা পেজ নহয় বুলিয়েই অনুমান কৰা হৈছে।

অধিকাংশ লোকে পেজটোত উল্লেখ কৰাৰ দৰে এয়া কংগ্ৰেছৰ কু-কৰ্ম বুলি পতিয়ন গৈছিল যদিও পেজটো লাইক কৰা অসমৰ ফেচবুক ইউজাৰৰ দৃষ্টিগোচৰ হোৱাতহে প্ৰকৃত সত্য পোহৰলৈ আহে। পশ্চিমবংগত কংগ্ৰেছীয়ে এগৰাকী হিন্দু মহিলাক মোদী জিন্দাবাদ ধ্বনি দিয়া বাবে প্ৰহাৰ কৰা বুলি প্ৰচাৰ কৰা উক্ত ফটো দুখন হৈছে এক দশক পূৰ্বৰ অসমৰ এটি কলংকিত অধ্যায়ৰ। ফটো দুখনত থকা পেজটোত হিন্দু মহিলা বুলি উল্লেখ কৰা যুৱতীগৰাকী হৈছে লক্ষ্মী ওৰাং। ২০০৭ চনত গুৱাহাটীৰ ৰাজপথত আদিবাসী সংগঠনৰ হৈ প্ৰতিবাদ কৰিবলৈ আহি এনেদৰে একাংশ লোকৰ হাতত নিৰ্যাতিত হৈছিল লক্ষ্মী ওৰাং।

এক দশক পূৰ্বৰ সম্পূৰ্ণ পৃথক ফটো ব্যৱহাৰ কৰি বিজেপি দলে কংগ্ৰেছৰ বদনাম গোৱা কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিষয়টোক একমুখে গৰিহণা দিছে অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলে। বহু অসমীয়া ফেচবুক ব্যৱহাৰকাৰীয়ে পেজটোত এই লৈ কমেণ্টো কৰিছে যদিও একাংশ বিজেপি সমৰ্থকে তেনে কমেণ্টৰ বাবে তেওঁলোকক অশালীন ভাষাৰে গালি-গালাজ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ছ’চিয়েল মিডিয়াত বিজেপিৰ নেতা-কৰ্মী সম্পৰ্কে আন দলৰ সমৰ্থকে কোনো ধৰণৰ বিৰোধসূচক মন্তব্য কৰিলেই পোনে পোনে আৰক্ষী-আদালতৰ কাষ চপা দেখা যায় যদিও এই ক্ষেত্ৰত কংগ্ৰেছ দলক কোনো আগ্ৰহ প্ৰকাশ কৰা দেখা হোৱা নাই। যোগী আদিত্যনাথৰ এই অপমানসূচক পোষ্টটো সন্দৰ্ভতো এতিয়ালৈ কংগ্ৰেছ দলে কোনো গুৰুত্ব প্ৰকাশ কৰাৰ পৰা বিৰত আছে। অৱশ্যে মুখ্যমন্ত্ৰীৰ দৰে আসনত অধিষ্ঠিত হৈয়ো উচটনিমূলক মিছা প্ৰচাৰ কৰিবলৈ এৰি নিদিয়াত যোগী আদিত্যনাথক চোকা ভাষাৰে সমালোচনা কৰিছে সচেতন লোকসকলে।