newsnextone.com | ডিব্ৰুগড়/ডিফুঃ ৰাজ্যত কাৰ্বি আংলঙৰ পাঞ্জুৰী কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ দুজন প্ৰতিভাৱান যুৱকক সোপাধৰাৰ সন্দেহত শিশু অপহৰণ কৰিব যোৱা বুলি সন্দেহ প্ৰকাশ কৰি একাংশ উন্মাদ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে৷ শুকুৰবাৰে নিশা সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ অাৰু নীলোৎপল দাসক গণপ্ৰহাৰ কৰাৰ ফলত মৃত্যু হয়৷

নিজৰ অসম খনতে দুই যুৱকে এনেদৰে গণপ্ৰহাৰত মৃত্যুক অাঁকোৱালি ল’বলগীয়া হোৱাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন দল-সংগঠনে এনে কাণ্ডত মানি লব নোৱাৰি বুলি কৈ চৰকাৰক বিফল আখ্যা দিয়ে৷ জিলা খনৰ উপায়ুক্তই কৰা দায়িত্বজ্ঞানহীন মন্তব্যই ৰাইজক ক্ষোভিত কৰি তোলে৷
গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ অাৰু নীলোৎপল দাসৰ মৃতদেহ ইতিমধ্যে গুৱাহাটীলৈ আনি শনিবাৰে নিশা গুৱাহাটীৰ ভূতনাথত শেষ কৃত্য সম্পন্ন কৰে৷ 

অানহাতে ঘটনাক লৈ একাংশ লোকে হকে বিহকে মন্তব্য প্ৰকাশ কৰা দেখা গৈছে৷ মানৱতাক লজ্জানত কৰা ঘটনাক একাংশ লোকে সমৰ্থন কৰাও দেখা গৈছে৷ ছ‘চিয়েল মিডিয়াত এই ঘটনাক সমৰ্থন কৰাৰ বাবে ডিব্ৰুগড় জিলাৰ লাহোৱাল অাৰক্ষীয়ে এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰে৷ 

ছাত্ৰজনে ফেচবুকত দিয়া এটা বিতৰ্কিত পোষ্টত চাঞ্চল্যৰ সৃষ্টি হয়৷ সীমান্ত তেৰাং ৰংচিয়াচো-তো নামৰ ডিব্ৰুগড়ৰ বকুলস্থিত পলিটেকনিকৰ ছাত্ৰজনে কাৰ্বি আংলঙত নাহিবি নিজৰ অসমত থাক৷ কিয় কাৰ্বি আংলং আহ বুলি ফেচবুকত আপডেট দিয়ে৷ তাৰ পিছতে এই খবৰ বকুলত প্ৰচাৰ হয়৷ লগে লগে স্থানীয় লোকে পলিটেকনিকলৈ গৈ ছাত্র জনৰ সন্ধান কৰে৷ তাৰ পিছতে পলিটেকনিক কৰ্তৃপক্ষই বিপদৰ অাশংকা কৰি ছাত্রজনক লুকুৱাই ৰাখে৷ লাহোৱাল অাৰক্ষী উপস্থিত হৈ ছাত্রজনক গ্ৰেপ্তাৰ কৰে৷ ছাত্রজনৰ ঘৰ কাৰ্বি অাংলঙত বুলি জানিব পৰা গৈছে৷

এই ঘটনাৰ সৈতে জৰিত ১৬গৰাকী লোকক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ জালত পৰে ধন মেচ, বাবু ৰংপি, অঞ্চ তিমুং, সঞ্জয় তেৰাং, বিদ্যাছিং ৰংপি, আনন্দ ৰংপি, ৰাজু বে’, ভূপেন্দ্ৰ তেৰাং, বিজু বসুমতাৰী, বিশ্বৰাম স্বৰ্গীয়াৰী, সৰুকণ স্বৰ্গীয়াৰী, পাংথেং বসুমতাৰী, ৰাম স্বৰ্গীয়াৰী, উমেশ খাকলাৰী, ধনদা মেচ আৰু দীপজ্যোতি বসুমতাৰী৷ ঘটনাৰ সৈতে জৰিত আন কেইবাগৰাকী লোকক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ 

এই ঘটনাক সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ অাৰু সাংবাদিক সুৰক্ষা মঞ্চই তীব্ৰ গৰিহণা দিয়ে৷ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সাধাৰণ সম্পাদক উজ্জল বৰুৱা, সাংস্কৃতিক অাৰু শিক্ষা সম্পাদক সঞ্জু গগৈ অাৰু সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল গগৈ, কাৰ্যকৰী সভাপতি ডেভিদ বৰুৱা অাৰু সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত যোগে  কয় যে সমগ্ৰ ৰাজ্যত দল-সংগঠনৰ নেতৃত্বত জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অান্দোলন কৰি অাহিছে তেনে সময়তে একাংশ লোকে নাৰকীয় কাণ্ড সংঘটিত কৰিবলৈ ধৰিছে৷ 

মাতৃ ভাষা বুজি নোপোৱা, মানৱতা বোধ নথকা দোষীক চৰকাৰে আটক কৰি ফাঁচী দিব লাগে বুলি কয় সংগঠন সমূহে৷ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত কোনোধৰণৰ ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি নহয়, তাৰ বাবেও ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনকেইটাই৷