চৰাইদেউঃ চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত একমাত্র পষেকীয় বাতৰি কাকত 'চৰাইদেউ বাতৰি'ৰ সপ্তম প্ৰতিষ্ঠা দিৱস আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানতে 'নিউজ লাইভ'ৰ বাৰ্তা সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় যুৱ সাংবাদিকতা বঁটা -২০১৭।
♦ 'চৰাইদেউ বাতৰি'ৰ সপ্তম প্ৰতিষ্ঠা দিৱস
চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে অনুষ্ঠান উদ্বোধন কৰে। আদৰণি ভাষণ দিয়ে ড: চক্ৰপাণি পাটিৰে। দুপৰীয়া অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠান সঞ্চললনা কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি নৰেন ৰাজখোৱাই।
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক মহেশ গদুকা, টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ, আপকুৰ উপদেষ্টা তথা পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাপ্ৰাপ্ত শোভিত ছেত্ৰী আৰু সোণাৰি পৌৰসভাৰ পৌৰপতি প্ৰণতি পাঙিং। শিক্ষক মণি গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত জিলাখনৰ আঠগৰাকীকৈ বিশিষ্ট ব্যক্তিক কাকত গোষ্ঠীটোৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয়।
উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুযায়ী পুৱা ৯ বজাত অনুষ্ঠিত হয় সমূহীয়া চাফাই। ৯.৩০বজাত স্মৃতি তৰ্পণ কৰে কুমুদ দিহিঙ্গীয়াই।
পুৱা ১০বজাত লণ্ডনস্থিত বিশিষ্ট চিকিৎসক ড:জয়ন্ত বিশ্ব শৰ্মাৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ 'ব্যক্তিগত উৎকৰ্য সাধন আৰু সামাজিক দায়ৱদ্ধতা' শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।
ডঃ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক অধ্যায়নৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায় কয় যে মুখস্থ বিদ্য়াৰ পৰিৱৰ্তে বুজি লৈ পঢ়া-শুনা কৰিলেহে সফলতা লাভ কৰিব পাৰি।