newsnextone.com | ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা বিতৰ্কৰে বাতৰিৰ শিৰোনামা দখল কৰা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে পুনৰ এক বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ এইবাৰ ৰাইজক লৰোগত আক্ৰান্ত হোৱাৰ ভয় দেখুৱালে মন্ত্ৰীগৰাকীয়ে৷ কেতিয়াবা নিজ দলৰ বিপক্ষে আৰু কেতিয়াবা মোডী চৰকাৰৰ বিফলতাৰ বিষয়ে কৈ মন্ত্ৰীগৰাকীয়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ ৰাজপুতকে ধৰি কেইটামান সম্প্ৰদায়ক মদাহী আখ্যা দি তীব্ৰ সমালোচনাৰ সন্মুখীন হয় ওম প্ৰকাশ ৰাজভৰ৷ 

উত্তৰ প্ৰদেশৰ বিতৰ্কিত মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে ৰাজপুত আৰু যাদৱ সম্প্ৰদায়ৰ লোকে সকলোতকৈ বেছি মদ্যপান কৰি বুলিৱ কৈছিল৷ উত্তৰ প্ৰদেশৰ মন্ত্ৰী অ’পি ৰাজভৰে বালিয়াৰ এখন সভাত অংশ লৈ পুনৰ বিতৰ্কিত মন্তব্য আগবঢ়ায় দেওবাৰে৷ এইবাৰ ৰাজভৰৰ কথা নুশুনিলে জনসাধৰণক ৰোগত আক্ৰান্ত হোৱাৰ ভয় প্ৰদৰ্শন কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়ালৈকে মোৰ টিমৰ মানুহ আপোনালোকৰ ওচৰলৈ নাযায় তেতিয়ালৈকে অন্য কোনো দলৰ ৰেলীত আপোনালোকে নাযাব৷ যদি কোনো লোকে যায় তেন্তে তেওঁলোকৰ ৰাজভৰৰ শপনি লাগিব৷ জণ্ডিছ ৰোগ হ’ব৷ তেতিয়ালৈকে জণ্ডিছ ৰোগ ভাল নহ’ব, যেতিয়ালৈকে ৰাজভৰৰ ঊষধ নলব৷ 

উল্লেখ্য যে, ভাৰতীয় সমাজবাদী পাৰ্টীৰ অধ্যক্ষ তথা উত্ত প্ৰদেশৰ অনগ্ৰসৰ শ্ৰেণী কল্যানমন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে পূৰ্বেও ‘সাধাৰণ জনতাৰ মনত কংগ্ৰেছ বেয়া হোৱা কাৰণেই জনতাই বিজেপিক বাচনি কৰিলে৷ যদি বিজেপিৰ কাম কাজেও মানুহক আকৃষ্ট কৰিব নোৱাৰে তেন্তে জনতাই বেলেগ কাৰোৱাক নিৰ্বাচন কৰিব৷’ বুলি ৰাজনৈতিক ভাৱে বিতৰ্কিত মন্তব্য কৰিছিল৷