newsnextone.com | লংকা/গোৰেশ্বৰঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰাৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিজৰ মত ব্যক্ত কৰাৰ লগতে   নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজক প্ৰতিবাদ কৰি যাবলৈ আহ্বান জনাই আহিছে৷ সমানে চৰকাৰক সকীয়াই এই আইন বাতিল কৰাৰ দাবী জনাই আহিছে জুবিনে৷

যাৰ ফলত জুবিন গাৰ্গে বৰ্জনৰ সন্মুখিন হ’ব লগা হৈছে একাংশ বিশেষ লোকৰ দ্বাৰা৷ লামডিঙত জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিব যোৱাৰ পূৰ্বেই একাংশ লোকে ছচিয়েল মিডিয়াত জুবিনৰ বিৰুদ্ধে বিতৰ্কিত পোষ্ট দি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাই অহাত জুবিনৰ লামডিঙৰ অনুষ্ঠান বাতিল কৰিব লাগে বুলি কৈছিল৷ এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ 

২০ মে’ত লামডিঙত সংগীতানুষ্ঠানক লৈ বিতৰ্কৰ সৃষ্টি হোৱাত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ অহাৰ সময়তে লংকা নাগৰিক সমাজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ লংকাৰ সাংস্কৃতিক অনুষ্ঠান ‘নাহৰে’ও এনে কাৰ্যক গৰিহণা দিয়ে৷ লংকা যুৱ সমাজে লংকাৰ পৰা লামডিঙলৈ জুবিনক ১০০ খন বাইকেৰে সমদল কৰি নিব বুলি প্ৰকাশ কৰে৷

আনহাতে জুবিনৰ আহ্বান মৰ্মে জুবিন ফেন ক্লাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে৷ বিভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰ জুবিন ফেন ক্লাবে গোৰেশ্বৰত গণ স্বাক্ষৰ অভিযান চলায়৷ জুবিন ফেন ক্লাৱ গোৰেশ্বৰত ১৬, ১৭ আৰু ১৮ মে'ত তিনি দিন গণ স্বাক্ষৰ সংগ্ৰহ কৰিব৷ গোৰেশ্বৰ অঞ্চলৰ সকলো দল-সংগঠন ব্যক্তি বিশেষক সহায়-সহযোগ কৰাৰ আহ্বান জনাইছে জুবিন ফেন ক্লাব গোৰেশ্বৰৰ সভাপতি মৃণাল ৰাজবংশী আৰু সম্পাদক দিপাংকৰ ডেকাই।