নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল আইন মহাবিদ্যালয়ৰ সহযোগত হোজাই ধনুহাৰ বস্তি মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে এখন বিশাল আইনী সজাগতা সভা অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশনেৰে শুভাৰম্ভ হোবা সজাগতা সভাখনিৰ সঞ্চালনা কৰে জিলা ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙে।
আজমল আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আক্ৰাচ আলিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত “সমাজৰ নিস্পেষিত, নিৰ্যাতিত তথা দৰিদ্ৰ লোক সকলে কেনেদৰে বিনামূলীয়া আইন সাহাৰ্য্য লাভ কৰি ন্যায় পাব পাৰে তথা অসম ভূক্তভোগী ক্ষতিপূৰণ আচঁনি ২০১২ ৰ আধাৰত গোচৰীয়া ভূক্তভোগী সকলে শাৰিৰীক আৰু মানসিক সকাহৰ লগতে পুন:সংস্থাপনৰ বাবে আৰ্থিক ক্ষতিপূৰণ কিদৰে লাভ কৰিব পাৰে তাৰ এটি বিস্তৃত ব্যাখ্যা দাঙি ধৰে ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙে।