গুৱাহাটীঃ হৃদয় কঁপোৱা গান এটি/ পোৱা নোপোৱাৰ সুৰ এটি/ তাতেই হেৰাই ছন্দ মোৰ হয়তো বা… ২০১৪ চনত মুক্তি লাভ কৰা ‘ৰ’দৰ চিঠি’ৰ ‘প্ৰতিদিনে’ শীৰ্ষক গীতটোত প্ৰাণঢালি এইদৰেই গাইছিল জুবিন গাৰ্গে। আকাশে গাতে ল’বৰে মন/ সাগৰ তলিত শুবৰে মন… এয়া আছিল গীতটোৰ আন এটি কলি। ১১ বছৰ পূৰ্বেই এই গীতটিৰেই যেন জুবিন গাৰ্গে কৈ গৈছিল নিজৰ শেষ দিনটোৰ কথা। সেই গীতটিৰ কথাৰ দৰেই আজি অসমৰ পৰা ৩০০০ কিলোমিটাৰ দূৰৈত সাগৰতলিত চিৰদিনৰ বাবে শুই গ’ল অসমৰ সংগীতজগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ। কোনেও কাহানিও নভবা সেই খবৰ পোৱা মাত্ৰকে কঁপি উঠিল প্ৰতিগৰাকী অসমীয়াৰ অন্তৰাত্মা। নিস্তব্ধ হৈ পৰিল অসমৰ আকাশ। কোনেও মানি ল’ব পৰা নাই বিগত তিনি দশকৰো অধিক সময় ধৰি অসমৰ সংগীত জগতত জোকাৰণি তোলা সেই কণ্ঠ হেৰাই যোবাৰ খবৰ। সুদূৰ ছিংগাপুৰত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ অসমৰ মুকুতামণি জুবিন গাৰ্গ অকালতে হেৰাই যোৱাৰ খবৰ অসমীয়াই মানি ল’ব পাৰিবই বা কেনেকৈ!
উত্তৰ-পূবৰ ‘ৰ’কষ্টাৰ’ হিচাপে পৰিচিত জুবিন যেন কেৱল এটা নাম নাছিল, তেওঁ আছিল এক বিশাল অনুষ্ঠান। একেৰাহে এগৰাকী কণ্ঠশিল্পী, সুৰকাৰ, অভিনেতা আৰু সংগীত পৰিচালকৰ এই আকস্মিক বিয়োগে আজি দেশজুৰি শোকৰ বন্যা নমাইছে। প্ৰধানমন্ত্ৰী, ৰাহুল গান্ধীকে ধৰি অনেকজনে ব্যক্ত কৰিছে গভীৰ শোক। জানিব পৰা মতে, নৰ্থ-ইষ্ট ফেষ্টিভেলত সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে যোৱা জুবিনে স্কুবা ডাইভিঙৰ বাবে নামিছিল সাগৰৰ বুকুত। আৰু তাৰ পিছতে অসুস্থ হৈ পৰা কণ্ঠশিল্পীগৰাকীক লগে লগে ছিংগাপুৰৰ আউটৰেম ৰোডস্থিত ‘ছিংগাপুৰ জেনেৰেল হাস্পতাল’ত ভৰ্তি কৰা হয় যদিও স্থানীয় সময় অনুযায়ী সন্ধিয়া প্ৰায় ৫ বজাত (ভাৰতীয় সময় অনুসৰি ২.৩০ বজাত) মৃত ঘোষণা কৰে চিকিৎসকে। ১৯৭২ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা জুবিনৰ বিয়োগৰ সময়ত বয়স আছিল ৫২ বছৰ।
উল্লেখ্য যে ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া ‘নৰ্থ-ইষ্ট ফেষ্টিভেল’ত কণ্ঠদান কৰাৰ কথা আছিল জুবিনৰ। কিন্তু সংগীত পৰিবেশনৰ পূৰ্বে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১.৩০ বজাত স্কুবা ডাইভিঙৰ সময়ত তেওঁৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয় আৰু তাৰ এঘণ্টা পিছতে মৃত্যুক সাবটি লয়। ‘অনামিকা’ৰে যাত্ৰা আৰম্ভ কৰা মায়াময় জুবিনৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত। পিতৃৰ চাকৰি সূত্ৰে শৈশৱৰ কিছুসময় মেঘালয়ত পাৰ কৰাৰ পিছত জুবিন পৰিয়ালসহ যোৰহাটলৈ গুচি আহে। জুবিনৰ পিতৃ মোহিনীমোহন বৰঠাকুৰ আছিল এগৰাকী দণ্ডাধীশ আৰু গীতিকাৰ (তেওঁ কপিল ঠাকুৰ ছদ্মনামেৰে গীত লিখিছিল)। মাতৃ ইলা বৰঠাকুৰ পেছাত এগৰাকী সংগীতজ্ঞ আছিল। সেই পৰিবেশতে শিশু অৱস্থাত সংগীতৰ প্ৰতি গভীৰ আকৰ্ষণৰ জন্ম হৈছিল জুবিনৰ মনতো।
তেওঁ প্ৰথমে তিনি বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁ একেৰাহে ১১ বছৰ ধৰি তবলাৰ প্ৰশিক্ষণ লৈছিল আৰু গীটাৰ, ড্ৰাম, হাৰমনিয়ামকে ধৰি ১২ টা বাদ্যযন্ত্ৰও শিকিছিল। অসমৰ বিভিন্ন প্ৰান্তত শিক্ষা গ্ৰহণ কৰাৰ অন্তত বিজ্ঞানৰ ছাত্ৰ হিচাপে বি বৰুৱা কলেজত স্নাতক শিক্ষা আৰম্ভ কৰে যদিও সংগীতৰ প্ৰতি থকা অগাধ ৰাপৰ বাবে শিক্ষা আধাতে এৰে জুবিন গাৰ্গে। এই সাংগীতিক যাত্ৰাৰ আৰম্ভণি হিচাপে ১৯৯২ চনত তেওঁৰ প্ৰথম অসমীয়া এলবাম ‘অনামিকা’ই মুক্তি লাভ কৰে। তিনি বছৰৰ পিছত সংগীত জীৱনত অগ্ৰগতি লাভৰ আশাত তেওঁ মুম্বাইলৈ গুচি যায়। ২০০৬ চনত অনুৰাগ বসু পৰিচালিত বলীউডৰ ছবি ‘গেংষ্টাৰ’ত গোৱা ‘য়া আলী…’ গীতটোৱে তেওঁক নিশাটোৰ ভিতৰতে খ্যাতি প্ৰদান কৰে।
অসমীয়াৰ উপৰি হিন্দী, বাংলা, ইংৰাজী, বড়ো, মিচিং আদিকে ধৰি প্ৰায় ৪০ টা ভাষাত ৪০ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। কিন্তু তেওঁ কেৱল এজন গায়কেই নাছিল, তেওঁ আছিল এগৰাকী অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালকো। ‘মিছন চাইনা’ৰ পৰা ‘চিকাৰ’লৈকে তেওঁ একেৰাহে কেইবাখনো ছবি নিৰ্মাণ কৰিছে। সংগীত সুৰকাৰ হিচাপেও তেওঁ নিজৰ স্থান দখল কৰিছে। অসমীয়া আৰু বঙালী উভয় উদ্যোগতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি এক বিশেষ ‘প্ৰতিষ্ঠান’ হৈ পৰিছিল জুবিন গাৰ্গ। অহা অক্টোবৰত মুক্তি পোৱাৰ কথা আছিল তেওঁৰ পৰৱৰ্তী ছবি ‘ৰৈ ৰৈ বিনালে’। কিন্তু তাৰ পূৰ্বেই সকলোকে কন্দুৱাই গুচি যায় জুবিন গাৰ্গ।
সাংগীতিক যাত্ৰাৰ মাজতে ২০০২ চনৰ ফেব্ৰুৱাৰীত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় জুবিন। অৱশ্যে জুবিন মানেই যেন আছিল বিতৰ্কৰ আন এক নাম। তেওঁৰ খাৰাংখাচ কথা আৰু খেয়ালি মনটোৱে বাৰে বাৰে সূচনা কৰিছিল বিতৰ্কৰ। সুৰাপান কৰি কেতিয়াবা মঞ্চত অস্থিৰ হৈ পৰাৰ পৰা কাৰোবাক লৈ কৰা স্পষ্ট মন্তব্যই হওক, বিতৰ্কই কাহানিও লগ এৰা নাছিল মানুহজনক। কিন্তু তেওঁৰ উদাৰ মন আৰু মানুহৰ বাবে চিন্তা কৰিব পৰা বিশাল অন্তৰখনৰ বাবে সকলো বিতৰ্ক অতিক্ৰম কৰি অনুৰাগীয়ে নিঃস্বাৰ্থভাৱে ভাল পাইছিল জুবিনক। মানুহে কয়- জুবিনৰ ওচৰলৈ গ’লে কেতিয়াও খালী হাতে ঘূৰি আহিব নালাগে। হাতত থকা সমস্ত উজাৰি দিব পৰা মানুহজনে মানুহৰ সুখত হাঁহিব পাৰিছিল, দুখত কান্দিব পাৰিছিল। অসমীয়া সাংস্কৃতিক জগতৰ ভোটাতৰা হৈ জিলিকি থকা জুবিনৰ প্ৰতি উচৰ্গা কৰি ডিগবৈত নিৰ্মাণ কৰা হৈছে বিশ ফুট উচ্চতাৰ তেওঁৰ এটা প্ৰতিমূৰ্তি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনেক বাট-পথক দিয়া হৈছে তেওঁৰ নাম।
জুবিনে নিজৰ কথা চিন্তা কৰিবলৈ যেন টান পাইছিল। বহুবাৰ বহু জ্যেষ্ঠই তেওঁক পৰামৰ্শ দিছিল- স্বাস্থ্যৰ যতন ল’বা। কিন্তু নাই, নিজৰ কামত মগন মানুহজনে শৰীৰক আওকাণ কৰি কৰি গৈছিল ইটোৰ পিছত সিটো কাম। শেহতীয়াকৈ তেওঁৰ অসুস্থতা ক্ৰমাৎ বৃদ্ধি পাইছিল। তিনি বছৰ পূৰ্বে ডিব্ৰুগড়ত সংঘটিত দুৰ্ঘটনাত তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাত পাইছিল। দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাৰ পিছত পুনৰ মঞ্চলৈ ঘূৰি আহে যদিও আগৰ দৰে সক্ৰিয় হ’ব নোৱাৰিলে। যোৱা মে’ মাহত তেওঁ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। সুস্থ হৈ ঘৰলৈ উভতি অহাৰ পিছতো দুৰ্বল দেখা গৈছিল মানুহজনক। তথাপি তেওঁ ৰৈ থাকিব বিচৰা নাছিল। সংগীত কনচাৰ্টৰ স্বাৰ্থত তেওঁ ছিংগাপুৰ পালেগৈ। কিন্তু তাৰ পিছতে অসমবাসীয়ে লাভ কৰে সেই শুনিব নিবিচৰা হৃদয়বিদাৰক খবৰটো। আজি অসম তথা ভাৰতৰ সংগীত জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে। তিনি দশকৰো অধিক সময় মঞ্চত নিজৰ জীৱন ঢালি দিয়া কণ্ঠটো হঠাৎ নিস্তব্ধ হৈ পৰিল। চৌদিশে বিষাদ সাগৰৰ ঢৌ তুলি হেৰাই গ’ল আলসুৱা মন, ৰিঙা ৰিঙা মন, উৰণীয়া মন, উন্মনা মন, হিয়া মন, চিনাকি মন, লাজুকী মন, সোণালী মন, জোনাকী মনৰ আমাৰ জুবিন দা, আমাৰ জুবিন… জুবিন গাৰ্গ!
সৰুসজাইত ৰখা হ’ব নশ্বৰদেহ, বাতিল পৰীক্ষা
অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্র জুবিন গাৰ্গৰ শেষকৃত্য সন্দৰ্ভত ৰাজ্য চৰকাৰে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ চৰকাৰৰ প্ৰতিনিধিয়ে পৰিয়ালৰ সৈতে আলোচনা কৰাৰ পিছতেই শেষকৃত্য সন্দৰ্ভত সিদ্ধান্ত লয় চৰকাৰে। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, জুবিন গাৰ্গৰ নশ্বৰদেহ কমেও ৪০ ঘণ্টা অন্তিম দৰ্শনৰ বাবে ৰখা হ’ব সৰুসজাইত৷ ২০ ছেপ্টেম্বৰ বা ২১ ছেপ্টেম্বৰত চাৰ্টাৰ্ড বিমানযোগে নশ্বৰদেহ গুৱাহাটী পোৱাৰ পিছতে বিমান বন্দৰৰ পৰা পোনে পোনে নিয়া হ’ব সৰুসজাইলৈ। ইপিনে, আজি জুবিনৰ পত্নী গৰিমা শইকীয়াই ছিংগাপুৰলৈ যোৱাৰ কথা আছিল যদিও ভ্ৰমণ বাতিল কৰে। জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা অনুজ কুমাৰ বৰুৱাই জনোৱা মতে, ছিংগাপুৰ জেনেৰেল হাস্পতালতে শিল্পীগৰাকীৰ নশ্বৰদেহ ৰখা হৈছে। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ হৈছে। নিশাটো হাস্পতালত ৰাখি কাইলৈ নশ্বৰদেহ অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব।
ৰাজ্যিক বৈদেশিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শনিবাৰে অসমলৈ নশ্বৰদেহ অনা হ’ব বুলি কয়৷ ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে সকলোখিনি কামত আগভাগ লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ উচ্চায়ুক্তৰ সৈতে প্ৰত্যক্ষ যোগাযোগত থকাৰ কথা জানিবলৈ দিয়ে। তেওঁ কয়, ”যিহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ সেয়ে তেওঁলোকৰ নীতি-নিয়মখিনি তেওঁলোকৰ ফালৰ পৰা কৰিব। সেই কামখিনি যিমান সোনকালে পাৰি কৰিবলৈ ভাৰতীয় উচ্চায়ুক্ত আৰু ভাৰত চৰকাৰে চেষ্টা কৰি আছে। প্ৰক্ৰিয়াৰ অন্ত পৰিলেই আমি তাৎক্ষণিকভাৱে তেওঁৰ নশ্বৰদেহ লৈ আনিবলৈ চেষ্টা কৰিম।’’
ইপিনে, নিশা প্ৰায় ১১ বজাত জুবিনৰ কাহিলীপাৰাৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাসগৃহত জুবিনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি প্ৰিয় শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকাকুল পৰিয়াল-আত্মীয়-গুণমুগ্ধক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদ্যালয়সমূহক লৈ বিশেষ ঘোষণা কৰিছে৷ মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, শিল্পীগৰাকীৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় পৰ্যায়ৰ সকলো পৰীক্ষা বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয়, ”শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক কাইলৈ অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে।’’ ইফালে, কেনেকৈ কি পৰিস্থিতিত ছিংগাপুৰত জুবিন গাৰ্গৰ অকাল মৃত্যু ঘটিল সেই সন্দৰ্ভত শিল্পীগৰাকীৰ সৈতে ছিংগাপুৰলৈ যোৱা ১৮ গৰাকী লোকক এজন এজনকৈ সোধা-পোছা কৰা হ’ব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে এই তালিকাখনত বিতৰ্কৰ আৱৰ্তত সোমাই পৰা শ্যামকানু মহন্তৰ নাম নথকাটোৱে সমগ্ৰ ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছে।
