আহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা আৰিয়ান এতিয়া কেনে...

Home দেশআহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা আৰিয়ান এতিয়া কেনে আছে?

আহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা আৰিয়ান এতিয়া কেনে আছে?

by News Next One
4 views
A+A-
Reset

১৭ বছৰীয়া আৰিয়ান আছাৰী গুজৰাটৰ সাবৰকাণ্ঠা জিলাৰ এখন গাঁৱৰ বাসিন্দা। ২০২৫ চনৰ ১২ জুনত আৰিয়ানে আহমেদাবাদত ভৰি দিছিলহে মাথোঁ, তেনেতে তেওঁ আকাশত এখন বিমান উৰি থকা প্ৰত্যক্ষ কৰে।

আৰিয়ানে লগে লগে সেই বিমানখনৰ এটা ভিডিঅ’ কৰে আৰু তাৰ কেইছেকেণ্ডমানৰ ভিতৰতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত সৰ্বমুঠ ২৬০ জন লোক মৃত্যুমুখত পৰে। নিহত লোকসকলৰ ভিতৰত বিমানখনত থকা ২৪১ জন যাত্ৰী আৰু বিমান কৰ্মচাৰীও আছিল।

আৰিয়ানৰ ম’বাইল ফোনত বন্দী হোৱা এই ভিডিঅ’টোৱেই পিছলৈ দুৰ্ঘটনাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা একমাত্ৰ প্ৰমাণ হিচাপে পৰিগণিত হৈ পৰিছে।

২০২৫ চনৰ ১৩ জুনত ‘বিবিচি’কে ধৰি একাধিক সংবাদ প্ৰতিষ্ঠানে আৰিয়ানৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। এই ঘটনাৰ এবছৰ উকলি গৈছে যদিও সেইদিনটোৱে আজিও আৰিয়ানক খেদি ফুৰে। আৰিয়ানে এতিয়া বিমানৰ ভিডিঅ’ কৰিবলৈকে ভয় কৰা হৈছে।

আৰিয়ান মাক-দেউতাক আৰু এগৰাকী ভগ্নীৰ সৈতে সাবৰকাণ্ঠাৰ খানপুৰ গাঁৱত থাকে। তেওঁ অলপতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু এতিয়া মহাবিদ্যালয়ত পঢ়িবলৈ প্ৰস্তুতি চলাইছে।

‘বিবিচি গুজৰাটী’ক দিয়া এক বিশেষ সাক্ষাৎকাৰত তেওঁ বিগত এটা বছৰত নিজৰ জীৱনলৈ অহা পৰিৱৰ্তনবোৰৰ কথা উল্লেখ কৰিছে। লগতে অঞ্চলটোত তেওঁক সকলোৱে কি নামেৰে মাতিবলৈ লৈছে সেই বিষয়েও সদৰী কৰে। আৰিয়ানে কয়, ”আজিকালি বন্ধু-বান্ধৱ তথা ওচৰ-চুবুৰীয়া সকলোৱে মোক ‘ভিডিঅ’ বয়’ বুলি মাতিবলৈ লৈছে।’’

বিয়া-সবাহেই হওক বা কলেজৰে কোনো অনুষ্ঠান— ভিডিঅ’টো দেখাৰ পিছত মানুহে তেওঁক প্ৰথমেই এইটো প্ৰশ্নহে সোধে যে ভিডিঅ’টো কেনেকৈ নো তোলা হৈছিল।

আৰিয়ান স্বভাৱতে অতি শান্ত আৰু মিতভাষী। মোবাইলত নানাধৰণৰ ভিডিঅ’ ৰেকৰ্ড কৰি তেওঁ ভাল পায়। ঘৰৰ পৰা ওলাই গ’লেই তেওঁ সন্মুখত দেখা সৰু-বৰ প্ৰতিটো ঘটনাৰে ভিডিঅ’ মোবাইলত বন্দী কৰে। এই অভ্যাসৰ বাবেই তেওঁ এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১-ৰ বিমান দুৰ্ঘটনাৰ ভিডিঅ’টোও তুলিবলৈ সমৰ্থ হৈছিল।

বিমান দুৰ্ঘটনাৰ ভিডিঅ’টো কেনেকৈ তোলা হৈছিল?

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত আৰিয়ানে জনাইছিল যে ঘটনাৰ সময়ত তেওঁ মেঘানীনগৰৰ নিজা ঘৰৰ ছাদত আছিল।

তেওঁ কয়, “মই আৰু মোৰ বাইদেউ তেতিয়া গাঁৱৰ পৰা বাছেৰে আহি ঘৰ পাইছিলোঁহে মাথোঁ। মই ছাদৰ ওপৰত আছিলো আৰু বাইদেউ ছাদত থকা কোঠাটোৰ ভিতৰত আছিল। দেউতা সেই সময়ত কামলৈ ওলাই গৈছিল। আমি পুৱাই ঘৰৰ পৰা ওলাই দুপৰীয়া আহি পাইছিলো। আহি পায়েই ছাদলৈ গৈ মই ওচৰ-পাজৰৰ অট্টালিকাবোৰৰ ফটোকে তুলি আছিলোঁ।”

আৰিয়ানহঁতৰ ঘৰটো বিমানবন্দৰৰ ৰানৱেৰ নিচেই কাষতে অৱস্থিত। ঘৰৰ পিছফালে এফালে বিমানবন্দৰৰ ৰানৱে আৰু আনফালে আছে আই জি চৌহদ। এই চৌহদতে এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১ দুৰ্ঘটনা পতিত হৈছিল।

তেওঁ সেই দিনটোৰ কথা বৰ্ণনা কৰি কয়, “মই ৰানৱেৰ পৰা বিমান এখন উৰি যোৱা দেখা পালোঁ। কৌতূহলবশতঃ মোবাইলটো উলিয়াই তাৰ ভিডিঅ’ কৰিবলৈ ধৰিলোঁ। বিমানখন অলপ ওপৰলৈ উঠি আকৌ তললৈ নামি আহিল, তাৰ পিছত পুনৰ এবাৰ ওপৰলৈ উৰা মাৰি আগলৈ গৈ হুৰুমকৈ খহি পৰিল। লগে লগে চাৰিওফালে জুই জ্বলি উঠিল আৰু চকুৰ পচাৰতে কেৱল ধোঁৱাৰে ছানি ধৰিলে। দৃশ্যটো দেখি মই বহুত ভয় খাইছিলোঁ।”

ভয়তে তেওঁ লগে লগে জ্যেষ্ঠ ভগ্নী নীলমৰ ওচৰলৈ দৌৰি গৈ বিমান দুৰ্ঘটনাৰ কথাটো জনায়। নীলমেও ছাদৰ ওপৰলৈ আহি দেখে যে সন্মুখত কেৱল ধোঁৱা আৰু ধোঁৱাহে আছে।

‘বিবিচি গুজৰাটী’ৰ সৈতে কথা পাতি নীলমে কয়, “মই লগে লগে দেউতালৈ ফোন কৰিলো। তেওঁ অলপ সময়ৰ ভিতৰতে ঘৰ পালেহি। তেওঁ আমাক বুজাই-বঢ়াই সান্ত্বনা দিলে আৰু ক’লে যে ভয় কৰিবলগীয়ী একো নাই।”

এতিয়া সকলোৱে আৰিয়ানক ‘ভিডিঅ’ বয়’ বুলি মাতে

ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত আটাইতকৈ ‘বিবিচি’কে ধৰি একাধিক সংবাদ সংস্থাই আৰিয়ানৰ সৈতে যোগাযোগ কৰিছিল। আৰিয়ানে উল্লেখ কৰা অনুসৰি, “ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত প্ৰথমতে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ একাংশ বিষয়া-কৰ্মচাৰী আহিছিল। তেওঁলোকে মোৰ পৰা ভিডিঅ’টোৰ সবিশেষ জানিব বিচাৰিছিল আৰু তাৰ ঠিক পিছতেই বিবিচিৰ সাংবাদিক আমাৰ ঘৰলৈ আহিছিল।”

ইয়াৰ পিছতে ভিডিঅ’টো বনজুইৰ দৰে বিয়পি পৰে আৰু আৰিয়ান ৰাতিটোৰ ভিতৰতে সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে।

তেওঁৰ পিতৃ মগনভাই আছাৰীয়ে ‘বিবিচি’ৰ সৈতে কথা পাতি কয়, “সংবাদ মাধ্যমৰ ইমানেই হেঁচা বাঢ়ি গৈছিল যে আমি তাক আহমেদাবাদৰ পৰা সাবৰকাণ্ঠাৰ গাঁৱৰ ঘৰলৈ ঘূৰাই পঠিয়াবলৈ বাধ্য হৈছিলোঁ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি দি সি অতিষ্ঠ হৈ পৰিছিল আৰু কাৰো লগতে কথা পাতিব বিচৰা নাছিল। সেইবাবেই আমি তাক গাঁৱলৈ লৈ আহিলোঁ।”

অৱশ্যে গাঁৱলৈ অহাৰ পিছতেও আৰিয়ান অতি কম সময়তে সমগ্ৰ অঞ্চলটোতে জনাজাত হৈ পৰে। জ্যেষ্ঠ ভগ্নী নীলমে কয়, “গাঁৱৰ সকলোৱে এতিয়া তাক ‘ভিডিঅ’ বয়’ বুলিয়েই মাতে।”

আৰিয়ানে এতিয়া উৰি থকা বিমানৰ ভিডিঅ’ কিয় ৰেকৰ্ড নকৰে?

আৰিয়ানে কয়, “প্ৰত্যেকৰে মুখত এটাই কথা আছিল যে মই হেনো খুব বিখ্যাত হৈ পৰিলোঁ। মোৰ শিক্ষকসকলেও মোক প্ৰশংসা কৰি কৈছিল যে মই বৰ ভাল কাম এটা কৰিলোঁ আৰু সংবাদ মাধ্যমক সহায় কৰিলোঁ। তেওঁলোকে যিহেতু ঘটনাটোৰ তদন্ত কৰি আছে, গতিকে মোৰ ভিডিঅ’টোৱে তেওঁলোকক সহায় কৰিছে। কথাখিনি শুনি মোৰ ভাল লাগিছিল যদিও মনত সেই ভয়াৱহ দুৰ্ঘটনাটোৰ দুখ আৰু আতংক থাকি গৈছিল।”

এই ভয়াৱহ ঘটনাটোৰ পিছৰে পৰা তেওঁ আকাশত উৰি থকা বিমানৰ এটাও ভিডিঅ’ ৰেকৰ্ড কৰা নাই। তেওঁৰ মনত এটা গভীৰ ভয় শিপাই গৈছে। আৰিয়ানে কয়, “মোৰ মনলৈ ভয় আহে যে মই যদি পুনৰ কোনো বিমানৰ ভিডিঅ’ কৰোঁ, তেন্তে সেইখনো আকৌ ভাঙি পৰিব আৰু মানুহবোৰ মৰিব। সেইকাৰণেই মই এতিয়া বিমানৰ ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ এৰি দিছোঁ।”

অৱশ্যে বিমানৰ ভিডিঅ’ ৰেকৰ্ডিং নকৰিলেও আৰিয়ানে আন সৰু-সুৰা অনুষ্ঠানৰ ভিডিঅ’বোৰ নিয়মিতভাৱে ৰেকৰ্ডিং কৰি আপলোড কৰি আহিছে।

তেওঁ ৰেকৰ্ড কৰা শেহতীয়া ভিডিঅ’টো হৈছে আহমেদাবাদৰ পৰা নিজৰ গাঁৱলৈ ঘূৰি অহাৰ সময়ৰ। য’ত তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধুনীয়া সেউজীয়া প্ৰকৃতি আৰু যান-বাহনৰ চলাচল দেখা গৈছে।

হাঁহিমুখে আৰিয়ানে কয়, “অলপতে মই এখন বিয়ালৈ যাওঁতে তাত থকা সকলো মানুহে মোক ঘেৰি ধৰিছিল। প্ৰত্যেকৰে মুখে মুখে কেৱল মোৰ ভিডিঅ’টোৰ কথাই আছিল আৰু সকলোৱে মোক বিখ্যাত হৈ পৰা বুলি কৈছিল। কথাখিনি শুনি মনটো ভাল লাগিছিল। অন্ততঃ মই এনেকুৱা এটা কাম কৰিব পাৰিলোঁ, যিটো আন কোনেও কৰিব পৰা নাছিল। সেইদিনা সেই সময়ত কিয় ছাদলৈ যাবলৈ মোৰ মন গৈছিল সেই কথাটো কিন্তু মই আজিও ভাবি পোৱা নাই!”

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0