দেশৰ কোটি কোটি বাহনৰ ইথানল ‘এক্সপেৰিমেণ্ট’! ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ...

Home দেশদেশৰ কোটি কোটি বাহনৰ ইথানল ‘এক্সপেৰিমেণ্ট’! ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ কিয় চিন্তিত সকলো?

দেশৰ কোটি কোটি বাহনৰ ইথানল ‘এক্সপেৰিমেণ্ট’! ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ কিয় চিন্তিত সকলো?

by News Next One
6 views
A+A-
Reset

আপোনাৰ গাড়ীখন কেতিয়া নিৰ্মাণ হৈছিল, তাৰ ইঞ্জিন বিশ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’লৰ বাবে সম্পূৰ্ণ উপযোগী নে নহয় -এই প্ৰশ্নবোৰ হয়তো পেট্ৰ’ল পাম্পত ইন্ধন ভৰোৱাৰ আগতে আপুনি পূৰ্বে কেতিয়াও ভাৱি চোৱা নাছিল। অধিকাংশ চালকেই যিদৰে বহু বছৰ ধৰি পেট্ৰ’ল ভৰাই আহিছে, আজিও একেই বিশ্বাসেৰে ভৰাই আছে। কিন্তু সেই পেট্ৰ’লৰ গঠন ইতিমধ্যে সলনি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সুপৰিকল্পিত নীতিৰ ফলত দেশজুৰি পেট্ৰ’লৰ গঠন সলনি হোৱাৰ পাছত এতিয়া যেন সাধাৰণ বিষয় হৈ পৰিছে ইথানল মিশ্ৰিত পেট্ৰ’ল। কিন্তু চৰকাৰৰ এই নীতিগত পদক্ষেপৰ ফলত অনিচ্ছাস্বত্বেও নিজৰ মৰমৰ বাহনখনত বিশুদ্ধ পেট্ৰলৰ পৰিৱৰ্তে ইথানল মিশ্ৰণ ভাৰবলৈ বাধ্য হৈ পৰা দেশৰ কোটি কোটি বাহন চালক আৰু গৰাকীয়ে দুনাই ভাৱিবলৈ বাধ্য হৈছে- দেশৰ সকলো বাহনৰ ইঞ্জিন এই মিশ্ৰণৰ বাবে একেদৰে উপযোগী হয় নে নহয়? আৰু এই প্ৰশ্নৰ আলম লৈয়ে এতিয়া আৰম্ভ হৈছে এক দেশজোৰা বিতৰ্ক।

চৰকাৰৰ যুক্তি স্পষ্ট। বিদেশৰ পৰা খাৰুৱা তেল আমদানি হ্ৰাস কৰা, কৃষকৰ বাবে নতুন বজাৰ সৃষ্টি কৰা আৰু জৈৱ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাই এই নীতিৰ মূল উদ্দেশ্য। কিন্তু নীতি কাৰ্যকৰী হোৱাৰ লগে লগে বহু গাড়ী ব্যৱহাৰকাৰী, গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানৰ পূৰ্বৰ কাৰিকৰী পৰামৰ্শ, আদালতৰ শুনানি আৰু ৰাজনৈতিক বিতৰ্কত একেলগে আন কিছুমান প্ৰশ্নও উত্থাপিত হয়। যিসকলৰ বাহন ইথানলৰ অধিক মাত্ৰাৰ মিশ্ৰণৰ বাবে সক্ষম কৰি নিৰ্মাণ কৰা হোৱা নাই, তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থা কিয় ৰখা নহ’ল? নীতি ৰূপায়ণৰ পূৰ্বে জনসাধাৰণক কিমানখিনি স্পষ্ট তথ্য জনোৱা হৈছিল? আৰু ইথানল মিশ্ৰিত পেট্ৰ’ল বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ আঁৰত কেৱল শক্তি-নিৰাপত্তাৰ যুক্তিয়েই আছে, নে আন কিছুমান অৰ্থনৈতিক আৰু ৰাজনৈতিক বাস্তৱতাও জড়িত?

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0