ভক্ত বুলি কৈ ভগৱান ৰামক চৰম বিশ্বাসঘাটকতা! অযোধ্যাৰ ৰাম মন্দিৰত...

Home দেশভক্ত বুলি কৈ ভগৱান ৰামক চৰম বিশ্বাসঘাটকতা! অযোধ্যাৰ ৰাম মন্দিৰত কি ঘটিল, কি নঘটিল?

ভক্ত বুলি কৈ ভগৱান ৰামক চৰম বিশ্বাসঘাটকতা! অযোধ্যাৰ ৰাম মন্দিৰত কি ঘটিল, কি নঘটিল?

by News Next One
25 views
A+A-
Reset

ভাৰতৰ অসংখ্য মন্দিৰত প্ৰতিদিনে লাখ লাখ ভক্তই দান কৰে। কোনোবাই পূজা সম্পূৰ্ণ কৰি দান বাকচত নিঃশব্দে থৈ যায় কেইটামান টকা, কোনোবাই আকৌ মনোকামনা পূৰণ হোৱাৰ আনন্দত আগবঢ়ায় মোটা অংকৰ অৰ্থ। আনহাতে বহু লোকে নিজৰ সঞ্চয়ৰ এটা অংশ ভগৱানৰ চৰণত অৰ্পণ কৰে কৃতজ্ঞতাৰ নিদৰ্শন হিচাপে। এই দানৰ বিনিময়ত তেওঁলোকে একো নিবিচাৰে। তেওঁলোকৰ বিশ্বাস- এই অৰ্থ ধৰ্মীয় সেৱা, মন্দিৰৰ উন্নয়ন আৰু জনকল্যাণমূলক কামত ব্যয় হ’ব।

অযোধ্যাৰ ৰাম মন্দিৰো ইয়াৰ ব্যতিক্ৰম নহয়। ২০২৪ চনত প্ৰাণ প্ৰতিষ্ঠাৰ পাছত মন্দিৰটোলৈ ভক্তৰ ঢল নামিবলৈ আৰম্ভ কৰে। দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে বিদেশৰ বহু প্ৰান্তৰ পৰাও প্ৰতিদিনে হাজাৰ হাজাৰ লোক অযোধ্যাত উপস্থিত হৈ দৰ্শন কৰে ৰাম মন্দিৰ। বহুতে নানান ইচ্ছা-আকাংক্ষা লৈ আহে, বহুতে আহে কেৱল ঈশ্বৰৰ সাক্ষাত্ লভিবলৈ। বিশ্বাস আৰু আস্থাৰ সাগৰত ডুব এটা মাৰি ভক্তিত গদহদ হৈ তেওঁলোকে মন্দিৰৰ দান বাকচতে দি থৈ যায় সঞ্চিত উপাৰ্জনৰ এটা অংশ।

ভক্তৰ এই বিশ্বাসেই ভাৰতৰ বৃহৎ মন্দিৰসমূহৰ মূল শক্তি। দানৰ জৰিয়তে চলি থাকে পূজা-পাৰ্বণ, সংৰক্ষণ, উন্নয়নমূলক কাম, ভক্তসকলৰ বাবে সুবিধা আৰু বহু সামাজিক কাৰ্যসূচী। সেয়ে দানৰ প্ৰতিটো টকাৰ সৈতে জড়িত থাকে এক বিশেষ জবাবদিহিতা। ভক্তই বিশ্বাস কৰে, তেওঁৰ অৰ্থ সুৰক্ষিত হাতত আছে। কিন্তু সেই বিশ্বাসৰ ওপৰতেই যেতিয়া সন্দেহৰ ছাঁ পৰে, তেতিয়া বিষয়টো কেৱল বিত্তীয় অনিয়ম হৈ নাথাকে। ই হৈ পৰে সমাজ, ধৰ্ম, ৰাজনীতি আৰু জনআস্থাৰ এক ডাঙৰ প্ৰশ্ন।

শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰক কেন্দ্ৰ কৰি পোহৰলৈ অহা ঘটনাই ঠিক তেনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, মন্দিৰৰ দান বাকচত ভক্তসকলে আগবঢ়োৱা নগদ ধনৰ এটা অংশ দীৰ্ঘদিন ধৰি সংগঠিতভাৱে আত্মসাৎ কৰা হৈছিল। তদন্তকাৰী সংস্থাৰ দাবী, এই কাম কোনো আকস্মিক বা বিচ্ছিন্ন ঘটনা নাছিল; বৰং এক সুপৰিকল্পিত পদ্ধতিৰে দীৰ্ঘ সময় ধৰি এই কাৰ্যকলাপ চলি আছিল। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত অভিযোগত একাধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে নগদ ধন উদ্ধাৰ কৰাৰ লগতে চিচিটিভি ফুটেজ, বেংক লেনদেন আৰু আন একাধিক নথি-পত্ৰ পৰীক্ষা কৰি তদন্ত আগবঢ়াইছে।

অৱশ্যে ঘটনাটোৰ আনটো দিশো আছে। চৰকাৰী তদন্তত এতিয়ালৈ যিমান ধনৰ হেৰফেৰ সন্দেহ কৰা হৈছে, ইয়াৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহৰ দাবী- ৰাম মন্দিৰত সংঘটিত ধনৰ হেৰফেৰ ইয়াতকৈ বহু বেছি। ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰো কৰা হৈছে। কিন্তু তাতো এক সন্দেহ- জালত ৰৌ-বৰালিৰ বিপৰীতে কেৱল পুঠি-খলিহনাহে পৰিল নেকি?

এই ঘটনাই আন এটা বৃহৎ প্ৰশ্নও উত্থাপন কৰিছে। ভাৰতৰ বহু বৃহৎ মন্দিৰত প্ৰতিদিনে কোটি কোটি টকাৰ দান সংগ্ৰহ হয়। সেই ধন গণনা, সংৰক্ষণ, বেংকত জমা দিয়া আৰু অডিটৰ বাবে বহুস্তৰীয় ব্যৱস্থা আছে। তৎসত্ত্বেও যদি কোনো স্থানত অনিয়মৰ অভিযোগ উত্থাপিত হয়, তেন্তে সেই ব্যৱস্থাৰ কোনখিনিত দুৰ্বলতা আছে? সেই দুৰ্বলতাক কিদৰে ব্যৱহাৰ কৰা হ’ব পাৰে? আৰু এনে ঘটনা পুনৰ নঘটিবলৈ কি ব্যৱস্থা প্ৰয়োজন?অযোধ্যাৰ এই ঘটনাই দেশজুৰি এই বিতৰ্ক পুনৰ সজীৱ কৰি তুলিছে।

অৱশ্যে ভাৰতত মন্দিৰৰ দানক লৈ প্ৰশ্ন এই প্ৰথমবাৰৰ বাবে উঠা নহয়। অতীতত বিভিন্ন সময়ত কেইবাটাও উল্লেখযোগ্য মন্দিৰত দান ব্যৱস্থাপনা, ট্ৰাষ্টৰ সম্পত্তি, গহনা সংৰক্ষণ অথবা বিত্তীয় জবাবদিহিতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বহু ক্ষেত্ৰত আদালতৰ হস্তক্ষেপত নতুন অডিট, উন্নত সুৰক্ষা ব্যৱস্থা, ডিজিটেল হিচাপ-নিকাচ আৰু অধিক স্বচ্ছ নীতি প্ৰৱৰ্তন কৰা হৈছে। সেই অভিজ্ঞতাবোৰেও এই কথাই স্পষ্ট কৰে- ভক্তৰ আস্থা অটুট ৰাখিবলৈ ধৰ্মীয় প্ৰতিষ্ঠানত কেৱল বিশ্বাসেই যথেষ্ট নহয়; সমানে প্ৰয়োজন কঠোৰ নিয়ন্ত্ৰণ, স্বচ্ছতা আৰু স্বাধীন পৰ্যবেক্ষণ।

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, ন্যাসৰ জন্ম আৰু অযোধ্যাৰ নতুন অধ্যায়

অযোধ্যাৰ ৰাম মন্দিৰক কেন্দ্ৰ কৰি আজিৰ বিতৰ্ক বুজিবলৈ হ’লে সময়ৰ চকা কেইবছৰমান পিছুৱাই নিব লাগিব। কাৰণ বৰ্তমানৰ এই তদন্ত, ন্যাসৰ ভূমিকা বা কোটি কোটি টকাৰ দান ব্যৱস্থাপনাৰ কাহিনী আচলতে এতিয়াৰ নহয়। ইয়াৰ আৰম্ভণি হৈছিল কিছু বছৰ পূৰ্বে, যেতিয়া উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়ে ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া আইনী বিবাদৰ অৱসান ঘটাইছিল।

দশকৰ পাছত দশক ধৰি অযোধ্যাৰ বিতৰ্কিত ভূমিক কেন্দ্ৰ কৰি আদালত, ৰাজনীতি আৰু সমাজত চলি আহিছিল তীব্ৰ বিতৰ্ক। স্বাধীনতাৰ পিছৰে পৰা এই বিষয়টো ভাৰতৰ অন্যতম জটিল আইনী আৰু ৰাজনৈতিক ইছ্যু হিচাপে বিবেচিত হৈছিল। বিভিন্ন আদালতৰ বিচাৰ, ঐতিহাসিক নথি, পুৰাতাত্ত্বিক সমীক্ষা, সাক্ষ্য-প্ৰমাণ আৰু বহু বছৰজোৰা শুনানিৰ অন্তত ২০১৯ চনৰ ৯ নৱেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক সৰ্বসম্মত ৰায় ঘোষণা কৰে।

ৰায় অনুসৰি বিতৰ্কিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ট্ৰাষ্টক হস্তান্তৰ কৰাৰ নিৰ্দেশ দিয়া হয়। একে সময়তে মছজিদ নিৰ্মাণৰ বাবে বিকল্প পাঁচ একৰ ভূমি দিয়াৰ নিৰ্দেশো দিয়ে আদালতে। এই ৰায়ক বহুতে অযোধ্যা অধ্যায়ৰ এক নতুন সূচনা বুলি অভিহিত কৰিছিল।

কিন্তু আদালতৰ ৰায়ে কেৱল মন্দিৰ নিৰ্মাণৰ পথ মুকলি কৰাই নহয়, আন এটা গুৰুত্বপূৰ্ণ দায়িত্বও কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অৰ্পণ কৰে। আদালতে স্পষ্টকৈ কয় যে, মন্দিৰ নিৰ্মাণ, সম্পত্তি পৰিচালনা, দান ব্যৱস্থাপনা আৰু সামগ্ৰিক প্ৰশাসনিক দায়িত্ব পালন কৰিবলৈ এখন স্বতন্ত্ৰ ন্যাস গঠন কৰিব লাগিব।

সেই নিৰ্দেশ অনুসৰিয়েই ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ’নামেৰে এখন স্বতন্ত্ৰ ন্যাস গঠনৰ কথা ঘোষণা কৰে। চৰকাৰে স্পষ্ট কৰি দিয়ে যে মন্দিৰ নিৰ্মাণ বা দৈনন্দিন পৰিচালনা চৰকাৰে পোনপটীয়াকৈ পৰিচালনা কৰাৰ বিপীৰতে সেই দায়িত্ব থাকিব ন্যাসৰ হাতত।

অৱশ্যেইএই ন্যাসক কেৱল এখন ট্ৰাষ্ট বুলি ক’লে ভুল হ’ব। বাস্তৱত ই আছিল ৰাম মন্দিৰৰ সমগ্ৰ প্ৰশাসনিক আৰু বিত্তীয় ব্যৱস্থাৰ কেন্দ্ৰবিন্দু। মন্দিৰ নিৰ্মাণৰ বাবে দেশ-বিদেশৰ পৰা অহা দান সংগ্ৰহ, ঠিকাদাৰ নিয়োগ, নিৰ্মাণ ব্যয়, ভক্তসকলৰ সুবিধা, দৈনন্দিন পূজা-পাৰ্বণ, সম্পত্তি সংৰক্ষণ, কৰ্মচাৰী নিয়োগ আৰু ভৱিষ্যতৰ উন্নয়নমূলক পৰিকল্পনা- এই সকলো দায়িত্ব ধাপে ধাপে ন্যাসৰ অধীনলৈ আহিবলৈ আৰম্ভ কৰে।

কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই ন্যাসখনত মুঠ ১৫ গৰাকী সদস্যক অন্তৰ্ভূক্ত কৰা হয়। তেওঁলোকৰ ভিতৰত আছিল জ্যেষ্ঠ আইনজ্ঞ, ধৰ্মীয় নেতা, সমাজজীৱনৰ বিশিষ্ট ব্যক্তি আৰু অযোধ্যাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত কেইবাজনো সদস্য।

এই ন্যাসৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে মহন্ত নৃত্য গোপাল দাসে। সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয় চম্পত ৰায়ক। কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰে স্বামী গোবিন্দ দেৱ গিৰি মহাৰাজে। সদস্যসকলৰ ভিতৰত আছিল জ্যেষ্ঠ আইনজ্ঞ কেপি পৰাশৰণ, ড° অনিল মিশ্ৰ, স্বামী বাসুদেৱানন্দ সৰস্বতী, কামেশ্বৰ চৌপাল আদি।

এই ন্যাস গঠন হোৱাৰ পিছতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশজুৰি এক বৃহৎ দান সংগ্ৰহ অভিযান আৰম্ভ হয়। বহু ৰাজ্যত স্বেচ্ছাসেৱকসকলে ঘৰে ঘৰে গৈ বৰঙণি সংগ্ৰহ কৰে। বহু শিল্পপতি, ব্যৱসায়ী, ধৰ্মীয় সংগঠন, প্ৰবাসী ভাৰতীয় আৰু সাধাৰণ নাগৰিকেও নিজৰ সামৰ্থ্য অনুসৰি অৰ্থ আগবঢ়ায়। দেশৰ বহু প্ৰান্তত এই অভিযান এক সামাজিক আন্দোলনৰ ৰূপ লোৱা পৰিলক্ষিত হয়।

অৱশ্যে ৰাম মন্দিৰৰ বাবে ধন সংগ্ৰহৰ পদ্ধতি সম্পূৰ্ণ নতুন নাছিল। ভাৰতৰ বহু বৃহৎ মন্দিৰ দশকৰ পাছত দশক ধৰি সংগঠিতভাৱে দান পৰিচালনা কৰি আহিছে। উদাহৰণস্বৰূপে, অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ মন্দিৰত প্ৰতিদিনে সংগৃহীত নগদ ধন গণনাৰ বাবে বিশেষ ‘পৰাকামণি’ ব্যৱস্থা আছে। বহুস্তৰীয় নিৰাপত্তা, চিচিটিভি, ডিজিটেল ৰেকৰ্ড আৰু অডিটৰ মাজেৰে সেই ধন বেংকত জমা কৰা হয়। মহাৰাষ্ট্ৰৰ সিদ্ধিবিনায়ক মন্দিৰ, জম্মু-কাশ্মীৰৰ বৈষ্ণদেৱী মন্দিৰ আৰু ওড়িশাৰ শ্ৰীজগন্নাথ মন্দিৰতো দান ব্যৱস্থাপনাৰ বাবে পৃথক নিয়ম অনুসৰণ কৰা হয়। ক’ৰবাত স্বয়ংক্ৰিয় গণনা যন্ত্ৰ ব্যৱহাৰ হয়, ক’ৰবাত বেংকৰ কৰ্মচাৰীয়ে ন্যাসৰ প্ৰতিনিধিৰ উপস্থিতিত ধন গণনা কৰে।

ৰাম মন্দিৰতো সেইধৰণৰ স্বচ্ছ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা চলে। ভক্তৰ সংখ্যা আৰু দানৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সম্ভাৱনা আগতেই অনুমান কৰা হৈছিল। সেইবাবেই নগদ দান, অনলাইন অনুদান, চেক, ডিমান্ড ড্ৰাফ্ট, বেংক ট্ৰেন্সফাৰ, মূল্যৱান অলংকাৰ আৰু অন্যান্য বৰঙণিৰ বাবে পৃথক নথিভুক্তিকৰণ ব্যৱস্থা গঢ়ি তোলা হয়।

২০২৪ চনৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন হোৱাৰ পিছত এই সমগ্ৰ ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰে। উদ্বোধনৰ প্ৰথম কেইসপ্তাহতে লাখ লাখ ভক্তৰ অযোধ্যালৈ সমাগম ঘটে। তাৰ পিছৰ মাহবোৰতো ভক্তৰ ধাৰাবাহিক স্ৰোত অব্যাহত থাকে। প্ৰতিদিনে হাজাৰ হাজাৰ লোকে মন্দিৰত উপস্থিত হৈ দান আগবঢ়ায়।

ভক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰে ন্যাসৰ দায়িত্বও। প্ৰতিদিনে সংগৃহীত নগদ ধন নিৰাপদে গণনা কৰা, নথিভুক্ত কৰা আৰু বেংকত জমা দিয়াটো এক বৃহৎ প্ৰশাসনিক প্ৰক্ৰিয়াত পৰিণত হয়। এই কামৰ বাবে ন্যাসৰ কৰ্মচাৰীৰ সমান্তৰালভাৱে বেংকৰ প্ৰতিনিধি, সুৰক্ষাকৰ্মী, বহিঃসংস্থা আৰু আন একাধিক স্তৰৰ লোক জড়িত হৈ পৰে।

প্ৰথমাৱস্থাত বাহ্যিকভাৱে সকলো কিছু সুসংগঠিত যেনেই দেখা গৈছিল।কিন্তু পিছলৈ তদন্তকাৰী সংস্থাই অভিযোগ কৰে যে এই সুসংগঠিত ব্যৱস্থাৰ মাজতেই ধীৰে ধীৰে গঢ় লৈ উঠিছিল এক ভিতৰুৱা চক্ৰ। ব্যৱস্থাটোৰ যিবোৰ অংশক আটাইতকৈ সুৰক্ষিত বুলি ধৰা হৈছিল, অভিযোগ অনুসৰি সেই অংশবোৰকেই লক্ষ্য কৰি আৰম্ভ হৈছিল এক সুপৰিকল্পিত অপব্যৱহাৰ।

সেই সময়ত অৱশ্যে এই সন্দেহৰ কোনো ৰাজহুৱা তথ্য-প্ৰমাণ নাছিল। ন্যাসৰ কাম-কাজ নিয়মমাফিক চলি আছিল। মন্দিৰলৈ ভক্তৰ সোঁত অব্যাহত আছিল। দানৰ পৰিমাণো বৃদ্ধি পাইছিল। কিন্তু পৰ্দাৰ আঁৰত কি চলি আছিল, সেয়া তেতিয়াও কাৰো দৃষ্টিগোচৰ হোৱা নাছিল। ২০২৪ আৰু ২০২৫ বৰ্ষত ন্যাসৰ আয় ক্ৰমাগতভাৱে বৃদ্ধি পায়। কিন্তু এই সময়ছোৱাতেই নথিপত্ৰ আৰু বাস্তৱিক ধনৰ পৰিমাণৰ মাজত কিছু অসংগতি ধৰা পৰিবলৈ আৰম্ভ কৰে। সেই অসংগতিয়েই পৰৱৰ্তী সময়ত এটা বৃহৎ তদন্তৰ সূচনা কৰে।

আৰু তাৰ লগে লগেই আৰম্ভ হয় এই সমগ্ৰ কাহিনীৰ দ্বিতীয় অধ্যায়- কোটি কোটি টকাৰ দান কেনেকৈ সংগ্ৰহ হৈছিল, কোনে সেই ধন গণনা কৰিছিল, আৰু ক’ত প্ৰথমবাৰৰ বাবে সন্দেহৰ সূচনা হৈছিল। সেই অধ্যায়তেই প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিবলৈ আৰম্ভ কৰে অনিয়মৰ সম্ভাৱ্য সূত্ৰবোৰ।

দান বাকচৰ পৰা বেংকলৈ… কেনেকৈ হৈছিল চান্দা চুৰি?

২০২৪ চনৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাৰ চেহেৰাই যেন সলনি হৈ গ’ল। দীৰ্ঘদিন ধৰি নিৰ্মাণৰ অপেক্ষাত থকা মন্দিৰটো জনসাধাৰণৰ বাবে মুকলি হোৱাৰ লগে লগেই দেশ-বিদেশৰ ভক্তৰ সোঁত নামিবলৈ আৰম্ভ কৰে। উত্তৰৰ পাহাৰীয়া ৰাজ্যৰ পৰা দক্ষিণৰ উপকূল, পশ্চিমৰ মহানগৰৰ পৰা পূব ভাৰতৰ দূৰৱৰ্তী অঞ্চল- দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ মানুহে অযোধ্যালৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰে। বিদেশতো বসবাস কৰা বহু ভাৰতীয়ই এই সময়ছোৱাত বিশেষকৈ ৰাম মন্দিৰ দৰ্শনৰ উদ্দেশ্যে ভাৰতলৈ আহে।

প্ৰতিদিনে ভক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰে দানৰ পৰিমাণো। মন্দিৰৰ ভিতৰত স্থাপন কৰা দান বাকচসমূহ দিনটোৰ শেষত পূৰ্ণ হৈ উঠিবলৈ লয়। বহুতে নগদ ধন দিয়ে, বহুতে চেক বা ড্ৰাফ্ট আগবঢ়ায়। আনহাতে অনলাইন পৰিশোধ ব্যৱস্থাৰ জৰিয়তেও অহৰহ আহিবলৈ ধৰে অনুদান।

মন্দিৰ কৰ্তৃপক্ষৰ বাবে এই বিপুল ধনৰ সুৰক্ষিত ব্যৱস্থাপনা এক বৃহৎ প্ৰশাসনিক দায়িত্ব হৈ পৰে। কাৰণ ভক্তই যি ধন আগবঢ়ায়, সেয়া কাৰোব্যক্তিগত সম্পত্তি নহয়; সেয়া হৈছে এখন ৰাজহুৱা ধৰ্মীয় ন্যাসৰ অধীনত থকা ধন। সেইবাবে প্ৰতিটো টকাৰ হিচাপ ৰখাটো ন্যাসৰ বাবে কেৱল প্ৰশাসনিক দায়িত্বেই নহয়, নৈতিক বাধ্যবাধকতাও হৈ পৰে।এই উদ্দেশ্যেই দান সংগ্ৰহৰ বাবে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰা হয়।

মন্দিৰ চৌহদত মুঠ ৩৫টা দান বাকচস্থাপন কৰা হয়। নিৰ্দিষ্ট সময় অন্তৰে অন্তৰে এই বাকচসমূহ খোলা হয়। তাৰ পিছত নিৰাপত্তাৰ মাজেৰে সেইবোৰ এটা বিশেষ গণনা কক্ষলৈ অনা হয়। গণনা কক্ষত নগদ ধন গণনা, শ্ৰেণীবিভাজন, বাণ্ডিল প্ৰস্তুতকৰণ আৰু পৰৱৰ্তী নথিভুক্তিকৰণৰ কাম চলে।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই সমগ্ৰ প্ৰক্ৰিয়াত কেৱল ন্যাসৰ কৰ্মচাৰী নহয়,ষ্টেট বেংক অব ইণ্ডিয়াৰদ্বাৰা নিযুক্ত এটা ব্যক্তিগত এজেন্সীৰ কৰ্মীসকলেওঅংশগ্ৰহণ কৰে। তেওঁলোকৰ দায়িত্ব আছিল নগদ ধন গণনা আৰু বেংকত জমা দিয়াৰ পূৰ্বৰ আনুষংগিক কাম সম্পন্ন কৰা। তাত উপস্থিত থাকিছিল নিৰাপত্তাৰক্ষী, ন্যাসৰ তত্ত্বাৱধায়ক আৰু আন আন কৰ্মচাৰী।

গণনা কক্ষত চিচিটিভি কেমেৰা আছিল। ধন গণনাৰ সময় একাধিক লোক উপস্থিত থাকিছিল। দৈনিক হিচাপ সংৰক্ষণ কৰা হৈছিল। নগদ ধন নিৰ্দিষ্ট পদ্ধতিৰে বেংকলৈ পঠিওৱা হৈছিল। বাহ্যিকভাৱে চালে এনে কোনো দুৰ্বলতা সহজে চকুত নপৰা স্বাভাৱিক। কিন্তু তদন্তকাৰী সংস্থাৰ মতে, যিকোনো ব্যৱস্থাৰ দৰে এই ব্যৱস্থাৰো কিছুমান দুৰ্বল দিশ আছিল। আৰু অভিযোগ অনুসৰি, সেই দুৰ্বলতাকেই ব্যৱহাৰ কৰিছিল এক ভিতৰুৱা চক্ৰই।

তদন্তকাৰী বিষয়াসকলে পিছলৈ দাবী কৰে যে অভিযুক্তসকলে প্ৰথমে দীৰ্ঘদিন ধৰি সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰিছিল। কোন সময়ত দান বাকচ খোলা হয়, কোনে ধন গণনা কৰে, কোনে কক্ষত প্ৰৱেশ কৰিব পাৰে, কেমেৰাৰ দৃষ্টি কোনখিনিলৈ যায়, কোনখিনিত দৃশ্য আংশিকভাৱে আবৃত থাকে- এই সকলো বিষয় তেওঁলোকে সুক্ষ্মভাৱে লক্ষ্য কৰিছিল।

এই পৰ্যবেক্ষণ কোনো এটা দিনৰ নাছিল। তদন্তকাৰী সংস্থাৰ অনুমান অনুসৰি, দীৰ্ঘ সময় ধৰি এই ব্যৱস্থাটোৰ ভিতৰত কাম কৰি থকা একাংশ ব্যক্তিয়ে ধীৰে ধীৰে সমগ্ৰ ব্যৱস্থাটোৰ ভিতৰুৱা দিশবোৰ আয়ত্ত কৰিছিল।সেই কাৰণেই প্ৰথম অৱস্থাত কোনো সন্দেহ জন্ম হোৱা নাছিল। কাৰণ, দান কমি যোৱা নাছিল। মন্দিৰলৈ ভক্তৰ সংখ্যাও কমা নাছিল। বাহ্যিকভাৱে কোনো নাটকীয় ঘটনা সংঘটিত হোৱা নাছিল। সকলো নিয়মমাফিক চলি থকা যেনেই দেখা গৈছিল।

কিন্তু ভিতৰৰ হিচাপত ক্ৰমে কিছু অসামঞ্জস্য দেখা দিবলৈ আৰম্ভ কৰে।২০২৬ চনৰ আৰম্ভণিতে ন্যাসৰ আভ্যন্তৰীণ হিচাপ-পৰীক্ষাৰ সময়ত কিছুমান দিনৰ নগদ সংগ্ৰহৰ তথ্য আৰু বেংকত জমা হোৱা ধনৰ হিচাপৰ মাজত অমিল ধৰা পৰে। প্ৰথম অৱস্থাত এই পাৰ্থক্যক নথিভুক্তিকৰণৰ ভুল বা কাৰিকৰী ত্ৰুটি হ’ব পাৰে বুলি ধৰা হয়।

কিন্তু বিষয়টো পুনৰ পৰীক্ষা কৰাৰ পিছত সন্দেহ আৰু অধিক গভীৰ হয়।প্ৰাথমিক অডিটত প্ৰায় ৭ কোটিৰ পৰা ৭.৫ কোটি টকাপৰ্যন্ত হেৰফেৰ হোৱাৰ আশংকা ব্যক্ত কৰা হয়। যদিও তদন্তকাৰী সংস্থাই স্পষ্টকৈ কয় যে এই অংকটো প্ৰাথমিক পৰ্যবেক্ষণৰ ভিত্তিত অনুমান কৰা হৈছে; তদন্ত সম্পূৰ্ণ নোহোৱালৈকে চূড়ান্ত পৰিমাণ নিশ্চিত কৰা সম্ভৱ নহ’ব।

ইয়াৰ মাজতে বিষয়টো ৰাজনৈতিক ক্ষেত্ৰতো প্ৰৱেশ কৰে।বিৰোধী সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে ৰাজহুৱাভাৱে অভিযোগ তোলে যে মন্দিৰৰ দান ব্যৱস্থাপনাক লৈ গুৰুতৰ অনিয়ম হৈছে। তেওঁ দাবী কৰে, বিষয়টো সীমিত পৰিসৰৰ নহয়; অধিক গভীৰ তদন্তৰ প্ৰয়োজন আছে।

কংগ্ৰেছেও একে ধৰণৰ প্ৰশ্ন উত্থাপন কৰে। দলটোৰ একাংশ নেতাই অভিযোগ কৰে যে সম্ভাৱ্য হেৰফেৰৰ পৰিমাণ চৰকাৰীভাৱে প্ৰকাশ কৰা অংকতকৈ বহু বেছি হ’ব পাৰে। ৰাজনৈতিক মহলত ২০০ কোটি টকা পৰ্যন্ত ধন হেৰফেৰ হোৱাৰ দাবীও উত্থাপিত হয়। অৱশ্যে এই দাবীৰ সপক্ষে এতিয়ালৈকে কোনো চৰকাৰী তদন্ত প্ৰতিবেদন বা আদালতৰ নথি উপলব্ধ হোৱা নাই। তদন্তকাৰী সংস্থাসমূহেও এই অংক নিশ্চিত কৰা নাই।

কিন্তু বিতৰ্কৰ মাজতে আন এটা তথ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।ন্যাসৰ আভ্যন্তৰীণ পৰ্যবেক্ষণ আৰু পৰৱৰ্তী অনুসন্ধানত কিছুমান চিচিটিভি ফুটেজ পুনৰ পৰীক্ষা কৰা হয়। সেই পৰীক্ষাৰ সময়তে তদন্তকাৰী দলৰ সন্দেহ হয় যে নগদ ধন গণনাৰ কক্ষৰ ভিতৰত কেমেৰাৰ দৃষ্টিৰ বাহিৰে কিছুমান অংশ আছে। এই অংশবোৰক পিছলৈ তদন্তকাৰী বিষয়াসকলে ‘ব্লাইণ্ড স্পট’ হিচাপে চিহ্নিত কৰে। ঠিক সেই ‘ব্লাইণ্ড স্পট’ক কেন্দ্ৰ কৰিয়েই তদন্তই নাটকীয় মোৰ লয়।

তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, ধন গণনাৰ সময়ত কেমেৰাৰ দৃষ্টিৰ বাহিৰত থিয় হৈ নগদ ধনৰ এটা অংশ আঁতৰাই ৰখা হৈছিল। সেই ধন প্ৰথমে গণনা কক্ষৰ ওচৰৰ বাথৰুমত লুকুৱাই ৰখা হৈছিল আৰু পিছত সুযোগ বুজি বাহিৰলৈ নিয়া হৈছিল। পৰৱৰ্তী তালাচীৰ সময়ত গোবৰৰ দ’মৰ তলৰ পৰাও নগদ ধন উদ্ধাৰ কৰাৰ দাবী কৰে আৰক্ষীয়ে। এই অভিযোগে ঘটনাটোক কেৱল এটা বিত্তীয় অনিয়মৰ তদন্তত সীমাবদ্ধ নাৰাখি এক সুপৰিকল্পিত অপৰাধমূলক ষড়যন্ত্ৰৰ ৰূপ দিয়ে।

সেই সময়লৈকে বিষয়টো ন্যাসৰ আভ্যন্তৰীণ পৰ্যায়তে সীমাবদ্ধ আছিল। কিন্তু চিচিটিভি ফুটেজ, অডিটৰ তথ্য আৰু প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত ঘটনাটোৰ গুৰুত্ব বহুগুণে বৃদ্ধি পোৱাত উত্তৰ প্ৰদেশ চৰকাৰৰ হস্তক্ষেপৰ পথ মুকলি হয়। তাৰ পিছতেই গঠন কৰা হয় এটাবিশেষ তদন্তকাৰী দল বাএছআইটি।

চিচিটিভিৰ ‘ব্লাইণ্ড স্পট’ৰ পৰা নিশাৰ অভিযানলৈ… তদন্তই কেনেকৈ উদঙালে অভিযুক্ত চক্ৰ?

অযোধ্যাৰ ৰাম মন্দিৰত দানৰ ধন হেৰফেৰ হোৱাৰ অভিযোগ প্ৰথমবাৰৰ বাবে উত্থাপিত হোৱাৰ পিছত এটা প্ৰশ্ন সজোৰে উত্থাপিত হৈছিল- ইমান কটকটীয়া নিৰাপত্তাৰ মাজতো যদি সঁচাকৈয়ে নগদ ধন আত্মসাৎ কৰা হৈছিল, তেন্তে সেয়া সম্ভৱ হ’ল কেনেকৈ? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ তদন্তকাৰী সংস্থাই আৰম্ভ কৰে বহুস্তৰীয় অনুসন্ধান।

আৰম্ভণিতে ন্যাসৰ হিচাপ-পত্ৰ, বেংকত জমা হোৱা ধনৰ ৰেকৰ্ড, দৈনিক সংগ্ৰহৰ নথি আৰু কৰ্মচাৰীসকলৰ দায়িত্ব বণ্টনৰ নথি পৰীক্ষা কৰা হয়। কিন্তু কেৱল কাগজ-পত্ৰৰ ভিত্তিত ঘটনাটোৰ সম্পূৰ্ণ ছবি স্পষ্ট হোৱা নাছিল। তদন্তকাৰীসকলৰ ধাৰণা হৈছিল, যদি কোনো অনিয়ম সংঘটিত হৈ থাকে, তেন্তে তাৰ সূত্ৰ লুকাই আছে দান গণনাৰ বাস্তৱ প্ৰক্ৰিয়াৰ ভিতৰত। সেইবাবেই তদন্তৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰে চিচিটিভি ফুটেজ।

মন্দিৰ চৌহদ, দান বাকচ স্থানান্তৰ, গণনা কক্ষ আৰু সংলগ্ন অঞ্চলত স্থাপন কৰা কেমেৰাৰ কেইবা হাজাৰ ঘণ্টাৰ ফুটেজ সংগ্ৰহ কৰি পৰ্যবেক্ষণ আৰম্ভ কৰে তদন্তকাৰী বিষয়াসকলে। প্ৰথম দৃষ্টিত সকলো স্বাভাৱিক যেনেই লাগিছিল। কৰ্মচাৰীসকলে নিয়ম অনুসৰি দান বাকচ কঢ়িয়াই আনিছে, ধন গণনা কৰিছে আৰু পিছত সেই ধন পেকেটত ভৰাই স্থানান্তৰ কৰিছে। কোনো নাটকীয় দৃশ্য চকুত নপৰা বাবে তদন্তও সহজ নাছিল।

কিন্তু ফুটেজবোৰ পুনৰ-পুনৰ পৰীক্ষা কৰাৰ পিছত তদন্তকাৰীসকলে কিছুমান আচৰণত অসংগতি লক্ষ্য কৰে। তেওঁলোকৰ মতে, গণনা কক্ষৰ ভিতৰত কেইবাজনো কৰ্মচাৰীয়ে বিশেষ বিশেষ সময়ত এনেদৰে থিয় হৈছিল, যাৰ ফলত কেমেৰাৰ দৃশ্য আংশিকভাৱে আবৃত হৈছিল। সাধাৰণভাৱে চালে বিষয়টো অস্বাভাৱিক যেন নালাগিলেও, একাধিক দিনৰ ফুটেজ তুলনা কৰাৰ পিছত একেধৰণৰ পুনৰাবৃত্তি হোৱা দেখা যায়।

তদন্তকাৰীসকলৰ অভিযোগ অনুসৰি, এয়া কোনো আকস্মিক বা কাকতালীয় ঘটনা নাছিল। বৰং নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট স্থানত থিয় হৈ এজন কৰ্মচাৰীক আনসকলে আৱৰি ধৰিছিল, যাতে কেমেৰাৰ দৃষ্টিৰ বাহিৰত কিছু সময়ৰ বাবে এটা ‘অদৃশ্য অঞ্চল’ সৃষ্টি হয়। সেই অঞ্চলকেই তদন্তকাৰী সংস্থাই পিছলৈ ‘ব্লাইণ্ড স্পট’হিচাপে উল্লেখ কৰে।তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, সেই মুহূৰ্তখিনিতেই নগদ ধনৰ এটা অংশ আঁতৰাই পেলোৱা হৈছিল।

এই অভিযোগৰ পিছত গণনা কক্ষৰ ভৌগোলিক বিন্যাস, কেমেৰাৰ অৱস্থান আৰু কৰ্মচাৰীসকলৰ চলাচল নতুনকৈ পৰীক্ষা কৰা হয়। ঘটনাস্থল পুনৰ নিৰীক্ষণ কৰি কেমেৰাৰ দৃশ্যপথ মানচিত্ৰৰ আকাৰতো বিশ্লেষণ কৰা হয়। তদন্তকাৰীসকলে দাবী কৰে যে কেমেৰাৰ আওতাৰ বাহিৰত থকা কেইটামান সৰু অংশক সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা হৈছিল।

তদন্তত পোহৰলৈ অহা অভিযোগ অনুসৰি, নগদ ধন আঁতৰোৱাৰ পিছত সেয়া লগে লগে মন্দিৰৰ বাহিৰলৈ নিয়া নহৈছিল। বৰং প্ৰথমে গণনা কক্ষৰ ওচৰৰ বাথৰুমত সাময়িকভাৱে লুকুৱাই ৰখা হৈছিল। পিছত সুযোগ বুজি সেয়া বাহিৰলৈ সৰকোৱা হৈছিল।

এই অভিযোগ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে পোহৰলৈ অহাৰ পিছত দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হয়। বহুতে প্ৰশ্ন তোলে- ইমান স্পৰ্শকাতৰ স্থানত এনে পদ্ধতিৰে দীৰ্ঘদিন ধৰি কোনোবাই কাম চলাব পাৰিছিল নেকি? তদন্তকাৰী সংস্থাই এই সন্দেহৰ উত্তৰ বিচাৰি সংশ্লিষ্ট কৰ্মচাৰীসকলৰ জীৱনশৈলীও পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।

তদন্তত অভিযোগ উত্থাপন কৰা হয় যে কম বেতনৰ কিছুমান কৰ্মচাৰীৰ সম্পত্তি আৰু ব্যয় অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল। আৰক্ষীৰ দাবী অনুসৰি, যিসকলৰ মাহিলী দৰমহা প্ৰায় ২০ হাজাৰ টকাৰ আশে-পাশে আছিল, তেওঁলোকৰ কিছুমানে হঠাতে দামী মোবাইল ফোন, ব্যক্তিগত গাড়ী আৰু স্থাৱৰ সম্পত্তি ক্ৰয় কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে তেনে কৰ্মচাৰীৰ বেংক একাউণ্ট, লেনদেন, সম্পত্তিৰ নথি আৰু আত্মীয়-স্বজনৰ নামত ক্ৰয় কৰা সম্পত্তিৰ তথ্য সংগ্ৰহৰ কাম আৰম্ভ হয়। যদিও এই তথ্যসমূহৰ এটা অংশ এতিয়াও আদালতৰ বিচাৰাধীন, তথাপি তদন্তৰ দিশ সলনি কৰিবলৈ এইবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই সময়তে আৰক্ষীয়ে একাধিক স্থানত তালাচী অভিযান চলায়। অভিযানৰ সময়ত অভিযুক্তসকলৰ সৈতে জড়িত কেইবাটাও স্থানৰ পৰা নগদ৭৯,৮৫,৪৯৩ টকা, কিছু বৈদেশিক মুদ্ৰা আৰু তদন্তৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত আন কিছুমান নথি উদ্ধাৰ কৰা হয়। অভিযুক্ত লৱকুশ মিশ্ৰৰ পিতৃ বচ্চুলালে সংবাদমাধ্যমৰ আগত স্বীকাৰ কৰে যে আৰক্ষীয়ে তেওঁৰ পুত্ৰৰ ঘৰত তালাচী চলাই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছে।

ইয়াৰ সমান্তৰালভাৱে ন্যাসৰ ভিতৰৰ লোকসকলৰ বক্তব্যও সংগ্ৰহ কৰা হয়। কোনে কোন সময়ত দায়িত্বত আছিল, কোনে দান বাকচ খোলাৰ অনুমতি দিছিল, ধন গণনাৰ সময় কোন উপস্থিত আছিল- এই সকলো তথ্য একেলগে মিলাই চায় তদন্তকাৰীসকলে।

ইফালে বিষয়টোৱে ৰাজনৈতিক ৰূপ লোৱাৰ লগে লগে উত্তৰ প্ৰদেশ চৰকাৰো অধিক সক্ৰিয় হৈ পৰে। জুন মাহৰ আৰম্ভণিতে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে ৰাজহুৱাভাৱে অভিযোগ কৰে যে মন্দিৰৰ দান ব্যৱস্থাপনাত ডাঙৰ ধৰণৰ অনিয়ম হৈছে। এই অভিযোগে দেশজুৰি আলোড়ন তোলাৰ পিছত ন্যাসেও আনুষ্ঠানিকভাৱে ঘটনাটোৰ উচ্চস্তৰীয় তদন্তৰ অনুৰোধ জনায়।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত ১৩ জুনত গঠন কৰা হয় এটাবিশেষ তদন্তকাৰী দল।এই দলত অন্তৰ্ভুক্ত কৰা হয় ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক। এছআইটিয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছত একেৰাহে কেইবাদিনো মন্দিৰ চৌহদত উপস্থিত থাকি দান গণনাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। কেইবা হাজাৰ ঘণ্টাৰ চিচিটিভি ফুটেজ, নথি-পত্ৰ, বেংক লেনদেন আৰু কৰ্মচাৰীসকলৰ বক্তব্য পৰীক্ষা কৰি প্ৰস্তুত কৰা হয় এক বিস্তৃত প্ৰাথমিক প্ৰতিবেদন।

এই প্ৰতিবেদনৰ ভিত্তিত এছআইটিয়ে অভিযোগ কৰে যে চিচিটিভি ফুটেজত ৭০ বাৰতকৈও অধিক সন্দেহজনক ধন আঁতৰোৱাৰ ঘটনাপৰিলক্ষিত হৈছে। যদিও এই অভিযোগসমূহৰ চূড়ান্ত সত্যতা আদালতৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰিব, তথাপি তদন্তৰ বাবে এই তথ্যকেই যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

এই প্ৰতিবেদনৰ পিছতে ন্যাসৰ জ্যেষ্ঠ সদস্য কৃষ্ণ মোহনৰ এজাহাৰৰ ভিত্তিত অযোধ্যাৰ ৰাম জন্মভূমি আৰক্ষী থানাত আনুষ্ঠানিকভাৱে এফআইআৰ পঞ্জীয়ন কৰা হয়।তাৰ পিছত২৫ জুনৰ নিশাআৰক্ষী আৰু এছআইটিয়ে যৌথভাৱে একাধিক স্থানত একেলগে অভিযান চলায়। সেই নিশাৰ অভিযানেই এই সমগ্ৰ ঘটনাৰ আটাইতকৈ নাটকীয় অধ্যায়ৰ সূচনা কৰে।

কৰ্মচাৰীৰ পৰা প্ৰাক্তন চালকলৈ… দান চুৰিত অভিযুক্ত কোন কোন?

যোৱা ২৫ জুনৰ নিশা। কেইবাদিন ধৰি নীৰৱে চলি থকা অনুসন্ধানৰ পিছত বিশেষ তদন্তকাৰী দল আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে একেলগে অভিযান আৰম্ভ কৰে। তদন্তকাৰীসকলৰ হাতত তেতিয়ালৈকে আছিল চিচিটিভি ফুটেজ, প্ৰাথমিক অডিট, কৰ্মচাৰীৰ বক্তব্য, বেংক লেনদেনৰ তথ্য আৰু বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা নথি। এই সকলো তথ্যৰ ভিত্তিতেই অভিযান চলোৱা হয়।

সেই নিশাই গ্ৰেপ্তাৰ কৰা হয় পাঁচজন অভিযুক্তক। তেওঁলোক হৈছে- লৱকুশ মিশ্ৰ, নিতিন, বিজয়, ধীৰজ আৰু মোহিত পাণ্ডে। আৰক্ষীৰ অভিযোগ অনুসৰি, এই ব্যক্তিসকল বিভিন্ন সময়ত দান গণনাৰ প্ৰক্ৰিয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল অথবা সেই প্ৰক্ৰিয়াত সহযোগিতা কৰিছিল।

তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, এই চক্ৰই কোনো এটা দিনত ডাঙৰ অংকৰ ধন আঁতৰোৱা নাছিল। বৰং কম কমকৈ ধন আঁতৰাই নিয়াৰ পদ্ধতি অৱলম্বন কৰিছিল, যাতে দৈনিক হিচাপত কোনো ডাঙৰ অমিল সহজে চকুত নপৰে। তদন্তকাৰীসকলৰ মতে, দীৰ্ঘ সময় ধৰি একে ধৰণৰ পদ্ধতি অনুসৰণ কৰাৰ ফলতেই সম্ভাৱ্য হেৰফেৰৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাইছিল।

লক্ষ্যণীয়ভাৱে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ ভিতৰত বিশেষভাৱে চৰ্চালৈ আহে লৱকুশ মিশ্ৰৰ নাম। আৰক্ষীৰ অভিযোগ অনুসৰি, তেওঁ ধন গণনাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত আছিল আৰু তদন্তত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। অৱশ্যে তেওঁৰ পৰিয়ালে এই অভিযোগ অস্বীকাৰ কৰিছে। সংবাদমাধ্যমৰ আগত তেওঁৰ আত্মীয়সকলে দাবী কৰে যে তদন্ত সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁলোকক সামাজিকভাৱে দোষী সাব্যস্ত কৰা উচিত নহয়।

আৰক্ষীয়ে আন এটা তথ্যও ৰাজহুৱা কৰে। তদন্তকালীন সময়ত কিছুমান অভিযুক্তৰ বাসগৃহত তালাচী চলাই নগদ ধন উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ ভাষ্য অনুসৰি, জব্দ কৰা ধনৰ উৎস সম্পৰ্কে সন্তোষজনক ব্যাখ্যা তেওঁলোকৰ পৰা পোৱা হোৱা নাই। অৱশ্যে এই ধন সম্পূৰ্ণৰূপে মন্দিৰৰ দানৰ ধন নে আন উৎসৰ, সেই বিষয়ত চূড়ান্ত সিদ্ধান্ত আদালতৰ বিচাৰ আৰু অধিক তদন্তৰ পিছতহে স্পষ্ট হ’ব।

এফআইআৰত ভাৰতীয় ন্যায় সংহিতাৰ বিশ্বাসভংগ, চুৰি, অপৰাধমূলক ষড়যন্ত্ৰ আৰু অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। তদন্তকাৰী সংস্থাই আদালতত যুক্তি দিয়ে যে ঘটনাটো আকস্মিক নহয়; ই এক সুপৰিকল্পিত আৰু সংঘবদ্ধ কাৰ্যকলাপ হোৱাৰ আশংকা আছে। সেইবাবে অভিযুক্তসকলক অধিক সময় জেৰা কৰাৰ প্ৰয়োজন।

গোচৰটোৰ তদন্ত আগবঢ়াৰ লগে লগে আন এটা নামো ৰাজহুৱাভাৱে আলোচনালৈ আহে-মন্দিৰ ন্যাসৰ প্ৰাক্তন চালক প্ৰদীপ শুক্লা। তদন্তকাৰী সংস্থাই তেওঁকো সোধা-পোছা কৰে। যদিও তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ আইনী প্ৰক্ৰিয়া পৃথকভাৱে চলি আছে, তথাপি ঘটনাটোৰ সৈতে তেওঁৰ সম্ভাৱ্য সংযোগ আছে নেকি, সেই বিষয়তো অনুসন্ধান অব্যাহত আছে।

অযোধ্যাৰ ৰাম মন্দিৰত সংঘটিত এই বৃহত্ কেলেংকাৰীক লৈ এতিয়া ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণো তীব্ৰতৰ হৈ পৰিছে। সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে পুনৰ দাবী কৰে যে কেৱল নিম্নপদস্থ কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিলেই তদন্ত সম্পূৰ্ণ বুলি ক’ব নোৱাৰি। তেওঁৰ মতে, দান ব্যৱস্থাপনাৰ সম্পূৰ্ণ শৃংখলাটো তদন্তৰ আওতালৈ অনা উচিত। কংগ্ৰেছেও একে ধৰণৰ প্ৰশ্ন উত্থাপন কৰি স্বতন্ত্ৰ আৰু স্বচ্ছ তদন্তৰ দাবী জনায়।

আনহাতে, শাসকীয় পক্ষই কয় যে অভিযোগ উত্থাপিত হোৱাৰ লগে লগেই তদন্ত আৰম্ভ কৰা হৈছে আৰু আইন নিজৰ পথত আগবাঢ়িছে। কোনো ব্যক্তিক কেৱল ৰাজনৈতিক অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত কৰা উচিত নহয় বুলিও তেওঁলোকে মন্তব্য কৰে।

ঘটনাটোৰ মাজতে ন্যাসৰ ভিতৰতো কিছু সাংগঠনিক পৰিবৰ্তন দেখা যায়।গোচৰটো পোহৰলৈ অহাৰ পিছতে দান ব্যৱস্থাপনাৰ সৈতে জড়িত কিছুমান কৰ্মচাৰীক তাৎক্ষণিকভাৱে দায়িত্বৰ পৰা আঁতৰাই দিয়া হয়। তদন্ত শেষ নোহোৱালৈকে তেওঁলোকৰ ভূমিকা স্থগিত ৰখা হয়। ন্যাসেও ঘোষণা কৰে যে দান গণনাৰ প্ৰক্ৰিয়া পুনৰ মূল্যায়ন কৰা হ’ব আৰু প্ৰয়োজন হ’লে নতুন নিৰাপত্তা ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব।

অযোধ্যাৰ সীমা অতিক্ৰম কৰি দেশজুৰি বিতৰ্ক

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ কৰাৰ অভিযোগ পোহৰলৈ অহাৰ পিছত এই ঘটনাকেৱল অপৰাধমূলক তদন্তৰ সীমাতেই আৱদ্ধ থকা নাই। এছ আই টিৰ অনুসন্ধান আগবঢ়াৰ লগে লগে বিষয়টোৱে উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। শাসকীয় দল, বিৰোধী দল, মন্দিৰ ন্যাস, আধ্যাত্মিক নেতা, আইনজীৱী আৰু বিভিন্ন সামাজিক সংগঠনে একেৰাহে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বৰ্তমান এই গোচৰৰ তদন্ত বিশেষ তদন্তকাৰী দলে অব্যাহত ৰাখিছে। আৰক্ষীয়ে ইতিমধ্যে ৮ জনতকৈও অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতৰ নিৰ্দেশত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। তদন্তকাৰী সংস্থাই নগদ ধন, নথি-পত্ৰ, চিচিটিভি ফুটেজ আৰু অন্যান্য ডিজিটেল প্ৰমাণৰ ভিত্তিত অনুসন্ধান অব্যাহত ৰাখিছে। তদন্তৰ পৰিসৰো ক্ৰমে বৃদ্ধি কৰা হৈছে।

এই ঘটনাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “এই ঘটনা অত্যন্ত স্পৰ্শকাতৰ। জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ সৈতে খেলা কৰা যিকোনো লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব। এছ আই টিতদন্ত চলি আছে আৰু অতি শীঘ্ৰেই সত্য পোহৰলৈ আহিব।”

উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী প্ৰতিভা শুক্লাই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰাম মন্দিৰৰ চান্দা বা দানৰ ধন চুৰি কৰা সকল পৰৱৰ্তী জন্মত কুকুৰ হৈ জন্ম হ’ব।”

চৰকাৰৰ এনে প্ৰতিক্ৰিয়াৰ বিপৰীতে শাসকীয় দলৰ বিৰুদ্ধে অধিক সোচ্চাৰ হৈ পৰিছে বিৰোধী দল-সংগঠন। সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, “ভগৱান ৰামৰ নামত দান কৰা পবিত্ৰ ধনৰ সুৰক্ষা চৰকাৰে কৰিব পৰা নাই। ই ভক্তসকলৰ বিশ্বাসৰ ওপৰত প্ৰচণ্ড আঘাত। চৰকাৰে এই সমগ্ৰ কেলেংকাৰীৰ স্পষ্টীকৰণ দিয়া উচিত আৰু ইয়াৰ এক নিৰপেক্ষ তদন্ত হ’ব লাগে।”

এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেইছীয়েও তদন্তৰ ধৰণক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ ভাষাত, “যদি এই ট্ৰাষ্টত কোনোবা মুছলমান ব্যক্তি থাকিলহেঁতেন, তেন্তে এতিয়ালৈকে পৰিস্থিতি বেলেগ হ’লহেঁতেন। কিন্তু এতিয়া আৰক্ষীয়ে এই গোচৰৰ উচ্চ পৰ্যায়ৰ অভিযুক্তসকলক জিম্মাত ল’বলৈ কিয় কুণ্ঠাবোধ কৰিছে?”

ইফালে, ৰাম মন্দিৰ ন্যাসৰ তদানীন্তন সাধাৰণ সম্পাদক চম্পত ৰায়ে আৰম্ভণিতে অভিযোগ অস্বীকাৰ কৰি কয়, “ট্ৰাষ্টৰ ধনৰ নিয়মীয়া হিচাপ-নিকাচ বা অডিট কৰা হয়। এতিয়ালৈকে তেনে কোনো ডাঙৰ খেলিমেলি বা অনিয়ম ধৰা পৰা নাই।”

কিন্তু বিতৰ্ক অধিক তীব্ৰ হোৱাৰ পিছত নৈতিক দায়িত্ব স্বীকাৰ কৰি চম্পত ৰায়ে নিজৰ পদৰ পৰা পদত্যাগ কৰে। তেওঁৰ পদত্যাগৰ পিছতো বিৰোধী দলসমূহে দাবী কৰে যে কেৱল পদত্যাগে বিষয়টোৰ অন্ত নপৰে; তদন্তৰ আওতালৈ ন্যাসৰ উচ্চপদস্থ সকলো দায়িত্বশীল ব্যক্তিক অনা উচিত।

ঘটনাটোক লৈ অযোধ্যাৰ স্থানীয় পৰ্যায়তো ভিন্ন প্ৰতিক্ৰিয়া দেখা যায়। একাংশ হিন্দু সংগঠনৰ স্থানীয় নেতাই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে, “হিন্দুৰ টকা হিন্দুৱে খোৱাত আপত্তি ক’ত?” এই মন্তব্যক কেন্দ্ৰ কৰিও সামাজিক মাধ্যম আৰু ৰাজনৈতিক মহলত ব্যাপক বিতৰ্কৰ সৃষ্টি হয়।

আনহাতে, ফৈজাবাদ অধিবক্তা সন্থাই এক কঠোৰ সামূহিক স্থিতি গ্ৰহণ কৰিছে। ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ডৰ কোনো অভিযুক্তৰ বিৰুদ্ধে কোনো অধিবক্তাই ওকালতি কৰিলে তেওঁৰ ওপৰত ৫ লাখ টকাৰ জৰিমনা আৰোপ কৰাৰ হুংকাৰ দিয়ে অধিবক্তা সমাজে।

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়েও ঘটনাটোক লৈ বিজেপি আৰু আৰ এছ এছক পোনপটীয়াকৈ লক্ষ্য কৰি তীব্ৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “এয়া ভগৱান ৰামৰ জন্মভূমি। ইয়াত বিজেপি আৰু আৰ এছ এছৰ একাংশ লোকে ব্যাপক দুৰ্নীতি আৰু চান্দা চুৰি কাণ্ড সংঘটিত কৰিছে। পূৰ্বতেও ১৪০০ কোটি টকাৰ খেলিমেলি হৈছিল, তাৰ পিছত ভূমি কেলেংকাৰী হ’ল আৰু এতিয়া পোনপটীয়াকৈ ভক্তই আগবঢ়োৱা দক্ষিণা আৰু সোণ-ৰূপৰ ইটা চুৰি কৰা হৈছে। এই চৰকাৰী এছ আই টিৰ কোনো অৰ্থ নাই। আমি দাবী জনাওঁ যে সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্তব্যৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰা হওক আৰু চম্পত ৰায়ৰ পৰা আৰম্ভ কৰি গোপাল ৰাওলৈকে সকলোকে অতি সোনকালে গ্ৰেপ্তাৰ কৰা হওক।”

অৱশ্যেইদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই। এছ আই টিয়ে একাধিক লোকক গ্ৰেপ্তাৰ কৰিছে, নতুন নতুন নথি-পত্ৰ সংগ্ৰহ কৰিছে আৰু আৰ্থিক লেনদেনৰ সূত্ৰ অনুসৰণ কৰি অনুসন্ধান অব্যাহত ৰাখিছে। এই গোচৰৰ চূড়ান্ত সত্য এতিয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰেই নিৰ্ধাৰিত হ’ব।

কিন্তু তদন্ত শেষ হোৱাৰ আগতেই অযোধ্যাৰ এই ঘটনাই বহু দূৰলৈ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ভক্তৰ দানৰ সুৰক্ষা, মন্দিৰ ন্যাসৰ জবাবদিহিতা, ৰাজনৈতিক অভিযোগ-প্ৰত্যাহ্বান, নৈতিক দায়িত্ব আৰু আইন-ব্যৱস্থাৰ ভূমিকা- এই সকলো বিষয় এতিয়া একেটা বিতৰ্কৰ অংশ হৈ পৰিছে।

শেহতীয়া সপ্তাহকেইটাত এই ঘটনাক লৈ যিমান ৰাজনৈতিক বাক্যবাণ চলিছে, সিমানেই সমান্তৰালভাৱে চলিছে আইনী প্ৰক্ৰিয়াও। উচ্চতম ন্যায়ালয়ে তাৎক্ষণিক শুনানিৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। তদন্তকাৰী সংস্থাই নিজৰ অনুসন্ধান অব্যাহত ৰাখিছে। অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল হোৱাৰ পিছত আদালতত আৰম্ভ হ’ব এই বহুচৰ্চিত গোচৰৰ পৰৱৰ্তী অধ্যায়।

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ লগত জড়িত আছিল কোটি কোটি মানুহৰ আৱেগ। এতিয়া সেই মন্দিৰকে কেন্দ্ৰ কৰি উত্থাপিত এই অভিযোগৰ চূড়ান্ত সত্যও নিৰ্ধাৰণ কৰিব আদালতে। তদন্তৰ ফলাফল যিয়েই নহওক, এই ঘটনাই ইতিমধ্যে ভাৰতৰ সাম্প্ৰতিক ৰাজনীতি, ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰিচালনা আৰু জনবিশ্বাসক লৈ আৰম্ভ কৰা বিতৰ্ক সহজে শেষ হোৱাৰ লক্ষণ এতিয়াও দেখা পোৱা নাই।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0