Home বিশ্বইউৰোপত অস্বাভাৱিক গ্ৰীষ্ম প্ৰবাহ

ইউৰোপত অস্বাভাৱিক গ্ৰীষ্ম প্ৰবাহ

বন্ধ আইফেল টাৱাৰৰ শিখৰ, সতৰ্কতা জাৰি

by News Next One
A+A-
Reset

পেৰিছ: ইউৰোপৰ পশ্চিমাঞ্চল তীব্ৰ গ্ৰীষ্ম প্ৰবাহে আগুৰি ধৰাৰ ফলত ফ্ৰান্স, ইটালী, জাৰ্মানী, ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালৰ কেইবাটাও অঞ্চলত ৰে’ড এলাৰ্ট জাৰি কৰা হৈছে। ছাহাৰাৰ গৰম বতাহৰ প্ৰভাৱত উষ্ণতা চৰম পৰ্যায়ত উপনীত হৈছে, যাৰ ফলত স্বাস্থ্য সতৰ্কতা, ভ্ৰমণত বাধা আৰু ৰাজহুৱা প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে।

পেৰিছত উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পূৰ্বাভাস দিয়া হৈছে, যাৰ বাবে আইফেল টাৱাৰৰ শিখৰ বৃহস্পতিবাৰলৈকে বন্ধ কৰা হৈছে। পূৰ্বৰ বুকিং নথকা দৰ্শনাৰ্থীসকলক পৰিকল্পনা পিছুৱাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে। মেটিঅ’-ফ্ৰান্সে পেৰিছ আৰু অন্যান্য কেইবাটাও অঞ্চলত ৰে’ড এলাৰ্ট জাৰি কৰিছে। জুন মাহত বৰষুণৰ অভাৱ আৰু শুকান মাটিৰ বাবে অগ্নিকাণ্ডৰ আশংকা বৃদ্ধি পাইছে।

ফ্ৰান্সত ১,৩০০ৰো অধিক বিদ্যালয় বন্ধ বা সীমিতভাৱে চলিছে। ইটালীত ২৭খন প্ৰধান চহৰৰ ১৭খনত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দুপৰীয়াৰ সময়ত বাহিৰৰ কাম নিষিদ্ধ কৰা হৈছে, যি নিষেধাজ্ঞা ছেপ্টেম্বৰৰ মাজভাগলৈ থাকিব। জাৰ্মানীৰ কল’নৰ পশ্চিম আৰু দক্ষিণৰ কেইবাখনো জিলাত গৰমৰ সতৰ্কতা জাৰি। কৰা হৈছে। সুইছ আল্পছত গৰমৰ প্ৰভাৱত তীব্ৰ ধুমুহাৰ ৰে’ড এলাৰ্ট জাৰি হৈছে।

বেলজিয়াম আৰু নেদাৰলেণ্ডতো অস্বাভাৱিক উষ্ণতা অব্যাহত আছে। ইফালে অঞ্চল বিশেষে বনজুইৰ আশংকাতো সতৰ্কতা জাৰি কৰা হৈছে। জলবায়ু বিশেষজ্ঞসকলে বিশ্বজুৰি উষ্ণতা বৃদ্ধিৰ বাবে এনে ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। মেটিঅ’-ফ্ৰান্সৰ পূৰ্বাভাস অনুসৰি, ২১০০ চনৰ ভিতৰত ফ্ৰান্সত বছৰি গৰমৰ দিনৰ সংখ্যা দহগুণ বৃদ্ধি পাব, গৰমৰ শিখৰ ৪০ ডিগ্ৰীৰ ওপৰত আৰু চৰম পৰ্যায়ত ৫০ ডিগ্ৰীলৈ উঠিব পাৰে।

প্ৰশাসনে নাগৰিকসকলক অপ্ৰয়োজনীয় বাহিৰৰ কাম এৰাই চলিবলৈ, পানী পান কৰি থাকিবলৈ আৰু ৰাজহুৱা শীতল সুবিধা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। ব’ৰ্জেছত স্থানীয় প্ৰশাসনে শীততাপ নিয়ন্ত্ৰিত গ্ৰন্থাগাৰ আৰু ৰাজহুৱা হল ৰাইজৰ বাবে মুকলি কৰিছে।

জলবায়ু গৱেষকসকলে সকীয়াই দিছে যে এই গৰমৰ লহৰ ভৱিষ্যতৰ গৰমৰ পূৰ্বাভাস হ’ব পাৰে। মেটিঅ’-ফ্ৰান্সে আশংকা প্ৰকাশ কৰা মতে ২১০০ চনৰ ভিতৰত ফ্ৰান্স ৪ ডিগ্ৰী অধিক ঊষ্ণ হ’ব আৰু ৪০ ডিগ্ৰীৰ উষ্ণতা স্বাভাৱিক হৈ পৰিব।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0