Home দেশকোভিড ভেকচিনৰ সৈতে কোনো সম্পৰ্ক নাই হৃদৰোগত ঘটা মৃত্যুৰ! সিদ্ধাৰমাইয়াৰ দাবীক বিভ্ৰান্তিকৰ আখ্যা কেন্দ্ৰৰ

কোভিড ভেকচিনৰ সৈতে কোনো সম্পৰ্ক নাই হৃদৰোগত ঘটা মৃত্যুৰ! সিদ্ধাৰমাইয়াৰ দাবীক বিভ্ৰান্তিকৰ আখ্যা কেন্দ্ৰৰ

by News Next One
A+A-
Reset

বাংগালুৰুঃ কোভিড টিকাকৰণৰ লগত কোনো সম্পৰ্ক নাই হৃদৰোগৰ মৃত্যুৰ। আইচিএমআৰ আৰু এইমছৰ বিশদ গৱেষণাৰ ভিত্তিত এই স্পষ্ট বাৰ্তা প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াৰ শেহতীয়া মন্তব্যক লৈ বুধবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

হাছান জিলাত একাধিক হৃদৰোগজনিত মৃত্যুৰ বাবে কোভিড টিকাকৰণক দোষাৰোপ কৰিছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই। খৰখেদাকৈ অনুমোদন আৰু বিতৰণ কৰা ভেকচিন মৃত্যুৰ কাৰণ হ’ব পাৰে বুলিও তেওঁ কয়। লগতে বুকুৰ বিষ বা উশাহ লোৱাত কষ্ট পোৱাৰ দৰে লক্ষণ দেখা দিলে তৎক্ষণাত স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈও পৰামৰ্শ দিয়ে।

কিন্তু কেন্দ্ৰীয় চৰকাৰে কয় যে সমগ্ৰ দেশতে এনে আকস্মিক মৃত্যুৰ কাৰণ সম্পৰ্কে বিস্তৃত তদন্ত কৰিছে বিভিন্ন সংস্থাই, আৰু টিকাকৰণৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক পোৱা নাই। আইচিএমআৰ আৰু এনচিডিচিৰ গৱেষণাৰ মতে ভাৰতত ব্যৱহৃত কোভিড ভেকচিন সম্পূৰ্ণ নিৰাপদ আৰু ফলপ্ৰসূ। গুৰুতৰ পাৰ্শ্বক্ৰিয়া অত্যন্ত বিৰল।

আইচিএমআৰ আৰু এনচিডিচিয়ে বিশেষকৈ ১৮–৪৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত হঠাৎ মৃত্যুৰ ওপৰত দুটা অধ্যয়ন চলাইছে। প্ৰথমটো হৈছে অতীতৰ তথ্য বিশ্লেষণৰ ভিত্তিত ‘কেছ কণ্ট্ৰ’ল ষ্টাডি’, আৰু দ্বিতীয়টো হৈছে এইমছে চলোৱা চলি থকা অধ্যয়ন, যিয়ে বাস্তৱসন্মতভাৱে মৃত্যুৰ কাৰণ চিনাক্ত কৰাত সহায় কৰিছে।

আইচিএমআৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি (এনআইই)ৰ দ্বাৰা কৰা প্ৰথমটো অধ্যয়ন ২০২৩ চনৰ মে’ৰ পৰা আগষ্টলৈকে দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন চিকিৎসালয়ত কৰা হৈছিল। ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত হঠাৎ মৃত্যু হোৱা যুৱক-যুৱতীসকলৰ তথ্য বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হয় যে কোভিড ভেকচিনে এই মৃত্যুৰ আশংকা বৃদ্ধি কৰা নাই।

দিল্লীৰ এইমছত দ্বিতীয়টো অধ্যয়ন এতিয়াও চলি আছে। কিন্তু প্ৰাথমিক তথ্য অনুসৰি এই বয়সৰ লোকৰ মৃত্যুৰ প্ৰধান কাৰণ হৃদৰোগ বা মায়োকাৰ্ডিয়াল ইনফাৰ্কচন (এমআই)। উল্লেখযোগ্য যে পূৰ্বৰ বছৰৰ তুলনাত মৃত্যুৰ প্ৰকৃতিৰ কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাছিল। বেছিভাগ ক্ষেত্ৰতে জিনীয় মিউটেচনকো সম্ভাৱ্য কাৰণ হিচাপে চিনাক্ত কৰা হৈছে।

এই দুয়োটা অধ্যয়ন মিলি স্পষ্ট কৰি দিয়ে যে হঠাৎ মৃত্যুৰ মূল কাৰণ কোভিড ভেকচিন নহয়, বৰঞ্চ জীৱনশৈলী, জিনীয় সমস্যা, আৰু পূৰ্বৰ চিকিৎসাজনিত অৱস্থা।

স্বাস্থ্য মন্ত্ৰালয়ে কয়, “কোভিড টিকাকৰণ আৰু হঠাৎ মৃত্যুৰ মাজত সম্পৰ্ক আছে বুলি এনেধৰণৰ বক্তব্য অসত্য আৰু বিভ্ৰান্তিকৰ।এইবোৰ কোনো বৈজ্ঞানিক তথ্য বা সিদ্ধান্তৰ ভিত্তিত নহয়।”

এনে ‘জল্পনা-কল্পনাৰ’ মন্তব্যই মানুহৰ মাজত ভেকচিনৰ ওপৰত আস্থাৰ সংকটৰ সৃষ্টি কৰিব পাৰে, যিটো জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰালয়ে। ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে প্ৰমাণভিত্তিক স্বাস্থ্য গৱেষণাৰ প্ৰতি দায়বদ্ধ হৈ থাকিব বুলি উল্লেখ কৰে চৰকাৰে।

মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই ইয়াৰ পূৰ্বে কৈছিল, “কেৱল হাছান জিলাতে যোৱা এমাহত ২০ জনতকৈ অধিক লোকৰ হাৰ্ট এটেকত মৃত্যু হৈছে। চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে চোৱাচিতা কৰিছে।”

তেওঁ আৰু কয়, “এই মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ জয়দেৱ কাৰ্ডিঅ’ভাস্কুলাৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰবীন্দ্ৰনাথৰ নেতৃত্বত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে। তেওঁলোকক ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।”

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0