গুৱাহাটীঃ জলজীৱন মিছনৰ দৰে আঁচনি হাতত লোৱা সত্ত্বেও অসমৰ শতাধিক গাঁৱত আজিও গাঁওবাসীয়ে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। বিপৰীতে ১০ বছৰীয়া পৰিৱৰ্তনৰ প্ৰভাৱত বিশুদ্ধ খোৱাপানীৰ অভাৱত থকা গাঁৱৰ ডেকাই চাইকেল অথবা মটৰ চাইকেলৰ এপাকতে লাভ কৰে হৰেক ৰকমৰ বীয়েৰ-হুইস্কিৰ বটল। ঋণত পোত যোৱা বিজেপি চৰকাৰে জনস্বাস্থ্যৰ দিশটোক চূড়ান্তভাৱে অৱজ্ঞা কৰি কেৱল ৰাজহ সংগ্ৰহতে অত্যধিক গুৰুত্ব প্ৰদান কৰি জধে-মধে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ ফলতে অসমত যোৱা ১০ বছৰত ৱাইনশ্বপৰ সংখ্যা ৬৪.৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।
একেদৰে এই সময়ছোৱাত বাৰ বৃদ্ধি পাইছে ১২৪ শতাংশ। আবকাৰী বিভাগৰ পৰিসংখ্যা অনুযায়ী বিজেপিয়ে শাসনভাৰ লোৱাৰ আগলৈকে ২০১৬ চনৰ আৰম্ভণিতে অসমত ৱাইনশ্বপৰ সংখ্যা আছিল মাত্ৰ ১,১১৬ খন আৰু বাৰ আছিল ৪৭৪ খন। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত অৰ্থাৎ বিজেপি চৰকাৰৰ প্ৰথম ৫ বছৰীয়া কাৰ্যকালত ২০২১ চনলৈ ৰাজ্যখনত ৱাইনশ্বপৰ সংখ্যা ১,১১৬ খনৰ পৰা বাঢ়ি হৈছিলগৈ ১,২৩৪ খন। বিজেপি চৰকাৰৰ প্ৰথম ৫ বছৰীয়া কাৰ্যকালত সেই বৃদ্ধি আছিল তেনেই নগণ্য। কিন্তু ২০২১ চনত ড০ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পিছতে ৰাজ্যত সুৰাৰ বিপণীৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাবলৈ লয়।
২০২১ চনৰ পৰা ২০২৫ চনৰ সময়ছোৱাত নতুনকৈ ৰাজ্যত ৬০২ খন ৱাইনশ্বপ গঢ় লৈ উঠে। একেদৰে ২০১৬ চনৰ ৪৭৪ খন বাৰৰ পৰা গৈ ২০২৫ চনত ৰাজ্যখনত দুগুণতকৈও অধিক বৃদ্ধি হৈ বাৰ হয়গৈ ১,০৬০ খন। সেই হিচাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰাজ্যখনত সুৰাৰ বিপণীৰ সংখ্যা প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে বুলি ক’ব পৰা যায়। সুৰাৰ বিপণী এনেদৰে বৃদ্ধি পোৱাৰ ফলত গাঁৱে-ভূঞে পূৰ্বতকৈও অধিক হাৰত সুৰা উভৈনদী হৈ পৰে। ইয়াৰ লগে লগে ৰাজ্যখনৰ ৰাজকোষো একপ্ৰকাৰ সুৰা নিৰ্ভৰ হৈ পৰে। ২০১৬ চনত সুৰাৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ আছিল ১,৪৩৩ কোটি।
২০২৫ চনত সেই হাৰ বৃদ্ধি হৈ হয়গৈ ৪,৮০০ কোটি। যোৱা ১০ বছৰত সুৰাৰ পৰা লাভ কৰা ৰাজহৰ এই বৃদ্ধিৰ হাৰ হৈছে প্ৰায় ২৩৫ শতাংশ। জনস্বাস্থ্যৰ সৈতে হেতালি খেলি কেৱল ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে এইদৰে সুৰাৰ বিপণী বৃদ্ধি কৰাৰ ফলত এই সময়ছোৱাত ৰাজ্যখনত সামাজিক ক্ষেত্ৰখনতো একাধিক নেতিবাচক প্ৰভাৱ পৰা দেখা গৈছে। বিশেষকৈ যুৱ প্ৰজন্মৰ অধিকাংশ এতিয়া সহজতে সুৰাৰ প্ৰতি আসক্ত হৈ পৰিছে। একেদৰে সুৰাপান কৰি গাড়ী চলোৱা লোকৰ সংখ্যাও এই সময়ছোৱাত বৃদ্ধি পোৱাত পথ দুৰ্ঘটনাত অকালতে হেৰাই গৈছে বহু লোক।
অৱশ্যে যোৱা ১০ বছৰত ৰাজ্যখনত সুৰাপায়ী লোকৰ সংখ্যা হ্ৰাস পাইছে নে বৃদ্ধি পাইছে সেই তথ্য উপলব্ধ নহয়। কিয়নো ২০১৯-২১ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য ছাৰ্ভেৰ পিছত নতুন ছাৰ্ভে আজিলৈকে প্ৰকাশ পোৱা নাই। ২০১৯-২১ বৰ্ষৰ এনএইচএফএছৰ সমীক্ষা অনুযায়ী ভাৰতত অধিক সুৰাপান কৰা লোক থকা ৰাজ্যসমূহৰ ভিতৰত অসমো আছিল অন্যতম। সেই হিচাপত চাবলৈ গ’লে লগতে বিগত সময়ছোৱাত সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধি হোৱা দিশটোও যোগ কৰিলে ৰাজ্যখনত সুৰাৰ বিপণী বৃদ্ধিৰ লগে লগে সুৰাপায়ী লোকৰ সংখ্যাও যে দ্ৰুতগতিত বৃদ্ধি পাইছে সেয়া অনুমান কৰিব পাৰি।